শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

হুৰমূৰকৈ ভাঙি পৰিল দলং, নদীত পৰিল কেইবাজনো পৰ্যটকঃ ৬ জনৰ মৃতদেহ উদ্ধাৰ, অব্যাহত উদ্ধাৰ অভিযান

পুনেৰ কুণ্ডমালা অঞ্চলত ইন্দ্ৰায়নী নদীৰ ওপৰত থকা এখন জৰাজীৰ্ণ দলং ভাঙি পৰাৰ ফলত সৃষ্টি হৈছে ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। হঠাতে দলংখন ভাঙি পৰাৰ ফলত প্ৰায় ২৫ৰ পৰা ৩০জন পৰ্যটক নদীত বাগৰি পৰে। এই পৰ্যন্ত পোহৰলৈ অহা তথ্য অনুসৰি ৬ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে নদীত বাগৰি পৰা কিছু লোকক ইতিমধ্যে উদ্ধাৰ কৰা হৈছে।

হুৰমূৰকৈ ভাঙি পৰিল দলং, নদীত পৰিল কেইবাজনো পৰ্যটকঃ ৬ জনৰ মৃতদেহ উদ্ধাৰ, অব্যাহত উদ্ধাৰ অভিযান
পুনেত ভয়ংকৰ ঘটনাImage Credit source: PTI
monjit-dutta
Monjit Dutta | Updated On: 15 Jun 2025 18:23 PM

মহাৰাষ্ট্ৰৰ পুনেত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। পুনেৰ কুণ্ডমালা অঞ্চলত ইন্দ্ৰায়নী নদীৰ ওপৰত থকা এখন জৰাজীৰ্ণ দলং ভাঙি পৰাৰ ফলত সৃষ্টি হৈছে ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। দলংখন ভাঙি পৰাৰ সময়ত বহু পৰ্যটক উপস্থিত আছিল। ধাৰাসাৰ বৰষুণৰ পিছত নদীত বৃদ্ধি পোৱা পানীৰ সোঁত পৰিদৰ্শনৰ বাবে সেই স্থানলৈ গৈছিল পৰ্যটকসকল। হঠাতে দলংখন ভাঙি পৰাৰ ফলত প্ৰায় ২৫ৰ পৰা ৩০জন পৰ্যটক নদীত বাগৰি পৰে। এই পৰ্যন্ত পোহৰলৈ অহা তথ্য অনুসৰি ৬ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে নদীত বাগৰি পৰা কিছু লোকক ইতিমধ্যে উদ্ধাৰ কৰা হৈছে।

এই ঘটনা মাভালৰ তালেগাওঁ দভাদে চহৰত সংঘটিত হৈছে। স্থানীয় ৰাইজৰ মাজত ই এক বিখ্যাত পৰ্যটন স্থলী। তথ্য অনুসৰি পুনেৰ ইন্দ্ৰায়নী নদীৰ ওপৰত নিৰ্মিত দলঙৰ এটা অংশ ভাঙি পৰাৰ ফলত এনে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে। এই দুৰ্ঘটনাত ২৫ৰ পৰা ৩০জন পৰ্যটক নদীত বাগৰি পৰে। তথ্য অনুসৰি দুই-তিনি দিন পূৰ্বে দলংখন বন্ধ কৰি দিয়া হৈছিল। অৱশ্যে দলঙৰ সমীপত কোনো আৰক্ষী উপস্থিত নাছিল।

জৰাজীৰ্ণ অৱস্থাৰ বাবে বন্ধ কৰি দিয়া হৈছিল এই দলংখন। কিন্তু দলংখন ভাঙি যোৱাৰ সময়ত দলঙৰ ওপৰত বহু লোক সমবেত হৈ আছিল। বৰষুণৰ পিছত নদীত পানীৰ দ্ৰুত সোঁত চোৱাৰ উদ্দেশ্যে এই লোকসকল দলঙৰ ওপৰলৈ উঠিছিল। ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছত স্থানীয় আৰক্ষী, গাঁৱৰ বাসিন্দা আৰু দুৰ্যোগ সাহায্য কৰ্মী তাৎক্ষণিকভাৱে ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে।

বিগত দুদিন ধৰি মাভাল অঞ্চলত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ইন্দ্ৰায়নীৰ জলপৃষ্ঠ বৃদ্ধি পাইছে। এনে পৰিস্থিতিত নদীত পৰি যোৱা পৰ্যটকসকলক উদ্ধাৰৰ বাবে প্ৰশাসনে ব্যাপক প্ৰচেষ্টা চলাবলগা হৈছে।  উদ্ধাৰ অভিযানত এই পৰ্যন্ত ৭জন লোকক উদ্ধাৰ কৰা হৈছে বুলি স্থানীয় এগৰাকী বিষয়াই জানিবলৈ দিয়ে।

 

ইফালে স্থানীয় লোকে প্ৰশাসনৰ গাফিলতিৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি অভিযোগ তুলিছে। ইতিপূৰ্বেই বন্ধ কৰি দিয়া দলং এখনত কিদৰে ইমানসংখ্যক লোক উঠিল, সেই বিষয়ত প্ৰশ্ন উত্থাপন কৰিছে বহু লোকে। একে সময়তে ঘটনাস্থলীত উপস্থিত থকা লোকসকলে প্ৰশাসনক এই দুৰ্ঘটনাৰ বিষয়ে অৱগত কৰিছিল যদিও উদ্ধাৰ অভিযান বহু পলমকৈ আৰম্ভ হৈছিল বুলিও স্থানীয় লোকে দাবী কৰিছে।

এই ভয়ংকৰ দুৰ্ঘটনা সন্দৰ্ভত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছে সংমণ্ডল আয়ুক্ত, তহচিলদাৰ আৰু আৰক্ষী আয়ুক্তৰ সৈতে আলোচনা কৰা বুলি জানিবলৈ দিয়ে। তেওঁ অৱশ্যে দুৰ্ঘটনাত কোনো লোকৰ মৃত্যুৰ খবৰ সন্দৰ্ভত নিশ্চিত তথ্য লাভ নকৰাৰ বাবে তাৎক্ষণিকভাৱে এই বিষয়ত মন্তব্য কৰাটো উচিত নহ’ব বুলিও উল্লেখ কৰে। সম্পূৰ্ণ তথ্য পোৱাৰ পিছতহে এই বিষয়ে তথ্য প্ৰকাশ কৰা হ’ব বুলি তেওঁ লগতে কয়।