পাৰমাণবিক চুক্তিয়েহে বচাব ইৰাণক, ট্ৰাম্পৰ সকীয়নি
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দূৰত্ব বজাই ইৰাণক সকীয়াই দিছে। আজি তেওঁৰ ট্ৰুথ হেণ্ডেলত এটা পোষ্টত ৰাষ্ট্ৰপতিগৰাকীয়ে লিখিছে, "মই ইৰাণক এটাৰ পিছত এটাকৈ সুযোগ দিছো। ইয়াৰ মাজতে সেই দেশত মৃত্যুৰ তাণ্ডৱ চলিছে। ৰাজধানীখন ধ্বংসাৱশেষলৈ পৰিণত হৈছে। কিন্তু তেওঁলোকৰ এই আক্ৰমণ বন্ধ কৰাৰ সুযোগ এতিয়াও আছে।"
ইজৰাইল-ইৰাণৰ মাজত উদ্ভৱ হৈছে যুদ্ধসদৃশ পৰিৱেশ । শুকুৰবাৰে ইজৰাইলে ইৰাণৰ ওপৰত আক্ৰমণ চলোৱা পাচত শনিবাৰে ইৰাণে প্ৰত্যাক্ৰমণ কৰে। এই আক্ৰমণত আমেৰিকা জড়িত নহয় বুলি উল্লেখ কৰিছে আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই। কোনো ধৰণৰ কাৰ্যক উচটনি দিয়া নাছিল আমেৰিকাই। আনহাতে ৰুবিঅ’ই আমেৰিকাক এই সংঘাতৰ পৰা আঁতৰাই নিবলৈ চেষ্টা কৰিছে। সেই পৰিবেশত ট্ৰাম্পৰ কণ্ঠত শুনা গৈছে এক সুকীয়া সুৰ। অৱশ্যে তেওঁ দেশখনৰ ৰাষ্ট্ৰপতি। গতিকে, তেওঁৰ নীতি যে শেষ নীতি, তাত কোনো সন্দেহ নাই।
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দূৰত্ব বজাই ইৰাণক সকীয়াই দিছে। আজি তেওঁৰ ট্ৰুথ হেণ্ডেলত এটা পোষ্টত ৰাষ্ট্ৰপতিগৰাকীয়ে লিখিছে, “মই ইৰাণক এটাৰ পিছত এটাকৈ সুযোগ দিছো। ইয়াৰ মাজতে সেই দেশত মৃত্যুৰ তাণ্ডৱ চলিছে। ৰাজধানীখন ধ্বংসাৱশেষলৈ পৰিণত হৈছে। কিন্তু তেওঁলোকৰ এই আক্ৰমণ বন্ধ কৰাৰ সুযোগ এতিয়াও আছে।”
ট্ৰাম্পে লগতে কয়, “পৰৱৰ্তী আক্ৰমণ আৰু অধিক নিষ্ঠুৰ হ’ব। সকলো শেষ হোৱাৰ আগতেই পাৰমাণৱিক চুক্তিত স্বাক্ষৰ কৰক। নহ’লে পৰৱৰ্তী ইজৰাইলী আক্ৰমণৰ বাবে একো নাথাকিব।”
ইজৰাইলৰ এই আক্ৰমণত ইতিমধ্যে ইৰাণৰ ৰিভল্যুচনেৰী গাৰ্ডৰ মুৰব্বী হোছেইন চালামী নিহত হৈছে। কিন্তু তেওঁৰ মৃত্যুৰ পিছত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেই যুদ্ধৰ পৰিস্থিতিত দেশখনৰ সেনা পৰিচালনাৰ বাবে নতুন মুৰব্বী নিযুক্তি দিয়ে। সেনাধ্যক্ষৰ উপৰি ৬ গৰাকী পাৰমাণৱিক বিজ্ঞানীৰো মৃত্যু হৈছে। ট্ৰাম্পে দাবী কৰে যে, “ইৰাণৰ শীৰ্ষ নেতাসকল ইতিমধ্যে মৃত্যুমুখত পৰিছে। ভৱিষ্যত সংকটত পৰিছে। কিন্তু এতিয়াও সময় আছে। চুক্তিৰ পথত খোজ দিয়ক।”