পাৰ্টিৰ অজুহাতত হোটেললৈ নিলে…তাৰ পিছত দুই যুৱতীৰ সৈতে জঘন্য কাণ্ড ৪ বন্ধুৰ
পাৰ্টিৰ অজুহাতত দুই যুৱতীক এখন হোটেললৈ লৈ যায়। তেওঁলোকক মদৰ সৈতে আন বিভিন্ন সুস্বাদু খাদ্য আগবঢ়োৱা হৈছিল। ইয়াৰ পিছত চাৰিওজনে এজন এজনকৈ দুই যুৱতীক দলবদ্ধ ধৰ্ষণ কৰে।

ঝাৰখণ্ডৰ জামছেদপুৰত দুগৰাকী যুৱতীৰ দলবদ্ধ ধৰ্ষণৰ ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে। অভিযুক্তই পাৰ্টিৰ অজুহাতত ২ যুৱতী দুগৰাকীক এখন হোটেললৈ নি জোৰকৈ মদ্যপান কৰিবলৈ বাধ্য কৰে। যুৱতী দুগৰাকীয়ে যেতিয়া মদ্যপান কৰি চেতনা হেৰুৱাইছিল, তেতিয়া অভিযুক্তই সকলো সীমা অতিক্ৰম কৰি এই কাণ্ড সংঘটিত কৰে।
সাকচি থানা এলেকাত সংঘটিত হৈছে এই ঘটনা। য’ত দুগৰাকী যুৱতীক তেওঁলোকৰ চিনাকি একাংশ যুৱকে এখন হোটেলত দলবদ্ধ ধৰ্ষণ কৰিছিল। পাৰ্টিৰ অজুহাতত দুই যুৱতীক এখন হোটেললৈ লৈ যায়। তেওঁলোকক মদৰ সৈতে আন বিভিন্ন সুস্বাদু খাদ্য আগবঢ়োৱা হৈছিল। ইয়াৰ পিছত চাৰিওজনে এজন এজনকৈ দুই যুৱতীক দলবদ্ধ ধৰ্ষণ কৰে।
যুৱতীকেইগৰাকীয়ে জ্ঞান ঘূৰাই পোৱাত পলায়ন কৰি আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে। তাৰ পিছত তেওঁলোকক সদৰ চিকিৎসালয়ত চিকিৎসা পৰীক্ষা কৰা হয়। ইয়াৰ পিছতে সাকচি আৰক্ষীয়ে দলবদ্ধ ধৰ্ষণৰ লগত জড়িত চাৰি অভিযুক্তক গ্ৰেপ্তাৰ কৰে। চাৰি অভিযুক্তৰ নাম তৰুণ শৰ্মা, কৰণ কুমাৰ ৰাণা, কৈলাশ মিশ্ৰ, আৰু ৰৌনক কুমাৰ দাস। ধৃত অভিযুক্তৰ ভিতৰত আছে হোটেলৰ মালিক আৰু তিনিজন হোটেল কৰ্মচাৰী।
আৰক্ষীয়ে হোটেলৰ কোঠাটোত তালাচী চলাই সুৰাৰ বটল, চিগাৰেট আদিকে ধৰি কেইবাটাও অপৰাধমূলক সামগ্ৰী উদ্ধাৰ কৰে। উল্লেখ্য যে, ইয়াৰ পূৰ্বে ১৩ অক্টোবৰৰ নিশা ৰাঁচীৰ ৰাটু থানা এলেকাত মেলাৰ পৰা উভতি অহা নাবালিকা ছোৱালীক চিনাকি আৰু নাবালক বন্ধুকে ধৰি ৯ জন অভিযুক্তই অপহৰণ কৰি পথাৰলৈ লৈ যায় আৰু ধৰ্ষণ কৰে। এই গোচৰৰ তিনিজন নাবালককে ধৰি পাঁচজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। বাকী প্ৰাপ্তবয়স্ক অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হয়।