শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ভাৰতীয় সেনাৰ নতুন শক্তি ‘গাণ্ডীৱ মিছাইল’: এই শক্তিশালী ক্ষেপনাস্ত্ৰৰ বিশেষত্ব কি? জানক…

Gandiva Missile: শক্তি বৃদ্ধিৰ দিশে ভাৰতীয় সেনাৰ। সুদৰ্শন চক্ৰৰ পাছত এইবাৰ ভাৰতীয় সেনাৰ নতুন সাহস হ'বলৈ গৈ আছে 'গাণ্ডীৱ মিছালই'। সাজু হৈছে ইয়াৰ পৰীক্ষণৰ বাবে।

ভাৰতীয় সেনাৰ নতুন শক্তি ‘গাণ্ডীৱ মিছাইল’: এই শক্তিশালী ক্ষেপনাস্ত্ৰৰ বিশেষত্ব কি? জানক…
গাণ্ডীৱ মিছাইল Image Credit source: tv9 বাংলা
barasha-sarma
Barasha Sarma | Updated On: 09 Jun 2025 15:52 PM

বিগত মাহত ভাৰত-পাকিস্তানৰ মাজত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছিল। সেই সময়ত পাকিস্তানে ভাৰতলৈ কেইবাটাও মিছাইল নিক্ষেপ কৰিছিল যদিও ‘সুদৰ্শন চক্ৰ’ (S 400)ই দেশবাসীক ৰক্ষা কৰিছিল।  শেহতীয়া এই যুদ্ধৰ পাছত এতিয়া দেশৰ প্ৰতিৰক্ষা ব্যৱস্থা আৰু অধিক শক্তিশালী কৰাৰ প্ৰয়োজন আহি পৰিছে। সুদৰ্শন চক্ৰৰ পাছতে এতিয়া ‘গাণ্ডীৱ’ (Gandiva Missile) আহি আছে ভাৰতীয় সেনাৰ সাহস হ’বলৈ।

ভাৰতীয় বায়ু সেনা আৰু DRDO ৰ যৌথ প্ৰচেষ্টাত শীঘ্ৰেই ভাৰতৰ এই নতুন মিছাইলৰ পৰীক্ষণ হ’বলৈ গৈ আছে। এই মিছাইলৰ নাম গাণ্ডীৱ বা Astra MK-III মিছাইল। ই এক (Beyond Visual Range Air-to-Air Missile) BVRAAM মিছাইল যি SFDR (Solid Fuel Ducted Ramjet) ইঞ্জিনৰ দ্বাৰা পৰিচালিত হ’ব। ইয়াৰ ৰেঞ্জ হ’ব প্ৰায় ৩০০-৩৫০ কিলোমিটাৰ। ভাৰতীয় প্ৰতিৰক্ষা বিশেষজ্ঞৰ মতে এই গাণ্ডীৱ ভাৰতীয় সেনাৰ নতুন সাহস হ’বলৈ গৈ আছে। ইয়াৰোপৰি ই হ’ব আকাশ যুদ্ধত এক অভিনৱ সংযোজন।

চীনৰ পি এল-১৭ৰ প্ৰতি সঁহাৰি জনাব পৰা ভাৰতীয় অস্ত্ৰ হৈছে গাণ্ডীৱ বা Mk-III। ভাৰতীয় সেনাৰ সূত্ৰৰ খবৰ অনুসৰি, ভাৰতৰ অত্যাধুনিক SFDR (Solid Fuel Ducted Ramjet) প্ৰযুক্তি ভিত্তিক নতুন প্ৰজন্মৰ এয়াৰ টু এয়াৰ মিছাইল হৈছে BVRAAM (Beyond Visual Range Air-to-Air Missile) এই গাণ্ডীৱ।

