শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

HDFC: অত্যাধিক কামৰ বোজা,উচ্চ ৰক্তচাপ নে হৃদৰোগ! কি কাৰণে হঠাৎ প্ৰাণ হেৰুৱালে বেংক কৰ্মচাৰীয়ে?

HDFC: অফিচৰ মাজতেই প্ৰাণ হেৰুৱালে এগৰাকী যুৱতীয়ে। এইছ চি এফ চি বেংকত কৰ্মৰত যুৱতীগৰাকীৰ মৃত্যুৰ পাছতেই পৰিয়ালৰলোকে তেওঁৰ সতীৰ্থসকল শোকত ভাগি পৰিছে। ইয়াৰ কাৰণ একাংশই অত্যাধিক কামৰ বোজা বুলি কৈছে।

HDFC: অত্যাধিক কামৰ বোজা,উচ্চ ৰক্তচাপ নে হৃদৰোগ! কি কাৰণে হঠাৎ প্ৰাণ হেৰুৱালে বেংক কৰ্মচাৰীয়ে?
যুৱতীগৰাকী
barasha-sarma
Barasha Sarma | Published: 25 Sep 2024 17:40 PM

ব্যক্তিগতখণ্ডৰ এটা বেংকত কাম কৰি থকা অৱস্থাত এগৰাকী কৰ্মচাৰীৰ মৃত্যু হোৱাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত সংঘটিত হৈছে এই শোকাবহ ঘটনা। লক্ষ্ণৌৰ HDFC বেংকৰ ৪৫ বছৰীয়া মহিলা কৰ্মচাৰী ছাদাফ ফাতিমাই অধিক কামৰ বোজা সহিব নোৱাৰি মৃত্যু মুখত পৰা বুলি অভিযোগ উত্থাপন হৈছে। পুৰণি লক্ষ্ণৌৰ বজীৰগঞ্জ এলেকাত এই যুৱতীগৰাকী তেওঁৰ মাতৃ কানিছ ফাতিমা, ভগ্নী ছাবিয়া আৰু ছাবিয়াৰ স্বামীৰ লগত বাস কৰিছিল। যুৱতীগৰাকীৰ পিতৃৰ ইতিমধ্যে মৃত্যু হৈছে। যুৱতীগৰাকীৰ ভাতৃ নাছিল। যাৰ বাবে পৰিয়ালৰ সমস্ত দায়িত্ব যুৱতীগৰাকীয়ে বহন কৰিছিল।

যুৱতীগৰাকী বিভুতিখণ্ডৰ এইচ ডি এফ চি বেংকত টেলিফোনিক চেনেল উই আৰ নাওত সহকাৰী উপ-সভাপতি আছিল। ইয়াৰ পূৰ্বে তেওঁৰ পোষ্টিং আছিল পুনেত। প্ৰায় ৬ বছৰ আগতে লক্ষ্ণৌলৈ বদলি হৈ যুৱতীগৰাকী যথেষ্ঠ সুখী আছিল। চাকৰি আৰু পৰিয়ালৰ লগত একে থাকি যুৱতীগৰাকী অত্যন্ত সুখী আছিল।  প্ৰতিদিনে অফিচলৈ গৈ নিষ্ঠাৰে কাম কৰি এটা সুন্দৰ জীৱন অতিবাহিত কৰি আছিল যুৱতীগৰাকীয়ে।

অইন দিনাৰ দৰে মঙলবাৰেও যুৱতীগৰাকী অফিচলৈ গৈছিল। কিন্তু জীৱন্ত অৱস্থাত অফিচৰ পৰা  ঘৰ আহি নাপালে যুৱতীগৰাকীয়ে। দুপৰীয়া অফিচৰ কৰ্মচাৰীৰ সৈতে দুপৰীয়াৰ আহাৰ খাবলৈ গৈছিল যুৱতীগৰাকী। অফিচৰ সতীৰ্থসকলৰ মতে, ছাদাফে খোৱাৰ পূৰ্বে এটা টেবলেট খাইছিল আৰু তাৰ কিছু সময় পাছতেই মাটিত ঢলি পৰিছিল। পৰৱৰ্তী সময়ত সতীৰ্থসকলে তেওঁক হাস্পাতাললৈ লৈ যায় যদিও চিকিৎসকে ছাদাফক মৃত ঘোষণা কৰে। এই কথা শুনি সকলোৱে স্তম্ভিত হৈ পৰে।

যুৱতীগৰাকীৰ পৰিয়ালৰলোকে উচ্চ ৰক্তচাপৰ বাবে মৃত্যু হোৱা বুলি সন্দেহ কৰিছে। পৰিয়ালৰলোকে জনাই যে দীৰ্ঘদিন ধৰি উচ্চ ৰক্তচাপজনিত সমস্যাত ভুগি আছিল যুৱতীগৰাকী। যোৱা ৩ দিন ধৰি অসুস্থ আছিল আৰু এনে অৱস্থাতে তেওঁ মঙলবাৰে অফিচলৈ গৈছিল। ইয়াৰ আগতে এবাৰ যুৱতীগৰাকীৰ হাৰ্ট এটেক হৈছে। আগৰ পৰাই যুৱতীগৰাকী হৃদৰোগত আক্ৰান্ত আছিল কিন্তু এই কথা তেওঁ আওকান কৰি চলিছিল। নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব নিদি যুৱতীগৰাকীয়ে নিজৰ কাম নিষ্ঠা সহকাৰে কৰি গৈছিল আৰু ঘৰ- অফিচৰ প্ৰতি থকা দায়িত্ব পালন কৰিছিল।

যুৱতীগৰাকীৰ অফিচৰ সতীৰ্থসকলে কয় যে তেওঁৰ ওপৰত কামৰ যথেষ্ঠ হেঁচা আছিল। একাংশৰ মতে কামৰ হেঁচা, পৰিয়ালৰ সমস্যা আদিৰ মাজত পৰি যুৱতীগৰাকী প্ৰায়েই চিন্তাত আছিল। যাৰ বাবে তেওঁ হৃদৰোগৰ সমস্যা বৃদ্ধি হোৱা বুলি একাংশই কব খোজে।  এনেবোৰ কাৰণত যুৱতীগৰাকী মানসিক ভাৱেও ভাগি পৰিছিল বুলিও একাংশই কয়। অৱশ্যে যুৱতীগৰাকীৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পোহৰলৈ অহাৰ পাছতহে জানিব পৰা যাব কি কাৰণে মৃত্যু হ’ল যুৱতীগৰাকীৰ।