5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Gandhi jayanti: কাইলৈ সমগ্ৰ দেশত পালন কৰা হ’ব গান্ধী জয়ন্তীঃ ‘বাপু’ৰ জীৱনৰ শেষৰ বাক্যশাৰী কি আছিল জানেনে?

Gandhi jayanti: ১৮৬৯ চনৰ ২ অক্টোবৰত গুজৰাটৰ পোৰবন্দৰত জন্ম হৈছিল মহাত্মা গান্ধীৰ। ব্ৰিটিছ শাসনৰ বিৰুদ্ধে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ মূল ব্যক্তি আছিল তেওঁ।

Gandhi jayanti: কাইলৈ সমগ্ৰ দেশত পালন কৰা হ’ব গান্ধী জয়ন্তীঃ ‘বাপু’ৰ জীৱনৰ শেষৰ বাক্যশাৰী কি আছিল জানেনে?
গান্ধী জয়ন্তী
barasha-sarma
Barasha Sarma | Updated On: 01 Oct 2024 15:27 PM

প্ৰতিবছৰে ২ অক্টোবৰৰ দিনটো গান্ধী জয়ন্তী হিচাপে পালন কৰা হয়। চলিত বৰ্ষতো কাইলৈ পালন কৰা হ’ব ১৫৫ সংখ্যক গান্ধী জয়ন্তী। জাতিৰ পিতা মহাত্মা গান্ধীক স্মৰণ কৰাৰ উদ্দেশ্য এই দিৱস পালন কৰা হয়। অহিংসা, সত্য আৰু নাগৰিকৰ অধিকাৰৰ হৈ মহাত্মা গান্ধীয়ে আগবঢ়াই যোৱা অৱদানে বিশ্বৰ বহু মানুহক অনুপ্ৰেৰণা যোগায়। ২ অক্টোবৰৰ দিনটোতেই এই মহান ব্যক্তিগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

ইতিহাস

মহাত্মা গান্ধীৰ প্ৰকৃত নাম মোহন দাস কৰমচান্দ গান্ধী। ১৮৬৯ চনৰ ২ অক্টোবৰত গুজৰাটৰ পোৰবন্দৰত জন্ম হৈছিল মহাত্মা গান্ধীৰ। ব্ৰিটিছ শাসনৰ বিৰুদ্ধে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ মুখ্য পথ প্ৰদৰ্শক ব্যক্তি আছিল তেওঁ। সদায় অহিংসা নীতি আগত ৰাখি ইংৰাজৰ বিৰুদ্ধে থিয় দি দেশ স্বাধীন কৰাৰ সপোন দেখিছিল। গান্ধীয়ে কৰা বিভিন্ন আন্দোলনে ১৯৪৭ চনত ভাৰতক স্বাধীনতা লাভ কৰাত সহায় কৰিছিল। অহিংসা আৰু সত্যাগ্ৰহৰ প্ৰতি গান্ধীজীৰ দায়বদ্ধতাই ভাৰতৰ স্বাধীনতা আন্দোলনক গঢ় দিয়াই নহয়, বিশ্ব শান্তি আন্দোলনকো প্ৰভাৱিত কৰিছিল।

মহাত্মা গান্ধীৰ জন্মদিন উপলক্ষ্যে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ২০০৭ চনৰ ১২ জুনত ২ অক্টোবৰত আন্তজাৰ্তিক অংহিসা দিৱস হিচাপে ঘোষণা কৰিছিল।

