শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ভয়ংকৰ ঘটনা! ফাৰ্মা কোম্পানীত দৰৱ নিৰ্মাণৰ সময়তে গেছ লিক, প্ৰাণ হেৰুৱালে ৪ জনে

জানিব পৰা মতে, ফাৰ্মা কোম্পানীটোত এলবেণ্ডাজ’ল ঔষধ প্ৰস্তুত কৰাৰ সময়তে নাইট্ৰ’জেন গেছ মিহলি কৰি থাকোঁতে হঠাতে গেছ লিকেজ হৈছিল। গেছ লিকেজৰ ফলত কৰ্মচাৰীসকল অচেতন হৈ পৰে।

ভয়ংকৰ ঘটনা! ফাৰ্মা কোম্পানীত দৰৱ নিৰ্মাণৰ সময়তে গেছ লিক, প্ৰাণ হেৰুৱালে ৪ জনে
ফাৰ্মা কোম্পানীত গেছ লিকImage Credit source: TV9 Bharatvarsh
Monjit Dutta
Monjit Dutta | Published: 21 Aug 2025 22:48 PM

মহাৰাষ্ট্ৰৰ পালঘৰ জিলাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা জিলাখনৰ বয়ছাৰ তাৰাপুৰ এমআইডিচি এলেকাত অৱস্থিত মেলোডি (মেডলি) ফাৰ্মাচিউটিকেলছ লিমিটেড কোম্পানীত আজি সংঘটিত হয় এক ভয়ংকৰ ঘটনা। কোম্পানীটোৰ এফ-১৩ নং প্লাণ্টত আজি ঔষধ নিৰ্মাণ প্ৰক্ৰিয়াৰ সময়তে নাইট্ৰজেন গেছ নিৰ্গত হোৱাৰ ফলত চাৰিজন কৰ্মচাৰীয়ে প্ৰাণ হেৰুৱাইছে গেছ লিকৰ ফলত শ্বাসপ্ৰশ্বাসত সমস্যাত পৰি এই লোককেইজনৰ মৃত্যু ঘটে আনহাতে আন দুজন কৰ্মচাৰীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা হৈছে।

আহত কৰ্মচাৰী দুজনক স্থানীয় সিন্দে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি কৰ্তৃপক্ষই সদৰী কৰিছে। জানিব পৰা মতে, ফাৰ্মা কোম্পানীটোত এলবেণ্ডাজ’ল ঔষধ প্ৰস্তুত কৰাৰ সময়তে নাইট্ৰ’জেন গেছ মিহলি কৰি থাকোঁতে হঠাতে গেছ লিকেজ হৈছিল। গেছ লিকেজৰ ফলত কৰ্মচাৰীসকল অচেতন হৈ পৰে।

লগে লগে তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে ৪ জন কৰ্মচাৰীক মৃত ঘোষণা কৰে। নিহত কৰ্মচাৰীকেইজনক কমলেশ যাদৱ, কল্পেশ ৰাউট, ধীৰাজ পাৱাৰ আৰু বঙালী ঠাকুৰ বুলি চিনাক্ত কৰা হৈছে। একে সময়তে ৰোহন সিন্দে আৰু নীলেশ আদালেৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে বয়ছাৰৰ স্থানীয় আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। দুৰ্ঘটনাটোৰ পিছতে কোম্পানীটোৰ চৌহদত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়। এই দুৰ্ঘটনা কিদৰে সংঘটিত হ’ল তথা গেছ নিৰ্গত হোৱাৰ সঠিক কাৰণ কি, এই সন্দৰ্ভত এতিয়াও তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

ফাৰ্মা কোম্পানীটোৰ কেইগৰাকীমান কৰ্মচাৰীয়ে সদৰী কৰা মতে গেছ লিক হোৱাৰ বিষয়ে জানিব পৰাৰ লগে লগে অধিকাংশ কৰ্মচাৰীয়েই ভিতৰৰ পৰা ওলাই যায় অৱশ্যে চাৰিগৰাকীকৈ সহকৰ্মীৰ মৃত্যুত তেওঁলোকে শোক প্ৰকাশ কৰিছে অগ্নিনিৰ্বাপক বাহিনীৰ দলে কম সময়ৰ ভিতৰতে গেছ নিৰ্গত হোৱা নিয়ন্ত্ৰণ কৰাৰ ফলত এক বৃহৎ দুৰ্ঘটনা ৰোধ হয় বুলি তেওঁলোকে লগতে কয়।