দেশৰ কেইবাখনো ৰাজ্যত ধুমুহা-বৰষুণৰ তাণ্ডৱ! বহু লোকৰ মৃত্যু, দিল্লীত ভয়ংকৰ পৰিস্থিতি…
ধুমুহা-বৰষুণৰ ফলত দিল্লী-এনচিআৰকে ধৰি বহু ৰাজ্যত বিদ্যুতৰ খুঁটা, গছ-গছনি বাগৰি পৰাৰ ফলত জীৱন আৰু সা-সম্পত্তিৰ যথেষ্ট ক্ষতিসাধন হৈছে। বুধবাৰে সন্ধিয়া ঘণ্টাত ৭৯ কিলোমিটাৰ বেগত অহা প্ৰচণ্ড ধুমুহাৰ লগতে বৰষুণ আৰু শিলাবৃষ্টি হয়। ইয়াৰ বাবে বহু অঞ্চলত গছ-গছনি, বিদ্যুতৰ খুঁটা আৰু হৰ্ডিং বাগৰি পৰে।

দিনটোৰ গৰম আৰু আৰ্দ্ৰতাৰ অন্তত দিল্লী-এনচিআৰকে ধৰি বহু ৰাজ্যত প্ৰচণ্ড ধুমুহা-বৰষুণ আৰু শিলাবৃষ্টিৰ ফলত বহু অঞ্চলত গছ-গছনি বাগৰি পৰে। বহু ঠাইত পানী জমা হোৱাৰ লগতে তীব্ৰ যান-জঁটৰ সৃষ্টি হয়। দিল্লী বিমানবন্দৰত বিমান পৰিবহণ ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে মেট্ৰ’ যাত্ৰীসকল ঘণ্টাৰ পিছত ঘণ্টা আৱদ্ধ হৈ পৰে।
ধুমুহা-বৰষুণৰ ফলত দিল্লী-এনচিআৰকে ধৰি বহু ৰাজ্যত বিদ্যুতৰ খুঁটা, গছ-গছনি বাগৰি পৰাৰ ফলত জীৱন আৰু সা-সম্পত্তিৰ ক্ষতি হৈছে। বুধবাৰে সন্ধিয়া ঘণ্টাত ৭৯ কিলোমিটাৰ বেগত অহা প্ৰচণ্ড ধুমুহাৰ লগতে বৰষুণ আৰু শিলাবৃষ্টি হয়। ইয়াৰ বাবে বহু অঞ্চলত গছ-গছনি, বিদ্যুতৰ খুঁটা আৰু হৰ্ডিং বাগৰি পৰে। একে সময়তে বেয়া বতৰৰ বাবে ক্ষতিগ্ৰস্ত হৈছে মেট্ৰ’ ৰে’ল আৰু বিমান যাতায়ততো, যাৰ বাবে বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে যাত্ৰীসকলে। বহু স্থানত গভীৰ নিশালৈকে ব্যাহত হৈ থাকে বিদ্যুৎ যোগান ।
#WATCH | Delhi | A tree fell, affecting two vehicles, near the Hazarat Nizamuddin Police Station as the national capital witnessed heavy rainfall accompanied by wind. pic.twitter.com/jlagecqtAT
— ANI (@ANI) May 21, 2025
বিমান পৰিচালনাৰ ওপৰত প্ৰভাৱ
ইণ্ডিগ’ই ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত এটা পোষ্টত কয় যে দিল্লী, চণ্ডীগড় আৰু কলকাতাত হোৱা প্ৰবল বৰষুণ আৰু ধুমুহাৰ বাবে বিমানৰ সময় প্ৰভাৱিত হৈছে। এয়াৰ ইণ্ডিয়াই ‘এক্স’ত এটা পোষ্টত কয় যে বৰষুণ আৰু ধুমুহাৰ বাবে দিল্লীলৈ অহা-যোৱা কৰা বিমান সেৱা ব্যাহত হ’ব পাৰে। স্পাইচজেটে ‘এক্স’ত এটা পোষ্টত কৈছিল যে দিল্লীৰ বেয়া বতৰ (প্ৰচণ্ড বৰষুণৰ সৈতে ধুমুহা)ৰ বাবে অহা-যোৱা কৰা সকলো বিমান ক্ষতিগ্ৰস্ত হ’ব পাৰে।

