5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

বানত আৱদ্ধ লোকক উদ্ধাৰ কৰি বুলড’জাৰ চালক হৈ পৰিল নায়ক!

Telangana Floods: ধাৰাসাৰ বৰষুণৰ বাবে তেলেংগানা আৰু অন্ধ্ৰ প্ৰদেশত বহুতো জিলাত বানপানীৰ সৃষ্টি গৈছে। বৰষুণৰ বাবে বহুলোক তেওঁলোকৰ ঘৰত আৱদ্ধ হৈ পৰিছে। ৰাজ্য চৰকাৰৰ সাহায্য আৰু উদ্ধাৰৰ কাম তীব্ৰ গতিত চলি আছে। এই বানৰ মাজত আৱদ্ধ হৈ পৰিছিল ৯জনকৈ লোক ।

বানত আৱদ্ধ লোকক উদ্ধাৰ কৰি বুলড’জাৰ চালক হৈ পৰিল নায়ক!
নায়ক হৈ পৰিল বুলড’জাৰ চালক!
trishna-kalita
Trishna Kalita | Published: 04 Sep 2024 13:17 PM

আমি নায়কসকলক প্ৰতিদিনে চলচ্চিত্ৰত অভিনয় কৰা দেখিছোঁ। কিন্তু বাস্তৱ জীৱনত আমাৰ প্ৰতিদিনে এই নায়কসকলক দেখা পোৱাটো সম্ভৱ নহয়। যদিও আমাৰ দেশৰ সেনাৰসকলে সাধাৰণ লোকৰ বাবে প্ৰতিদিনে নিজৰ জীৱন বিপদত পেলায়। কিন্তু কেতিয়াবা কিছুমান লোক আছে যি কোনো ইউনিফৰ্ম অবিহনে এনে কাম কৰে, যি মানৱতাৰ এক উদাহৰণ হৈ পৰে। এনেই এক ঘটনা সংঘটিত হৈছে তেলেংগানাত।

ধাৰাসাৰ বৰষুণৰ বাবে তেলেংগানা আৰু অন্ধ্ৰ প্ৰদেশত বহুতো জিলাত বানপানীৰ সৃষ্টি গৈছে। বৰষুণৰ বাবে বহুলোক তেওঁলোকৰ ঘৰত আৱদ্ধ হৈ পৰিছে। ৰাজ্য চৰকাৰৰ সাহায্য আৰু উদ্ধাৰৰ কাম তীব্ৰৰূপত চলি আছে। এই বানৰ মাজত আৱদ্ধ হৈ পৰিছিল ৯জনকৈ লোক ।

তেলেংগানাৰ খাম্মাম জিলাৰ এখন দলঙত ৯জন লোক আবদ্ধ হৈ পৰিছিল। তেওঁলোকে কেনেবাকৈ সহায়ৰ বিচাৰি এটা ভিডিঅ’ বনাই সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল। বেয়া বতৰৰ বাবে আৱদ্ধ লোকসকলক উদ্ধাৰ কৰিবলৈ চৰকাৰী হেলিকপ্টাৰ তাত উপস্থিত হ’ব পৰা নাছিল। ইয়াৰ মাজতে হাৰিয়ানাৰ বুলড’জাৰ চালক সুভান খানে আৱদ্ধ লোকসকলৰ ভিডিঅ’টো চাই । ভিডিঅ’টো দেখাৰ পাছত তেওঁ মানুহক বচাবলৈ ওলাই গৈছিল।

উদ্ধাৰৰ পথটো সহজ নাছিল। সেয়েহে তেওঁ পৰিয়ালটোক কৈছিল, ‘হয়তো মই মোৰ জীৱন হেৰুৱাম নতুবা ৯টা জীৱন ৰক্ষা হ’ব। যদি মোৰ মৃত্যু হয়, এটা জীৱন শেষ হ’ব। কিন্তু যদি মই ঘূৰি আহো, ৯জন লোক মোৰ সৈতে ঘূৰি আহিব। কোৱা হয় যে যদি আপুনি সঁচা হৃদয়েৰে কিবা বিচাৰে, তেন্তে সেইটো নিশ্চিতভাৱে লাভ কৰিব। তেনে ক্ষেত্ৰত সুভানৰ উদ্দেশ্য মানৱতাৰে পৰিপূৰ্ণ আছিল। তাৰ পাছত তেওঁ ওলাই গৈছিল আৰু অৱশেষত সফলতা লাভ কৰিছিল। তেওঁ বুলড’জাৰেৰে সকলোকে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল আৰু সুৰক্ষিতভাৱে ঘৰলৈ উভতি আহিছিল। য’ত তেওঁক উষ্ম আদৰণি জনোৱা হৈছিল ।

তেওঁৰ সাহসিকতা আৰু ডাঙৰ হৃদয়ৰ বিষয়ে সকলোৰে চৰ্চাৰ বিষয় হৈ পৰিছে। বিআৰএছ নেতা আৰু প্ৰাক্তন মন্ত্ৰী কে.টি. ৰামা ৰাৱে কৈছে যে ,এইটো কেৱল সাহসৰ বিষয় নহয়। এজন প্ৰকৃত নায়ক হ’বলৈ এটা ডাঙৰ হৃদয়ৰ প্ৰয়োজন। সুভান খানে ৯জন লোকক সহায় কৰি তেওঁলোকক পৰিয়ালক জীৱনজোৰা বেদনাৰ পৰা ৰক্ষা কৰিছে। যি সময়ত চৰকাৰ উদ্ধাৰৰ বাবে হেলিকপ্টাৰ পঠিওৱাক লৈ বিভ্ৰান্ত হৈছিল, সুভানে নিজৰ জীৱন বিপদত পেলাই সকলোৰে জীৱন ৰক্ষা কৰিছিল।

 

 

Latest News