আন্দোলন

গান্ধীয়ে লণ্ডনৰ বিশ্ববিদ্যালয়ৰ পৰা আইনৰ শিক্ষা গ্ৰহণ কৰিছিল। দক্ষিণ আফ্ৰিকাত উকিল হৈ থকাৰ সময়তে তাত থকা প্ৰবাসী ভাৰতীয়সকলৰ বাবে সম অধিকাৰ বিচাৰি প্ৰথম অহিংস অসহযোগৰ প্ৰয়োগ কৰিছিল। ১৯১৫ চনত ভাৰতলৈ ঘূৰি আহি তেওঁ চৰকাৰৰ উচ্চ খাজনা আৰু বৈষম্যবাদী নীতিৰ প্ৰতিবাদ কৰিবলৈ খেতিয়ক আৰু নিবনুৱাসকলক একত্ৰিক কৰিছিল। ১৯২১ চনত গান্ধীয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতা হিচাপে দৰিদ্ৰতা নিবাৰণ, নাৰীৰ সম অধিকাৰ, অস্পৃশ্যতা বৰ্জন, ভাৰতক বিদেশী শাসনৰ পৰা মুক্ত কৰা আদি দাবীৰে দেশজোৰা গণ আন্দোলনৰ সূচনা কৰিছিল।

১৯৩০ চনত নিমখ কৰৰ প্ৰতিবাদ কৰি তেওঁ দাণ্ডী যাত্ৰা কৰিছিল। ১৯৪২ চনত ইংৰাজৰ বিৰুদ্ধে কৰিছিল ভাৰত ত্যাগ আন্দোলন। আন্দোলনৰ বাবে তেওঁ ভাৰত আৰু দক্ষিণ আফ্ৰিকাত কেইবাবাৰো কাৰাবাস খাটিবলগীয়া হৈছিল। গান্ধীয়ে সত্য আৰু অহিংসাৰ ক্ষেত্ৰত গুৰুত্ব দিছিল। ১৯৪২ চনত যেতিয়া গান্ধীয়ে স্বাধীনতাৰ দাবী কৰিছিল তেতিয়া গান্ধীৰ লগতে বহু নেতাক কাৰাবাস দিয়া হৈছিল। অৱশেষত ১৯৪৭ চনৰ আগষ্ট মাহত ভাৰত আৰু পাকিস্তান নামেৰে দুখন ৰাষ্ট্ৰ গঠন হৈছিল। অৱশ্যে এই দ্বিখণ্ডিত ব্যৱস্থাত গান্ধীৰ সমৰ্থন নাছিল।

পালন

ভাৰতত গান্ধী জয়ন্তী ৰাষ্ট্ৰীয় বন্ধ হিচাপে পালন কৰা হয়। এই দিনটোত সমগ্ৰ দেশত প্ৰাৰ্থনা সভা, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আদি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হয়। দেশৰ বহু নেতা- মন্ত্ৰী, প্ৰধানমন্ত্ৰী আদিয়ে গান্ধীক শ্ৰদ্ধাঞ্জলি জনাবলৈ ৰাজঘাটত উপস্থিত হয়। গান্ধী জয়ন্তী কেৱল গান্ধীৰ জন্মদিন হিচাপেই নহয়, তেওঁৰ অহিংসা, সত্য আৰু ন্যায়ৰ চিৰস্থায়ী মূল্যবোধৰ ওপৰত আগবঢ়ি যোৱাত সুযোগ প্ৰদান কৰে।

মৃত্যু

স্বাধীনতাৰ প্ৰায় এবছৰ পাছতেই ১৯৪৮ চনৰ ৩০ জানুৱাৰীত গান্ধীক গুলীয়াই হত্যা কৰা হয়। এক পথ সভাত অংশ গ্ৰহণ কৰাৰ সময়তে নথুৰাম গডছে তেওঁক গুলিয়াই হত্যা কৰিছিল। গডচে আৰু তেওঁৰ সহযোগী নাৰায়ন আপ্তেক গান্ধী হত্যাৰ অপৰাধত ১৯৪৯ চনত ফাঁচী দিয়া হৈছিল। কোৱা হয় গান্ধীয়ে জীৱনৰ শেষৰটো বাক্য কৈছিল- হে ৰাম। সেয়ে এই বাক্যটো ৰাজঘাটত খোদিত কৰা আছে।

Latest News