শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

মহাৰাষ্ট্ৰত দুৰ্ঘটনাত পতিত হেলিকপ্টাৰঃ পাইলটসহ চাৰিজন আহত

মহাৰাষ্ট্ৰৰ পুনেত দুৰ্ঘটনাত পতিত হৈছে মুম্বাইৰ পৰা হায়দৰাবাদ অভিমুখী এখন হেলিকপ্টাৰ। এই দুৰ্ঘটনাত আহত হৈছে পাইলটসহ হেলিকপ্টাৰখনত থকা চাৰিজন লোক। পুনেৰ পৌদ গাঁৱত সংঘটিত হৈছে এই দুৰ্ঘটনা।

মহাৰাষ্ট্ৰত দুৰ্ঘটনাত পতিত হেলিকপ্টাৰঃ পাইলটসহ চাৰিজন আহত
দুৰ্ঘটনাত পতিত হেলিকপ্টাৰখন
monjit-dutta
Monjit Dutta | Updated On: 24 Aug 2024 16:24 PM

মহাৰাষ্ট্ৰৰ পুনেত সংঘটিত হৈছে এক হেলিকপ্টাৰ দুৰ্ঘটনা। দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখন মুম্বাইৰ পৰা হায়দৰাবাদ অভিমুখে ৰাওনা হৈছিল বুলি জানিব পৰা গৈছে। হেলিকপ্টাৰখন পুনেৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হৈ মাটিত বাগৰি পৰে। দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখন এক ব্যক্তিগত বিমান কোম্পানীৰ আছিল বুলি জানিব পৰা গৈছে। প্ৰকাশিত খবৰ অনুসৰি হেলিকপ্টাৰখনত পাইলটসহ মুঠ ৪জন লোক আছিল। দুৰ্ঘটনাৰ ফলত এই আটাইকেইজন লোক আহত হোৱা বুলি খবৰ প্ৰকাশ পাইছে।

পুনে গ্ৰাম্যৰ আৰক্ষী অধীক্ষক পংকজ দেশমুখে ইতিমধ্যে এই হেলিকপ্টাৰ দুৰ্ঘটনাৰ বিষয়ে নিশ্চিত কৰিছে। দুৰ্ঘটনাত আহত হোৱা লোকসকলক তাৎক্ষণিকভাৱে চিকিৎসালৈ প্ৰেৰণ কৰা হয় আৰু সম্প্ৰতি আটাইকেইজন লোক চিকিৎসাধীন হৈ আছে বুলি তেওঁ লগতে কয়। পুনেৰ পৌদ গাঁৱত সংঘটিত হৈছে এই দুৰ্ঘটনা।

ইফালে হেলিকপ্টাৰখন কি কাৰণত দুৰ্ঘটনাগ্ৰস্ত হৈছিল সেই সম্পৰ্কে কোনো তথ্য এইপৰ্যন্ত পোহৰলৈ অহা নাই। প্ৰাৰম্ভিক তদন্তত হেলিকপ্টাৰখনত কাৰিকৰী বিজুতি থকাৰ কথা পোহৰলৈ আহিছে বুলি প্ৰকাশ পাইছে। এই ঘটনাৰ এটা ভিডিঅ’ও সম্প্ৰতি পোহৰলৈ আহিছে।

লক্ষণীয়ভাৱে বৰষুণৰ বাবে শেহতীয়া সময়ছোৱাত পুনেৰ বতৰো ঠিক নহয়। এনে বেয়া বতৰৰ বাবেই হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হ’ব পাৰে বুলি আশংকা কৰা হৈছে। দুৰ্ঘটনাৰ বিষয়ে খবৰ লাভ কৰাৰ পিছতে স্থানীয় আৰক্ষী প্ৰশাসনৰ এটা দল ঘটনাস্থলীত উদ্ধাৰ হয় আৰু পাইলটসহ হেলিকপ্টাৰখনত থকা আটাইকেইজন লোকক উদ্ধাৰ কৰে।

দুৰ্ঘটনাস্থলীত সাহায্য আৰু উদ্ধাৰ অভিযানৰ বাবে এটা দল উপস্থিত আছে বুলি কৰ্তৃপক্ষই সদৰী কৰিছে। এই ঘটনাৰ এক ভাইৰেল ভিডিঅ’ত হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হোৱা ঠাইত হেলিকপ্টাৰখনৰ ধ্বংসাৱশেষ বিয়পি পৰা দেখিবলৈ পোৱা গৈছে। ইফালে দুৰ্ঘটনাত পাইলটজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে প্ৰকাশ কৰিছে। আহত আন তিনিজন লোকৰ স্বাস্থ্যৰ অৱস্থা সংকটমুক্ত বুলি তেওঁ লগতে সদৰী কৰিছে।