শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ আৱাসগৃহত উদ্ধাৰ টকাৰ দ’ম, লগে লগে এক্সন আৰম্ভ

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ চৰকাৰী বাংলোত অজ্ঞাত কাৰণত অগ্নিকাণ্ড সংঘটিত হয়। জুই নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনীৰ বাহন। জুই নিৰ্বাপিত হোৱাৰ পিছতে বাসগৃহটোৰ ক্ষয়-ক্ষতিৰ বুজ লয় আৰক্ষীয়ে। সেই সময়তে চলোৱা অভিযানত আৰক্ষীয়ে বাংলোটোৰ এটা কোঠাত বৃহৎ পৰিমাণৰ নগদ ধন উদ্ধাৰ কৰে।

উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ আৱাসগৃহত উদ্ধাৰ টকাৰ দ’ম, লগে লগে এক্সন আৰম্ভ
ন্যায়াধীশৰ চৰকাৰী আৱাসগৃহত উদ্ধাৰ টকাৰ দ'ম
trishna-kalita
Trishna Kalita | Published: 21 Mar 2025 20:27 PM

দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ ঘৰত সংঘটিত অগ্নিকাণ্ডই দেশজুৰি সৃষ্টি কৰিছে চাঞ্চল্য। পিছে চাঞ্চল্যৰ কাৰণ অগ্নিকাণ্ড নহয়, আন কিবাহে। যিটো জানিলে আচৰিত হ’ব আপুনিও। প্ৰকৃততে জুই নুমাই থাকোঁতে ন্যায়াধীশৰ ঘৰত উদ্ধাৰ হয় ধনৰ ভাণ্ডাৰ। এই ঘটনাৰ পিছত অনুষ্ঠিত বৈঠকত ন্যায়াধীশগৰাকীক এলাহাবাদ উচ্চ ন্যায়ালয়লৈ বদলি কৰাৰ সিদ্ধান্ত লোৱা হয়। তাৰ পাছতে একাংশ ন্যায়াধীশে তেওঁৰ পদত্যাগ আৰু এই বিষয়ত তদন্তৰ দাবী জনাই। এই ঘটনাই এতিয়া ন্যায়পালিকাত আলোড়নৰ সৃষ্টি কৰিছে। ইয়াৰ পূৰ্বে ২০২১ চনৰ অক্টোবৰ মাহত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ পৰা দিল্লী উচ্চ ন্যায়ালয়লৈ বদলি হৈছিল ন্যায়াধীশ যশৱন্ত বাৰ্মাক।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ চৰকাৰী বাংলোত অজ্ঞাত কাৰণত অগ্নিকাণ্ড সংঘটিত হয়। জুই নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনীৰ বাহন। তাৰ পাছতে অগ্নিনিৰ্বাপক বাহিনীৰ লোক আৰু আৰক্ষীয়ে জুই নিৰ্বাপনৰ চেষ্টা চলায়। জুই নিৰ্বাপিত হোৱাৰ পিছতে বাসগৃহটোৰ ক্ষয়-ক্ষতিৰ বুজ লয় আৰক্ষীয়ে। সেই সময়তে চলোৱা অভিযানত আৰক্ষীয়ে বাংলোটোৰ এটা কোঠাত বৃহৎ পৰিমাণৰ নগদ ধন উদ্ধাৰ কৰে। ঘটনাটো সন্দৰ্ভত আৰক্ষীয়ে বিষয়াক অৱগত কৰে। ইয়াৰ পিছত বৃহৎ পৰিমাণৰ নগদ ধন আদায়ৰ আনুষ্ঠানিক অভিলেখ ৰেকৰ্ড বুকত লিপিবদ্ধ কৰা হয়।

তাৰ পাছতে এই তথ্য CJIক দিয়া হয়। বিষয়টো গুৰুত্বসহকাৰে লৈ জৰুৰীকালীন কলেজিয়াম বৈঠক আহ্বান কৰা হয়। য’ত ন্যায়াধীশ যশৱন্ত বাৰ্মাক এলাহাবাদ উচ্চ ন্যায়ালয়লৈ বদলি কৰাৰ সিদ্ধান্ত লোৱা হয়। ইফালে একাংশ ন্যায়াধীশে তেওঁৰ পদত্যাগৰ দাবীৰ লগতে সমগ্ৰ বিষয়টোৰ তদন্তৰ বাবেও অনুৰোধ জনাইছে। তেওঁলোকে কয় যে, এই ক্ষেত্ৰত কেৱল বদলিয়েই যথেষ্ট নহয়। এই ঘটনাই ন্যায়পালিকাৰ ভাবমূৰ্তি কলংকিত কৰিছে। সেয়ে তেওঁলোকৰ দাবী যে ন্যায়াধীশ যশৱন্ত বাৰ্মাই পদত্যাগ কৰক। যদি তেওঁ অমান্তি হয় তেন্তে ১৯৯৯ চনত উচ্চতম ন্যায়ালয়ে সৃষ্টি কৰা আভ্যন্তৰীণ পদ্ধতিৰ অধীনত মুখ্য ন্যায়াধীশে তেওঁৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰক।

জানিব পৰা মতে, অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত বাংলোত উপস্থিত নাছিল ন্যায়াধীশ যশৱন্ত বাৰ্মা। অগ্নিকাণ্ড সন্দৰ্ভত অগ্নিনিৰ্বাপক বাহিনীক অৱগত কৰিছিল পৰিয়ালৰ লোকে। তাৰ পাছত ঘটনাস্থলীত উপস্থিত হৈ অগ্নিনিৰ্বাপক বাহিনীৰ দলটোৱে জুই নিয়ন্ত্ৰণলৈ আনে। ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ সময়তে বাংলোটোৰ এটা কোঠাত বৃহৎ পৰিমাণৰ নগদ ধন উদ্ধাৰ কৰে। এতিয়া এই ঘটনাক লৈ ন্যায়পালিকাত চাঞ্চল্য অব্যাহত আছে।

ন্যায়াধীশ যশৱন্ত বাৰ্মা কোন?

ন্যায়াধীশ যশৱন্ত বাৰ্মাই ১৯৯২ চনৰ ৮ আগষ্টৰ পৰা এলাহাবাদ উচ্চ ন্যায়ালয়ত আইন চৰ্চা আৰম্ভ কৰে। ২০১৪ চনৰ অক্টোবৰ মাহত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হয়। ২০১৬ চনৰ ফেব্ৰুৱাৰী মাহত এলাহাবাদ উচ্চ ন্যায়ালয়ত স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে। ২০২১ চনৰ ১১ অক্টোবৰত দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হয়।