শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Cough Syrup: সাৱধান ! শিশুক নোখোৱাব কপ চিৰাপ, ডাঙৰ নিৰ্দেশনা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ

বৃক্ক বিকল হৈ ১২ টি শিশুৰ মৃত্যু হৈছে। কোৱা হৈছে যে, কফ চিৰাপ আছিল মৃত্যুৰ কাৰণ। ইফালে, কেন্দ্রীয় স্বাস্থ্য মন্ত্র্যালয়ে শিশুৰ ক্ষেত্ৰত কাহৰ ঔষধ ব্যৱহাৰ সন্দর্ভত এক নিৰ্দেশনা জাৰি কৰিছে৷

Cough Syrup: সাৱধান ! শিশুক নোখোৱাব কপ চিৰাপ, ডাঙৰ নিৰ্দেশনা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ
manas-borah
Manas Borah | Updated On: 03 Oct 2025 21:01 PM

এই পৰ্যন্ত মধ্যপ্ৰদেশৰ ছিণ্ডৱাৰা, আৰু ৰাজস্থানৰ ভাৰতপুৰ আৰু ছিকাৰত বৃক্ক বিকল হৈ ১২ টি শিশুৰ মৃত্যু হৈছে। কোৱা হৈছে যে, কফ চিৰাপ আছিল মৃত্যুৰ কাৰণ। এই শিশুসকলৰ মৃত্যুৰ ঘটনাই সমগ্ৰ দেশতে বাতৰিৰ শিৰোনাম দখল কৰিছে। ইফালে, কেন্দ্রীয় স্বাস্থ্য মন্ত্র্যালয়ে শিশুৰ ক্ষেত্ৰত কাহৰ ঔষধ ব্যৱহাৰ সন্দর্ভত এক নিৰ্দেশনা জাৰি কৰিছে৷ স্বাস্থ্য মন্ত্ৰালয়ে সকলো ৰাজ্যৰ বাবে এক গুৰুত্বপূৰ্ণ পৰামৰ্শ জাৰি কৰিছে। ইয়াত উল্লেখ আছে যে, শিশুক কাহৰ ঔষধ অতি সাৱধানে আৰু সীমিত পৰিমাণে দিব লাগে। শিশুৰ কাহ আৰু চৰ্দি নিজে নিজে ভাল হয় আৰু ঔষধৰ প্ৰয়োজন নহয়। ২ বছৰৰ তলৰ শিশুক কাহ আৰু চৰ্দিৰ ঔষধ একেবাৰেই দিব নালাগে।

নিৰ্দেশনাত কোৱা হৈছে যে, এই ঔষধসমূহ সাধাৰণতে ৫ বছৰৰ তলৰ শিশুক দিয়া নহয়। ৫ বছৰৰ ওপৰৰ শিশুক ক্লিনিকেল পৰীক্ষাৰ পিছত চিকিৎসকে প্ৰয়োজনীয় বুলি বিবেচনা কৰিলেহে ঔষধ দিব লাগে। মন্ত্ৰালয়ে কয় যে, শিশুৰ যত্নৰ বাবে ঘৰুৱা প্ৰতিকাৰক অগ্ৰাধিকাৰ দিব লাগে, যেনে পৰ্যাপ্ত পানী, জিৰণি আৰু যত্ন।

কেৱল নিৰাপদ ঔষধ শিশুক দিব

মন্ত্ৰালয়ে কয় যে, সকলো চিকিৎসালয়, ফাৰ্মাচী, স্বাস্থ্য কেন্দ্ৰই নিশ্চিত কৰিব লাগিব যে, তেওঁলোকে কেৱল গুড মেনুফেকচাৰিং প্ৰেকটিছ (জিএমপি)ৰ অধীনত প্ৰস্তুত কৰা নিৰাপদ ঔষধহে শিশুক দিয়া হয়। মন্ত্ৰালয়ে ৰাজ্য আৰু জিলা স্বাস্থ্য বিষয়াসকলক এই পৰামৰ্শ চৰকাৰী চিকিৎসালয়, প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ (পি এইচ চি), সামূহিক স্বাস্থ্য কেন্দ্ৰ (চি এইচ চি), জিলা চিকিৎসালয়, আৰু চিকিৎসা মহাবিদ্যালয়সমূহত প্ৰচাৰ কৰিবলৈ নিৰ্দেশ দিছে।

চৰকাৰে আৰু কি ক’লে?

সকলো ৰাজ্যিক/কেন্দ্ৰীয় শাসিত অঞ্চলৰ স্বাস্থ্য বিভাগ, জিলা স্বাস্থ্য কৰ্তৃপক্ষসকলক এই পৰামৰ্শ চৰকাৰী ঔষধৰ দোকান, প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, সামূহিক স্বাস্থ্য কেন্দ্ৰ, জিলা চিকিৎসালয়, আৰু চিকিৎসা প্ৰতিষ্ঠানসমূহত কাৰ্যকৰী আৰু প্ৰচাৰ কৰিবলৈ কোৱা হৈছে। ইফালে ৰাজস্থানত কাহৰ চিৰাপৰ পাৰ্শ্বক্ৰিয়াৰ গোচৰৰ চৰকাৰী তদন্তই কোম্পানীটোক ক্লিন চিট দিছে।

লগতে পঢ়ক: নিয়মীয়া ৰক্তচাপৰ ঔষধ সেৱন কৰাৰ ফলত কেনেধৰণৰ পাৰ্শ্বক্ৰিয়া হ’ব পাৰে? উপশম পোৱাৰ উপায় জানক