শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পাকিস্তানলৈ প্ৰেৰণ কৰিছিল ভাৰতৰ গোপন তথ্য! দিল্লীত গ্ৰেপ্তাৰ ২ চোৰাংচোৱা, কেনেকৈ পৰিছিল ISIৰ জালত?

পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আইৰ এক বৃহৎ সন্ত্ৰাসবাদী ষড়যন্ত্ৰ উদঙাই দিছে দিল্লী আৰক্ষী আৰু চোৰাংচোৱা সংস্থাই। দিল্লীত বৃহৎ বিস্ফোৰণ সংঘটিত কৰাৰ পৰিকল্পনা কৰিছিল আই এছ আইয়ে। এই ষড়যন্ত্ৰৰ লগত জড়িত দুজন চোৰাংচোৱা অখলাক আজম আৰু আনছাৰুল মিয়ান আনছাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে সন্দেহ কৰিছে যে পাকিস্তান দূতাবাসত পোষ্ট কৰা ডেনিছও এই ষড়যন্ত্ৰত জড়িত আছিল।

পাকিস্তানলৈ প্ৰেৰণ কৰিছিল ভাৰতৰ গোপন তথ্য! দিল্লীত গ্ৰেপ্তাৰ ২ চোৰাংচোৱা, কেনেকৈ পৰিছিল ISIৰ জালত?
প্ৰতীকি ফটো
trishna-kalita
Trishna Kalita | Updated On: 22 May 2025 12:19 PM

ৰাজধানী দিল্লীক আতংকিত কৰাৰ এক বৃহৎ ষড়যন্ত্ৰ উদঙাই দিলে দিল্লী আৰক্ষী আৰু চোৰাংচোৱা সংস্থাই। এই ষড়যন্ত্ৰ ৰচনা কৰিছিল পাকিস্তানৰ চোৰাংচোৱা সংস্থা আইএছআইয়ে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এই ষড়যন্ত্ৰ কাৰ্যকৰী কৰিবলৈ দিল্লীলৈ অহা দুজন চোৰাংচোৱাক। ব্যক্তি দুজনক নেপাল মূলৰ আনছাৰুল মিয়ান আনছাৰী আৰু ৰাঞ্চিৰ আখলাক আজম বুলি চিনাক্ত কৰা হৈছে। এই ষড়যন্ত্ৰত পাকিস্তান দূতাবাসত নিযুক্তি পোৱা ডেনিছৰ ভূমিকাক লৈ সন্দেহ প্ৰকাশ কৰিছে তদন্তকাৰী সংস্থাসমূহে। বৰ্তমান আৰক্ষী আৰু অন্যান্য সংস্থাই এই চোৰাংচোৱা দুজনক জেৰা অব্যাহত ৰাখিছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি পাকিস্তানৰ চোৰাংচোৱা সংস্থাটোৱে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত বৃহৎ বিস্ফোৰণ সংঘটিত কৰাৰ পৰিকল্পনা কৰিছিল। ইয়াৰ বাবে প্ৰস্তুতি আৰম্ভ হৈছিল জানুৱাৰী মাহৰ পৰা। সেই সময়ত ISI য়ে আনছাৰুলক নেপাল হৈ দিল্লীলৈ প্ৰেৰণ কৰিছিল। যেতিয়া ভাৰতীয় সংস্থাসমূহে ISIৰ এই পৰিকল্পনাক বাধা দিছিল, তাৰ পাছত বিষয়টো পোহৰলৈ আহে। ইয়াৰ পিছতে দিল্লী আৰক্ষীৰ বিশেষ কোষ আৰু অন্যান্য সংস্থাই চোৰাংচোৱাগিৰি আৰম্ভ কৰি ইনপুটৰ ভিত্তিত তেওঁলোকক গ্ৰেপ্তাৰ কৰে। অৱশ্যে এই চোৰাংচোৱাক গ্ৰেপ্তাৰ কৰিবলৈ নিৰাপত্তা সংস্থাই ৩ মাহ ধৰি গোপন অভিযান চলাব লগা হৈছিল।

আৰক্ষীৰ সূত্ৰ অনুসৰি এই অভিযান জানুৱাৰীৰ পৰা মাৰ্চ মাহলৈকে চলিছিল। ইয়াৰ মাজতে ধৰা পৰা চোৰাংচোৱাবোৰৰ ভিতৰত এজন নেপালৰ আৰু তেওঁ অলপতে পাকিস্তানৰ পৰা প্ৰশিক্ষণ লৈ দিল্লীলৈ অহা বুলি জানিব পৰা গৈছে। আনজন চোৰাংচোৱা ভাৰতীয় নাগৰিক বুলি কোৱা হৈছে। ইয়াৰ ভিতৰত আনছাৰুল মিয়ান আনছাৰীক ভাৰতীয় সেনাৰ চোৰাংচোৱা তথ্য সংগ্ৰহৰ দায়িত্ব দিয়া হৈছিল। ১৫ ফেব্ৰুৱাৰীত মধ্য দিল্লীৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল।সেই সময়ত তেওঁ নেপাল হৈ পাকিস্তানলৈ উভতি যাবলৈ চেষ্টা কৰিছিল।

আৰক্ষীয়ে সেনাৰ সৈতে জড়িত কিছুমান গুৰুত্বপূৰ্ণ নথি-পত্ৰ তেওঁৰ হাতৰ পৰা উদ্ধাৰ কৰিছিল। একে ক্ৰমত নিৰাপত্তা সংস্থাই গ্ৰেপ্তাৰ কৰে ৰাঁচীৰ বাসিন্দা অখলাক আজমক। আৰক্ষীৰ মতে, অখলাকে এই ষড়যন্ত্ৰত আনছাৰুলক সহায় কৰিছিল। মাৰ্চ মাহত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। এই দুয়োজন চোৰাংচোৱাই পাকিস্তানত বহি থকা হেণ্ডলাৰৰ সৈতে প্ৰত্যক্ষ সংস্পৰ্শত আছিল। বৰ্তমান তদন্তকাৰী সংস্থাই দুয়োকে জেৰা অব্যাহত ৰাখিছে। আৰক্ষীৰ মতে, পাকিস্তান দূতাবাসত থকা ডেনিছৰ সৈতেও তেওঁৰ সম্পৰ্ক ধৰা পৰিছে।  তেওঁলোকৰ সম্পৰ্ক সন্দৰ্ভত তদন্ত কৰি আছে আৰক্ষীয়ে।

আৰক্ষীৰ তথ্য অনুসৰি ২০০৮ চনত নেপালৰ পৰা কাটাৰলৈ যোৱা আনছাৰুলে তাত টেক্সি চলাইছিল। তাতেই তেওঁ আইএছআইৰ সংস্পৰ্শলৈ আহিছিল। ইয়াৰ পিছত ২০২৪ চনৰ জুন মাহত আইএছআইৰ নিৰ্দেশত ৰাৱালপিণ্ডীত উপস্থিত হয়। য’ত তেওঁক ইয়াৰ প্ৰয়োজনীয় প্ৰশিক্ষণ দিয়া হৈছিল। ইয়াৰ পিছত তেওঁ হেণ্ডলাৰৰ নিৰ্দেশনাত কাম কৰিবলৈ ভাৰতলৈ আহিছিল। এই বিষয়টোত আৰক্ষীয়ে ইতিমধ্যে অভিযোগনামা দাখিল কৰিছে।