গাণ্ডীৱ নামটো মহাভাৰতৰ অৰ্জুনৰ প্ৰসিদ্ধ ধনু গাণ্ডীৱৰ নামৰ ওপৰত ভিত্তি কৰি ৰখা হৈছে। এই মিছাইলটো তীব্ৰবেগী আৰু অতি কৌশলগত শত্ৰুৰ বিমান, যেনে ষ্টীল্থ ফাইটাৰ, বোমাৰু বিমান আৰু এয়াৰবৰ্ণ ৱাৰ্নিং এণ্ড কণ্ট্ৰল চিষ্টেম (এৱাকছ)ৰ দৰে লক্ষ্যত সংঘৰ্ষ কৰিব পৰাকৈ ডিজাইন কৰা হৈছে।

ইয়াৰ পুৰণি সংস্কৰণ Astra Mk-1 (৮০-১১০ কিলোমিটাৰ ৰেঞ্জ) আৰু Mk-2(১৪০-১৬০ কিলোমিটাৰ ৰেঞ্জ) পাৰম্পৰিক ৰকেট মোটৰত নিৰ্ভৰ কৰে। আনহাতে গাণ্ডীৱ SFDR প্ৰণালী। এই প্ৰযুক্তিয়ে বায়ুমণ্ডলীয় অক্সিজেনৰ ব্যৱহাৰ কৰে। যাৰ ফলত মিছাইলটো পাতল আৰু কাৰ্যক্ষম হৈ পৰে। ই ঘণ্টাত মেক ৫৩৭০ কিলোমিটাৰ বেগত শত্ৰুৰ ফালে গতি কৰিব।

সূত্ৰ অনুসৰি গাণ্ডীৱৰ প্ৰাৰম্ভিক বিচাৰ প্ৰায় সম্পূৰ্ণ হৈছে। এতিয়া সেনা সাজু হৈছে ইয়াৰ পৰীক্ষণৰ বাবে। বৰ্তমান গাণ্ডীৱ মিছাইলৰ ছুখোই-৩০ প্লেটফৰ্মত কেপটিভ কেৰেজ ইন্টিগ্ৰেচন ট্ৰায়েল চলি আছে। এই ক্ষেপণাস্ত্ৰক ছুখোই-৩০ যুদ্ধবিমানত একত্ৰিত কৰাৰ কাম চলি আছে। ইতিমধ্যে ইলেক্ট্ৰনিক হস্তক্ষেপৰ পৰীক্ষা কৰা হৈছে। যদিহে এই পৰীক্ষা সফল হয় তেন্তে বিশ্বৰ প্ৰথম তিনিটা এয়াৰ টু এয়াৰ মিছাইলৰ ভিতৰত স্থান পাব গাণ্ডীৱ মিছাইলে।

বিশেষত্ব

  • ৰেঞ্জঃ ৩৪০ কিলোমিটাৰ (২০কিলোমিটাৰ ওখত) আৰু ১৯০ কিলোমিটাৰ (৮ কিলোমিটাৰ উচ্চতাত)
  • থ্ৰাষ্ট এডজাষ্টমেণ্ট: ইয়াৰ থ্ৰ’টলেবল ৰেমজেট ইঞ্জিনে উৰণৰ মাজভাগত থ্ৰাষ্ট সলনি কৰিব পাৰে, যাৰ ফলত ন’-এস্কেপ জ’ন (NEZ) বৃদ্ধি পায়।
  • লক্ষ্যঃ ±১০ কিলোমিটাৰsnap-up/snap-down ক্ষমতা আৰু ২০ ডিগ্ৰী এংগল অৱ এটাক। যি অত্যাধুনিক মেনুঅবৰেবল বিমানক লক্ষ্য কৰি লব পাৰিব।
  • শত্ৰুতকৈ শক্তিশালীঃ চীনৰ পি এল-১৫ (২০০-৩০০ কিলোমিটাৰ) আৰু পাকিস্তানৰ এ আই এম-১২০চি আমৰাম (১০৫-১২০ কিলোমিটাৰ)তকৈ দীৰ্ঘ দূৰত্ব। ইয়াতকৈ গাণ্ডীৱ শক্তিশালী।

 

অন্য খবৰ পঢ়কঃ S-500: ৰাছিয়া-ভাৰতে নিৰ্মাণ কৰিব নেকি S-500 বায়ু প্ৰতিৰক্ষা ব্যৱস্থা? জানক ইয়াৰ বিশেষত্ব…