দিল্লীত পথৰ মাজতে গছ বাগৰি পৰে
ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি ৰাজধানীৰ বহু ঠাইত প্ৰচণ্ড বৰষুণ আৰু ধূলি ধুমুহাৰ সৃষ্টি হয়। মহানগৰীৰ প্ৰাথমিক বতৰ কেন্দ্ৰ চফদাৰজুঙত ঘণ্টাত ৭৯ কিলোমিটাৰ বতাহৰ গতিবেগ হোৱাৰ বিপৰীতে পালামত ঘণ্টাত ৭৪ কিলোমিটাৰ, প্ৰগতি ময়দানত ৭৮ কিলোমিটাৰ আৰু পীতামপুৰাত ঘণ্টাত ৬৫ কিলোমিটাৰ গতিবেগ হৈছে। সন্ধিয়া ৫:৩০ বজাৰ পৰা ৮:৩০ বজাৰ ভিতৰত তিনি ঘণ্টাত ১২.২ মিলিমিটাৰ বৰষুণ হৈছে ছফদাৰজুঙত। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বৰষুণৰ ফলত হোৱা দুৰ্ঘটনাত গাজিয়াবাদত তিনিজন, দিল্লী আৰু গ্ৰেটাৰ নয়দাত দুজনকৈ লোকৰ মৃত্যু হয় ।কেৱল উত্তৰ প্ৰদেশতে ১২ জন লোকে প্ৰাণ হেৰুৱালে।
#WATCH | Uttar Pradesh | A pole fell in front of Sector-145 metro station on Noida-Greater Noida Expressway after heavy rainfall accompanied by wind was witnessed in the area.
(Source: Noida Police) pic.twitter.com/r5iplNVVjX
— ANI (@ANI) May 21, 2025
দিল্লী বিমানবন্দৰৰ পৰা পলম হ’ল ৮খন বিমান
ধাৰাসাৰ বৰষুণ আৰু বজ্ৰপাতৰ বাবে দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা লণ্ডন, পেৰিছ, ফ্ৰেংকফৰ্ট আৰু ছিংগাপুৰলৈ যোৱা বিমানসহ আঠখন বিমানৰ যাত্ৰা পলম হয়। একে সময়তে টেল আভিভলৈ যোৱা বিমানখন বাতিল কৰা হয়। বহু বিমান অন্য ঠাইলৈ ডাইভাৰ্ট কৰা হৈছিল। ধুমুহা আৰু বৰষুণৰ বাবে দিল্লীৰ হালধীয়া, ৰঙা আৰু গোলাপী লাইনত মেট্ৰ’ৰ কাম বন্ধ হৈ পৰে। ইয়াৰ বাবে যাত্ৰীসকল ঘণ্টাৰ পিছত ঘণ্টা আৱদ্ধ হৈ পৰে। একে সময়তে একুৱা লাইন মেট্ৰ’ৰ কাম-কাজো ব্যাহত হৈ পৰে। এই লাইনত গ্ৰেটাৰ নয়ডা ডিপোলৈ যোৱা মেট্ৰ’খন পৰি চ’কলৈকে যায়।
ইফালে দিল্লীৰ ২৫ টাতকৈও অধিক স্থানত গছ বাগৰি পৰে। গছ-গছনি উভালি পৰাৰ বাবে বন্ধ হৈ পৰে পন্ত মাৰ্গ, মহাদেৱ ৰোড, টুগলক ৰোড, বিনয় মাৰ্গৰ দৰে ডাঙৰ ডাঙৰ পথ । আই টি অ’ৰ সমীপৰ অক্ষৰধম উৰণ সেতু, চিকন্দ্ৰা পথ আৰু তিলক দলঙৰ তলত পানী জমা হৈ পৰে। ধুমুহাৰ বাবে নয়ডা আৰু গ্ৰেটাৰ নয়ডাৰ বহু ঘৰৰ কাঁচ ভাঙি যায়। গ্ৰেটাৰ নয়ডাৰ গেলাক্সি ভেগা ছ’চাইটিত ৰড পৰি যোৱাৰ ফলত ৪-৫খন বাহনৰ ক্ষতিসাধন হৈছে।