সঞ্জয় গান্ধীৰ পৰা অজিত পাৱাৰলৈ…বিমান আৰু হেলিকপ্টাৰ দুৰ্ঘটনাত ভাৰতে হেৰুৱাইছে এইসকল বিশিষ্ট ব্যক্তিক
বিমান দুৰ্ঘটনাই দেশৰ বিশিষ্ট নেতাৰ প্ৰাণ কাঢ়ি নিয়াৰ ঘটনা এইটোৱেই প্ৰথম নাছিল। ইয়াৰ পূৰ্বেও এনে কেবাটাও শোকাৱহ বিমান দুৰ্ঘটনা সংঘটিত হৈছিল। য'ত প্ৰাণ হেৰুৱাইছিল কেবাগৰাকীও ৰাজনীতিক আৰু আন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিয়ে।
বুধবাৰে পুৱাতেই সমগ্ৰ দেশত বিয়পি পৰিল এটা দুখজনক খবৰ। মহাৰাষ্ট্ৰৰ পুনে জিলাৰ বাৰামাটিত বিমান দুৰ্ঘটনাত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী তথা এনচিপিৰ মুৰব্বী অজিত পাৱাৰে প্ৰাণ হেৰুৱায়। ৰাজ্যখনৰ ইতিহাসৰ আটাইতকৈ দীৰ্ঘদিনীয়া উপ-মুখ্যমন্ত্ৰী পাৱাৰৰ বয়স আছিল ৬৬ বছৰ। তেওঁৰ মৃত্যুৱে ভাৰতৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ৰাজনৈতিক নেতা তথা প্ৰসিদ্ধ ব্যক্তিসকলৰ তালিকাত আন এটা নাম যোগ কৰিলে।
বিমান দুৰ্ঘটনাই দেশৰ বিশিষ্ট নেতাৰ প্ৰাণ কাঢ়ি নিয়াৰ ঘটনা এইটোৱেই প্ৰথম নাছিল। ইয়াৰ পূৰ্বেও এনে কেবাটাও শোকাৱহ বিমান দুৰ্ঘটনা সংঘটিত হৈছিল। য’ত প্ৰাণ হেৰুৱাইছিল কেবাগৰাকীও ৰাজনীতিক আৰু আন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিয়ে।
হোমী জাহাংগীৰ ভাবা (১৯৬৬)
ভাৰতৰ অগ্ৰণী পাৰমাণৱিক পদাৰ্থবিজ্ঞানী হোমি জাহাংগীৰ ভাবাৰ ১৯৬৬ চনৰ ২৪ জানুৱাৰীত এক মৰ্মান্তিক বিমান দুৰ্ঘটনাত মৃত্যু হয়। জেনেভা এয়াৰ ট্ৰেফিক কণ্ট্ৰ’লৰ সৈতে হোৱা ভুল যোগাযোগৰ বাবে ছুইজাৰলেণ্ডৰ আল্পছৰ মণ্ট ব্লাংকৰ সৈতে এয়াৰ ইণ্ডিয়াৰ ফ্লাইট ১০১ বিমানখনৰ সংঘৰ্ষ হয়। চৰকাৰী তদন্তত এই দুৰ্ঘটনাৰ কাৰণ পাইলট আৰু জেনেভা বিমানবন্দৰ কৰ্তৃপক্ষৰ মাজত মণ্ট ব্লাংকৰ ওচৰত বিমানখনৰ অৱস্থানক লৈ বিভ্ৰান্তি হোৱা বুলি কোৱা হৈছে।
বলৱন্তৰায় মেহতা (১৯৬৫)
গুজৰাটৰ দ্বিতীয় মুখ্যমন্ত্ৰী বলৱন্তৰায় মেহতাৰো এক শোকাৱহ বিমান দুৰ্ঘটনাত মৃত্যু ঘটিছিল। ১৯৬৫ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত পাকিস্তানী বায়ুসেনাৰ জেট বিমানে সীমান্তৰ সমীপত তেওঁ যাত্ৰা কৰা অসামৰিক বিমানখন ভুলতে গুলীয়াই ভূপতিত কৰিছিল।
গুৰনাম সিং (১৯৭৩)
