শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

দাওদাওকৈ জ্বলি উঠিল চলন্ত গৰীব ৰথ এক্সপ্ৰেছৰ ডবা, যাত্ৰীৰ মাজত লাগিল হাহাকাৰ

ৰে’লখন ছিৰহিন্দ ষ্টেচন পাৰ হৈ যোৱাৰ সময়তে পুৱা প্ৰায় ৭:৩০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। ৰে’লখনৰ ১৯ নম্বৰ এচি ডবাত এই অগ্নিকাণ্ড সংঘটিত হয় বুলি জানিব পৰা গৈছে। এই অগ্নিকাণ্ডৰ ফলত চলন্ত ৰে’লখনত এক আতংকময় পৰিস্থিতিৰ উদ্ভৱ হয়।

দাওদাওকৈ জ্বলি উঠিল চলন্ত গৰীব ৰথ এক্সপ্ৰেছৰ ডবা, যাত্ৰীৰ মাজত লাগিল হাহাকাৰ
চলন্ত ৰে’লত লাগিল জুই (প্ৰতিনিধিত্বমূলক ছবি)Image Credit source: PTI
monjit-dutta
Monjit Dutta | Published: 18 Oct 2025 11:34 AM

পঞ্জাৱত আজি সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা পুৱা পঞ্জাৱৰ লুধিয়ানাৰ পৰা দিল্লী অভিমুখে যাত্ৰাৰত অৱস্থাতে গৰীব ৰথ এক্সপ্ৰেছৰ এটা ডবাত অগ্নিকাণ্ড সংঘটিত হয়পঞ্জাৱৰ ছিৰহিন্দ ষ্টেচনৰ সমীপত সংঘটিত হৈছে এই ঘটনা। প্ৰাৰম্ভিক তদন্তত শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে এই অগ্নিকাণ্ডৰ ফলত চলন্ত ৰেলখনত এক আতংকময় পৰিস্থিতিৰ উদ্ভৱ হয়। অৱশ্যে এই ঘটনাত কোনো যাত্ৰী নিহত বা আহত হোৱা নাই বুলি ৰে’ল বিভাগৰ বিষয়াসকলে সদৰী কৰিছে।

আম্বালাৰ নৰ্থ ৰে’লৱেৰ কৰ্তৃপক্ষই এই সন্দৰ্ভত তথ্য প্ৰকাশ কৰি কয় যে ছিৰহিন্দ জংচনত ১২২০৪ নম্বৰ ৰে’ল অমৃতসৰ-ছহৰছা গৰীব ৰথ এক্সপ্ৰেছত অগ্নিকাণ্ড সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে। ৰেলৱেৰ কৰ্মচাৰী আৰু স্থানীয় বিষয়া ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় বুলি কৰ্তৃপক্ষই লগতে সদৰী কৰে।

অৱশ্যে সম্প্ৰতি পৰিস্থিতি নিয়ন্ত্ৰণত আছে আৰু এইপৰ্যন্ত কোনো লোক বিপদৰ সন্মুখীন হোৱা নাই বুলিও কৰ্তৃপক্ষই জানিবলৈ দিয়ে ৰেলখন ছিৰহিন্দ ষ্টেচন পাৰ হৈ যোৱাৰ সময়তে পুৱা প্ৰায় ৭:৩০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। ৰেলখনৰ ১৯ নম্বৰ এচি ডবাত এই অগ্নিকাণ্ড সংঘটিত হয় বুলি জানিব পৰা গৈছে।

পাইলটে দেখুৱালে তৎপৰতা

ডবাটোৰ পৰা ধোঁৱা ওলাবলৈ ধৰাত যাত্ৰীসকল আতংকিত হৈ পৰে। লগে লগে লোকো পাইলটে জৰুৰীকালীন ব্ৰেক লগাই ৰেলখন নিয়ন্ত্ৰণলৈ আনে আৰু সকলো যাত্ৰীক নিৰাপদে নামি যাবলৈ পৰামৰ্শ দিয়ে। এই সময়ছোৱাত ৰেলখনত থকা যাত্ৰীসকলে ডবাতে নিজৰ লাগেজ এৰি সম্ভাৱ্য বিপদৰ পৰা নিজকে ৰক্ষাৰ বাবে ৰেলৰ পৰা নামি যায়

এনে পৰিস্থিতিত কেইবাজনো যাত্ৰী আহত হোৱা বুলি খবৰ প্ৰকাশ পাইছে যদিও এই কথা নিশ্চিত কৰা নাই ৰে’লৱেই এই ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে ৰে’লৱে, আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হয়প্ৰায় এঘণ্টাজোৰা চেষ্টাৰ অন্তত অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণলৈ আনে

ঘটনাত কোনো যাত্ৰী বিপদৰ সন্মুখীন হোৱা নাই যদিও বহু যাত্ৰীৰ লাগেজ জ্বলি যায় বুলি জানিব পৰা গৈছে দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে ৰে’লৰ কৰ্মচাৰীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰি ৰে’লৱে কণ্ট্ৰ’লক অৱগত কৰে। বিষয়াসকলৰ নিৰ্দেশ অনুসৰি যাত্ৰীসকলক নিৰাপদে অন্য ডবালৈ স্থানান্তৰ কৰা হয়। এই অগ্নিকাণ্ডৰ সঠিক কাৰণ নিৰ্ণয় কৰিবলৈ ৰে’লৱেই দুৰ্ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিছে।