শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ত্ৰিপুৰাত ধাৰাসাৰ বৰষুণ: বৰ্তমানলৈ ২২জন লোকৰ মৃত্যু, ১৭ লাখ লোক ক্ষতিগ্ৰস্ত

ৰাজহ বিভাগৰ সচিব ব্ৰজেশ পাণ্ডেয়ে কয় যে ২,০৩২টা স্থানৰ পৰা ভূমিস্খলনৰ খবৰ পোৱা গৈছে। যাৰ ভিতৰত ১,৭৮৯খন আন ঠাই পৰিষ্কাৰ কৰা হৈছে। অন্য ঠাইত উদ্ধাৰৰ কাম চলি আছে।অসম ৰাইফলছে কৈছে যে ৰাজ্যজুৰি ৭৫০গৰাকীতকৈও অধিক লোকক স্থানান্তৰ কৰা হৈছে। তেওঁলোকে কোৱা অনুসৰি অসম ৰাইফলছৰ মহিলা ৰাইফলসকলে ত্ৰিপুৰাত উদ্ধাৰ আৰু সাহায্য অভিযানৰ নেতৃত্ব দিছে।

ত্ৰিপুৰাত ধাৰাসাৰ বৰষুণ: বৰ্তমানলৈ ২২জন লোকৰ মৃত্যু, ১৭ লাখ লোক ক্ষতিগ্ৰস্ত
ত্ৰিপুৰাত ধাৰাসাৰ বৰষুণ
trishna-kalita
Trishna Kalita | Published: 23 Aug 2024 13:59 PM

বিগত কেইদিনমানৰ পৰা ত্ৰিপুৰাত অব্যাহত আছে ধাৰাসাৰ বৰষুণ। বৰষুণৰ ফলত কমেও ২২জন লোক নিহত হোৱাৰ উপৰিও আন দুজন সন্ধানহীন হৈ আছে। বিষয়াসকলে দিয়া তথ্য অনুসৰি ধাৰাসাৰ বৰষুণৰ ফলত তেওঁলোকৰ ঘৰ ক্ষতিগ্ৰস্ত হোৱাৰ বাবে ৬৫,৪০০ৰো অধিক লোকে ৪৫০টা সাহায্য শিবিৰত আশ্ৰয় লৈছে।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী মানিক সাহাই এটা ফেচবুক পোষ্টত লিখিছিল যে শান্তিৰ বজাৰৰ অশ্বনী ত্ৰিপুৰা পাৰা আৰু দেবিপুৰত ভূমিস্খলনৰ ফলত ১০ লোক ধ্বংসাৱশেষৰ তলত ভুমিস্থ হৈছিল। তেওঁ কয়, “মই মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ। এয়া এক অপূৰণীয় ক্ষতি। ৰাজ্য চৰকাৰে মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে।”

ইয়াৰ পূৰ্বে ৰাজহ বিভাগৰ সচিব ব্ৰজেশ পাণ্ডেই কৈছে যে ৰাজ্যখনত ধাৰাসাৰ বৰষুণৰ ফলত ১২জন লোকৰ মৃত্যু হৈছে। তেওঁ কৈছিল যে,” এতিয়ালৈকে ১২জন লোকে প্ৰাণ হেৰুৱাইছে আৰু দুজন লোক সন্ধানহীন হৈ আছে।” প্ৰাথমিক প্ৰতিবেদনত কোৱা হৈছে যে ৰাজ্যখনৰ আন্তঃগাঁথনি আৰু কৃষিজাত শস্যৰ লগতে ঘৰ আৰু পশুধনৰ যথেষ্ট ক্ষতিসাধন হৈছে।

বিষয়াসকলে কৈছে যে, উত্তৰ-পূবৰ ৰাজ্যখনত প্ৰায় ১৭ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে। ব্ৰিজেশ পাণ্ডেয়ে কৈছিল যে ২.০৩২ টা স্থানৰ পৰা ভূমিস্খলনৰ খবৰ পোৱা গৈছে।যাৰ ভিতৰত ১,৭৮৯খন আন ঠাই পৰিষ্কাৰ কৰা হৈছে। অন্য ঠাইত উদ্ধাৰৰ কাম চলি আছে। তেওঁ কৈছে যে কেন্দ্ৰই গোমতী আৰু দক্ষিণ ত্ৰিপুৰা জিলাত আৱদ্ধ লোকসকলক উদ্ধাৰ কৰিবলৈ দুখন হেলিকপ্টাৰ প্ৰদান কৰিছে।

অসম ৰাইফলছে দিয়া তথ্য অনুসৰি ৰাজ্যজুৰি ৭৫০তকৈও অধিক লোকক স্থানান্তৰ কৰা হৈছে। লগতে অসম ৰাইফলছৰ মহিলা ৰাইফলসকলে ত্ৰিপুৰাত উদ্ধাৰ আৰু সাহায্য অভিযানৰ নেতৃত্ব দিছে। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ৪টা উদ্ধাৰকাৰী দল মোতায়েন কৰা হৈছে। যাৰ ভিতৰত আছে পূব কাঞ্চনবাৰী, কুমাৰঘাট, উনাকোটি জিলা, গোমতী জিলাৰ অমৰপুৰ, বিশলগড়, চেপাহিজালা আৰু ত্ৰিপুৰা পশ্চিম।