১৯৭৩ চনৰ ৩১ মে’ত দিল্লীত বিমান দুৰ্ঘটনাত পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গুৰনাম সিঙৰ মৃত্যু ঘটে।
সঞ্জয় গান্ধী (১৯৮০)
তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ পুত্ৰ তথা কংগ্ৰেছ নেতা সঞ্জয় গান্ধীৰো বিমান দুৰ্ঘটনাত মৃত্যু হয়। মাত্ৰ ৩৩ বছৰ বয়সতে তেওঁ ১৯৮০ চনৰ ২৩ জুনত দিল্লীৰ চফদৰজং বিমানবন্দৰৰ ওচৰত বিমান উৰুৱাই থাকোঁতে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। সেই সময়ত সঞ্জয় গান্ধীৰ ৰাজনৈতিক প্ৰভাৱ আছিল বিপুল।
মাধৱৰাও সিন্ধিয়া (২০০১)
মধ্যপ্ৰদেশৰ প্ৰভাৱশালী ৰাজকীয় পৰিয়ালৰ সদস্য তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা মাধৱৰাও সিন্ধিয়াৰ ২০০১ চনৰ ৩০ ছেপ্টেম্বৰত উত্তৰ প্ৰদেশৰ মইনপুৰী জিলাত চাৰ্টাৰ্ড বিমান দুৰ্ঘটনাত মৃত্যু হয়। ৰাজনৈতিক সমাৱেশত ভাষণ দিবলৈ কানপুৰলৈ গৈ থকা অৱস্থাত সংঘটিত দুৰ্ঘটনাত তেওঁৰ জীৱনৰ পৰিসমাপ্তি ঘটে। ইয়াৰ পূৰ্বে তেওঁ নৰসিংহ ৰাও চৰকাৰত কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
জিএমচি বালায়োগী (২০০২)
২০০২ চনৰ ৩ মাৰ্চত অন্ধ্ৰ প্ৰদেশৰ কৃষ্ণ জিলাত বেল ২০৬ হেলিকপ্টাৰ দুৰ্ঘটনাত লোকসভাৰ অধ্যক্ষ জিএমচি বালযোগীৰ মৃত্যু হয়। ভীমৱৰামৰ পৰা উভতি অহাৰ সময়ত চপাৰখনে উচ্চতা হেৰুৱাই বিজয়াৱড়াৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ নিলগৰ কোৱৱাদলংকা গাঁৱত গছত খুন্দা মাৰে।
চাইপ্ৰিয়ান চাংমা (২০০৪)
২০০৪ চনৰ ২২ ছেপ্টেম্বৰত গুৱাহাটীৰ পৰা শিলচৰ অভিমুখী পৱন হংসৰ এখন হেলিকপ্টাৰ ৰাজ্যৰ ৰাজধানীৰ পৰা প্ৰায় ২০ কিলোমিটাৰ নিলগৰ বৰাপানী হ্ৰদৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত হোৱাত মেঘালয়ৰ গ্ৰামোন্নয়ন মন্ত্ৰী চাইপ্ৰিয়ান চাংমাসহ আন ৯ জনৰ মৃত্যু হয়।
অ’ পি জিন্দল (২০০৫)
২০০৫ চনৰ মাৰ্চ মাহত উত্তৰ প্ৰদেশৰ চাহাৰনপুৰ জিলাত হেলিকপ্টাৰ দুৰ্ঘটনাত ঔদ্যোগিক তথা কংগ্ৰেছ নেতা ওম প্ৰকাশ জিন্দলৰ মৃত্যু হয়। অ’ পি জিন্দাল গ্ৰুপৰ অধ্যক্ষ তথা হাৰিয়ানাৰ শক্তি মন্ত্ৰীগৰাকীয়ে তেতিয়াৰ হাৰিয়ানাৰ মুখ্যমন্ত্ৰী বংসী লালৰ পুত্ৰকে ধৰি আন তিনিজন লোকৰ সৈতে যাত্ৰা কৰিছিল।
ৱাই এছ ৰাজশেখৰ ৰেড্ডী (২০০৯)
অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই এছ ৰাজশেখৰ ৰেড্ডী বহুলভাৱে ৱাই এছ আৰ নামেৰে পৰিচিত, ২০০৯ চনৰ ২ ছেপ্টেম্বৰত তেওঁৰ হেলিকপ্টাৰ নল্লামালা পাহাৰত ভূপতিত হোৱাৰ ফলত তেওঁৰ মৃত্যু হয়। ইয়াৰ এদিন পিছতে ব্যাপক অনুসন্ধানৰ অন্তত উদ্ধাৰ হয় হেলিকপ্টাৰখন।
দৰ্জী খাণ্ডু (২০১১)
২০১১ চনত চীন সীমান্তৰ সমীপত হেলিকপ্টাৰ নিৰুদ্দেশ হয়। সেই হেলিকপ্টাৰত আছিল অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী দৰ্জী খাণ্ডু। ঘন পাহাৰত হেলিকপ্টাৰখন দুৰ্ঘটনাত পতিত হোৱাত মৃত্যু হৈছিল দৰ্জী খাণ্ডুৰ। কিছুদিন পিছত তেওঁৰ মৃতদেহ উদ্ধাৰ হয়। হেলিকপ্টাৰখনত থকা আন চাৰিজন — দুজন পাইলট, তেওঁৰ নিৰাপত্তা বিষয়া আৰু টাৱাঙৰ এজন বিধায়কৰ আত্মীয়ৰো মৃত্যু ঘটে এই দুৰ্ঘটনাত।
চিডিএছ জেনেৰেল বিপিন ৰাৱাট (২০২১)
২০২১ চনৰ ৮ ডিচেম্বৰত ভাৰতৰ প্ৰথমগৰাকী প্ৰতিৰক্ষা মুৰব্বী জেনেৰেল বিপিন ৰাৱটৰ মৃত্যু ঘটে এক হেলিকপ্টাৰ দুৰ্ঘটনাত। তেওঁৰ সৈতে পত্নী মধুলিকা ৰাৱট আৰু আন কেবাগৰাকীও সামৰিক ব্যক্তি আছিল। তামিলনাডুৰ কুনুৰৰ সমীপৰ পাহাৰত এই দুৰ্ঘটনা সংঘটিত হয়। আন ১১ জন লোকৰ সৈতে চুলুৰৰ পৰা ৱেলিংটনলৈ গৈ আছিল বিপিন ৰাৱাট আৰু তেওঁৰ পত্নী।
বিজয় ৰূপানী (২০২৫)
গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপি নেতা বিজয় ৰূপানীয়ে আহমেদাবাদৰ পৰা লণ্ডনলৈ পৰিয়ালক সাক্ষাৎ কৰিবলৈ ওলাইছিল। যোৱা বছৰৰ ১২ জুনত উৰণৰ পিছতে এয়াৰ ইণ্ডিয়াৰ ১৭১ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ লগে লগে ২৪১ গৰাকী যাত্ৰীৰ মৃত্যু ঘটে। সেই বিমানখনত আছিল বিজয় ৰূপানী। ২০১৬ চনৰ পৰা ২০২১ চনলৈকে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৰূপানীয়ে।
অজিত পাৱাৰ (২০২৬)
মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী তথা এনচিপিৰ মুৰব্বী অজিত পাৱাৰৰ ২৮ জানুৱাৰীত মৃত্যু ঘটে। বাৰামাটিত এখন জনসভাত অংশ ল’বলৈ যাত্ৰা কৰিছিল। কিন্তু অৱতৰণৰ সময়তে সমস্যাৰ সন্মুখীন হয় বিমানখন। ঘনকুঁৱলীৰ বাবে জৰুৰী অৱতৰণ কৰিবলগীয়া হয় অজিত পাৱাৰ যোৱা বিমানখন। কিন্তু অৱতৰণ কৰাৰ সময়তেই বিমানখন দুৰ্ঘটনাত পতিত হয়। ফলত অজিত পাৱাৰৰ লগতে আন ৫ গৰাকী যাত্ৰী আৰু পাইলটে প্ৰাণ হেৰুৱায়।