শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

৯১ বছৰ বয়সত প্ৰাক্তন কেন্দ্ৰীয় গৃহমন্ত্ৰী শিৱৰাজ পাটিলৰ দেহাৱসান

৯১ বছৰ বয়সত দেহাৱসান প্ৰাক্তন কেন্দ্ৰী গৃহমন্ত্ৰীগৰাকীৰ। কেন্দ্ৰীয় চৰকাৰৰ কেইবাটাও উচ্চ পদবীত অধিষ্ঠিত হোৱা পাটিলে লাটুৰ লোকসভা সমষ্টিৰ পৰা সাতবাৰ নিৰ্বাচিত হৈছিল।

৯১ বছৰ বয়সত প্ৰাক্তন কেন্দ্ৰীয় গৃহমন্ত্ৰী শিৱৰাজ পাটিলৰ দেহাৱসান
manas-borah
Manas Borah | Published: 12 Dec 2025 11:16 AM

দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত নিজা বাসগৃহতে শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন কেন্দ্ৰীয় গৃহমন্ত্ৰী শিৱৰাজ পাটিলে। ৯১ বছৰ বয়সত দেহাৱসান প্ৰাক্তন কেন্দ্ৰী গৃহমন্ত্ৰীগৰাকীৰ। কেন্দ্ৰীয় চৰকাৰৰ কেইবাটাও উচ্চ পদবীত অধিষ্ঠিত হোৱা পাটিলে লাটুৰ লোকসভা সমষ্টিৰ পৰা সাতবাৰ নিৰ্বাচিত হৈছিল। তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে দলটোৱে।

শিৱৰাজ পাটিলৰ বয়স আছিল প্ৰায় ৯১ বছৰ। বহুদিন ধৰি তেওঁ অসুস্থ হৈ আছিল। পুৱা প্ৰায় ৬:৩০ বজাত লাটুৰৰ দেওঘৰত থকা নিজৰ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে মন্ত্ৰীগৰাকীয়ে। অসুস্থতাৰ বাবে ঘৰতে চিকিৎসাধীন হৈ আছিল পাটিল। শিৱৰাজ পাটিলে লোকসভাৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি কেইবাটাও কেন্দ্ৰীয় মন্ত্ৰী পদত অধিষ্ঠিত হৈছিল।

শিৱৰাজ পাটিলে এগৰাকী প্ৰভাৱশালী কংগ্ৰেছ নেতা হিচাপে ৭ বাৰকৈ লাটুৰ লোকসভা সমষ্টিত জয়ী হৈছিল। ২০০৪ চনৰ পৰা ৰাজ্যসভাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ অন্যান্য পদৰ লগতে গৃহমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈছিল। তেওঁৰ মৃত্যুত কংগ্ৰেছ দলৰ লগতে সকলো কৰ্মীয়ে শোক প্ৰকাশ কৰাৰ লগতে তেওঁৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।

২০০৮ চনত মুম্বাইত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছিল। সেই সময়ত শিৱৰাজ পাটিল গৃহমন্ত্ৰী আছিল। নিৰাপত্তাজনিত ভুলৰ বাবে তেওঁ যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছিল, যাৰ ফলত তেওঁ পদত্যাগ কৰিছিল। পাটিলে এই আক্ৰমণ ৰোধ কৰাত ব্যৰ্থ হোৱা বুলিও স্বীকাৰ কৰে।

১৯৩৫ চনৰ ১২ অক্টোবৰত লাটুৰ জিলাৰ চাকুৰত শিৱৰাজ পাটিলৰ জন্ম হৈছিল। ১৯৬৭ চনৰ পৰা ১৯৬৯ চনলৈ তেওঁ লাটুৰ পৌৰ নিগমত কাৰ্যনিৰ্বাহ কৰিছিল।শিৱৰাজ পাটিলে কেৱল ইন্দিৰা গান্ধীৰ চৰকাৰতে নহয়, ৰাজীৱ গান্ধীৰ চৰকাৰতো গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিছিল। ১৯৯১ চনৰ পৰা ১৯৯৬ চনলৈ লোকসভাৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰা তেখেতে ওছমানিয়া বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰাৰ লগতে মুম্বাই বিশ্ববিদ্যালয়ত আইন অধ্যয়ন কৰে।