শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

হুৰমূৰকৈ বাগৰি পৰিল চাৰি মহলীয়া অট্টালিকা, আৱদ্ধ ১২ জন লোকঃ অব্যাহত উদ্ধাৰ অভিযান

এটা চাৰি মহলীয়া অট্টালিকা ভাঙি বাগৰি পৰাৰ ফলত সৃষ্টি হৈছে এক আতংকময় পৰিস্থিতিৰ। এই অট্টালিকাটো অবৈধভাৱে নিৰ্মাণ কৰা বুলিও তথ্য পোহৰলৈ আহিছে। ক্ষণিকৰ ভিতৰতে অট্টালিকাটো ভাঙি বাগৰি পৰাৰ ফলত কেইবাজনো লোক এই ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ পৰে। ঘটনাস্থলীত সম্প্ৰতি উদ্ধাৰ অভিযান অব্যাহত থকা বুলি জানিব পৰা গৈছে।

হুৰমূৰকৈ বাগৰি পৰিল চাৰি মহলীয়া অট্টালিকা, আৱদ্ধ ১২ জন লোকঃ অব্যাহত উদ্ধাৰ অভিযান
ঘটনাস্থলীত অব্যাহত উদ্ধাৰ অভিযানImage Credit source: PTI
monjit-dutta
Monjit Dutta | Updated On: 12 Jul 2025 10:53 AM

দিল্লীৰ সীলমপুৰ অঞ্চলত সংঘটিত হৈছে এক ভয়ানক দুৰ্ঘটনা। এটা চাৰি মহলীয়া অট্টালিকা ভাঙি বাগৰি পৰাৰ ফলত সৃষ্টি হৈছে এক আতংকময় পৰিস্থিতিৰ। প্ৰকাশিত খবৰ অনুসৰি এই অট্টালিকাটো জনতা মজদুৰ কলনীত নিৰ্মাণ কৰা হৈছিল। অবৈধভাৱে এই অট্টালিকাটো নিৰ্মাণ কৰা বুলিও তথ্য পোহৰলৈ আহিছে ক্ষণিকৰ ভিতৰতে অট্টালিকাটো ভাঙি বাগৰি পৰাৰ ফলত কেইবাজনো লোক এই ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ পৰে ঘটনাস্থলীত সম্প্ৰতি উদ্ধাৰ অভিযান অব্যাহত থকা বুলি জানিব পৰা গৈছে

ঘটনা সন্দৰ্ভত প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া মতে দুৰ্ঘটনাৰ সময়ত অট্টালিকাটোত বহুকেইটা পৰিয়াল উপস্থিত আছিল। অট্টালিকাটো ভাঙি পৰাৰ লগে লগে স্থানীয় প্ৰশাসনক এই বিষয়ে অৱগত কৰা হয় অগ্নিনিৰ্বাপক বাহিনীৰ তথ্য অনুসৰি আজি পুৱা প্ৰায় ৭ বজাত সীলমপুৰ অঞ্চলত এই ঘটনা সংঘটিত হোৱা বুলি খবৰ লাভ কৰে এই খবৰ লাভ কৰাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ বহুকেইখন বাহন ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হয়।

ইফালে এই দুৰ্ঘটনা সম্পৰ্কে তথ্য লাভ কৰাৰ লগে লগে স্থানীয় আৰক্ষীৰ এটা দলো সেই স্থানত উপস্থিত হয়। সম্প্ৰতি আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী আৰু এন ডি আৰ এফৰ দলে ঘটনাস্থলীত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে বুলি প্ৰশাসনে লগতে জানিবলৈ দিয়ে ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ থকা লোকসকলক উদ্ধাৰৰ বাবে অভিযান দ্ৰুতগতিত চলোৱা হৈছে

ইতিমধ্যে ৩ জন লোকক উদ্ধাৰ কৰা হৈছে বুলি প্ৰকাশ পাইছে। আনহাতে এতিয়াও প্ৰায় ১২ জন লোক আৱদ্ধ হৈ থকাৰ সম্ভাৱনা প্ৰকাশ কৰিছে স্থানীয় লোক তথা প্ৰশাসনেস্থানীয় লোকসকলে সদৰী কৰা মতে, অট্টালিকাৰ পিছফালে পানী জমা হৈ আছিল আৰু এনে পৰিস্থিতিত অট্টালিকাটোৰ ভেটিটো দুৰ্বল হৈ পৰিছিল। এই কাৰণতে এনে দুৰ্ঘটনা সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে

সম্প্ৰতি উদ্ধাৰ অভিযান সূচাৰু ৰূপে পৰিচালনা কৰাৰ স্বাৰ্থত ঘটনাস্থলী সম্পূৰ্ণৰূপে ছীল কৰা হৈছে। ইফালেৰ আৰক্ষীয়ে অট্টালিকাটোৰ স্বত্বাধিকাৰীৰ সন্ধান চলাই থকা বুলি প্ৰকাশ পাইছে প্ৰশাসনে ইতিমধ্যে এই দুৰ্ঘটনা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিছে।