দৰাৰ চিবিল স্ক’ৰ বেয়া, আছে বহু ঋণ বোজা! এই কথা জানি কইনা পক্ষই বাতিল কৰিলে বিবাহ
কেতিয়াবা এনেকুৱা হ’ব পাৰেনে যে চিবিলৰ স্ক’ৰ বেয়া হোৱাৰ বাবে এখন বিয়া বাতিল কৰা হয়? হয়, এনেকুৱাই ঘটনা পোহৰলৈ আহিছে। চিবিলৰ স্ক’ৰৰ বাবে ভাঙি গ’ল দুজন লোকৰ সপোন। আধৰুৱা হৈ ৰ'ল বিয়াৰ সকলো প্ৰস্তুতি।
সাধাৰণতে দুজন ব্যক্তিৰ মনৰ মিলনক বিবাহ বুলি কোৱা হয়। এই ক্ষেত্ৰত সামাজিক গুণৰো গুৰুত্ব থাকে। বিবাহৰ বাবে দৰাই কিমান উপাৰ্জন কৰে,ব্যক্তিত্ব, কি কাম কৰে? আদিৰ উপৰিও আন বহু দিশ চালি-জাৰি চোৱা হয়।
ইফালে কইনাৰ ক্ষেত্ৰত প্ৰায়ে দৰাৰ পৰিয়ালে বিচৰা বস্তুবোৰ হ’ল ছোৱালীজনীয়ে ৰান্ধিব পাৰে নে নোৱাৰে? ঘৰখন পৰিচালনা কৰিব পাৰিবনে? লগতে তেওঁৰ ওজন, চেহেৰা আদিকো কিছু কিছু ক্ষেত্ৰত গুৰুত্ব দিয়া দেখা যায়। বিয়াৰ পৰ্যায়টো অলপ তেনেকুৱাই। কিন্তু কেতিয়াবা এনেকুৱা হ’ব পাৰেনে যে চিবিলৰ স্ক’ৰ বেয়া হোৱাৰ বাবে এখন বিয়া বাতিল কৰা হয়? হয়, পোহৰলৈ আহিছে এনেকুৱা ঘটনা। য’ত চিবিলৰ স্ক’ৰৰ বাবে ভাঙি গ’ল দুজন লোকৰ সপোন। আধৰুৱা হৈ ৰ’ল বিয়াৰ সকলো প্ৰস্তুতি।
মহাৰাষ্ট্ৰৰ মূৰ্তিজাপুৰত সংঘটিত হৈছে এই আচৰিত ঘটনা। স্থানীয় এগৰাকী যুৱতীক কইনা হিচাপে চাবলৈ গৈছিল এজনে যুৱকে। জানিব পৰা মতে যুৱকজন এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত। সকলো ভালেই আছিল, পৰিয়ালৰ মানুহবোৰৰো পচন্দ কৰিছিল দৰা-কইনাক। কিন্তু দুই মনৰ মিলনত ‘কাঁইট’ হৈ পৰিল চিবিল স্ক’ৰ।
দুয়োটা পৰিয়ালৰ মাজত কথা-বতৰা বহুত আগবাঢ়িল। পিছে বিবাহৰ বাবে কৰা অন্তিমবাৰৰ আলোচনাৰ মাজতে সংঘটিত হ’ল এই অঘটন। কইনাৰ এজন ককাকে হঠাৎ দৰাৰ চিবিল স্ক’ৰৰ বিষয়ে জানিবলৈ কৌতুহলী হৈ পৰিল। মানসিক বাধা আঁতৰাই কইনাৰ ককা শহুৱেকৰ কথা শুনি দৰাই চিবিলৰ স্ক’ৰ দেখুৱাই দিলে। আৰু তাৰ পিছত সলনি হ’ল সকলো। দৰাৰ চিভিল স্ক’ৰ দেখি কইনাৰ ককাকৰ উঠিল খং। তাৰ পাছত দৰাৰ পৰিয়ালক এই বিবাহ সম্ভৱ নহয় বুলি অৱগত কৰা হয়।
ইয়াৰ কাৰণ এয়ে যে, দৰাৰ চিবিল স্ক’ৰ আছিল অতি কম। অৰ্থাৎ তেওঁৰ একাধিক ঋণ আছে। কেইবাটাও বেংকৰ পৰা বহু টকা ঋণ লৈ থৈছে দৰাই। এতিয়াও সেই ঋণ পৰিশোধ কৰা নাই। সেয়ে ককাৰ কথা মতে দৰাৰ সৈতে বিয়া বাতিল কৰিলে কইনাৰ পিতৃয়ে।
কি এই চিবিল স্ক’ৰ?
যদিহে ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰি বেংকৰ পৰা ঋণ লোৱা হয়, তেন্তে ইয়াৰ হিচাপ চিবিল একাউণ্টত জমা হয়। TransUnion CIBIL নামৰ এটা কোম্পানীয়ে দেশৰ সকলো ক্ৰেডিট কাৰ্ড ধাৰীৰ CIBIL স্ক’ৰ প্ৰস্তুত কৰে। সাধাৰণতে ৭৫০ৰ ওপৰৰ চিবিল স্ক’ৰ ভাল। আৰু তাৰ তলত থাকিলে মহাবিপদ। যাৰ বাবে ভাঙিব পাৰে এখন বিবাহ।