শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

হিন্দু ৰীতি-নীতি অনুসৰি হিন্দু যুৱকৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল মুছলমান যুৱতী! সলনি কৰিলে নাম

দুয়োজন প্ৰেমিকে বিবাহপাশত আবদ্ধ হ'ব বিচাৰিছিল। কিন্তু দুয়োৰে বিবাহৰ মাজত বাধা হিচাপে থিয় দিছিল ধৰ্ম্ম। দুয়োজনৰ পৰিয়ালে এই বিবাহৰ বাবে মান্তি হোৱা নাছিল। কিন্তু এতিয়া হিন্দু ৰীতি-নীতি অনুসৰি দুয়োজনে বিবাহপাশত আৱদ্ধ হৈছে।

হিন্দু ৰীতি-নীতি অনুসৰি হিন্দু যুৱকৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল মুছলমান যুৱতী! সলনি কৰিলে নাম
হিন্দু যুৱকৰ সৈতে বিবাহপাশত আৱদ্ধ হ'ল মুছলমান যুৱতী
Trishna Kalita
Trishna Kalita | Published: 01 Sep 2024 15:16 PM

উত্তৰ প্ৰদেশৰ চাহাৰনপুৰ জিলাত আজি হিন্দু ৰীতি-নীতি অনুসৰি সম্পন্ন হৈছে এখন বিশেষ বিবাহ। সম্প্ৰীতিৰ নিদৰ্শন দেখুৱাই  হিন্দু সংগঠনে প্ৰেমীক যুগলৰ বিয়া পাতি দিছে।এই বিবাহৰ বিশেষ কথাটো হ’ল ছোৱালীজনী মুছলমান আৰু তেওঁৰ নাম ফিৰদৌছ। আনহাতে যুৱকজনৰ নাম বিশাল ধিমান। বিবাহৰ পাছত ফিৰদৌছক তেওঁৰ স্বামীয়ে নব্যা নাম দিছিল। দেওবন্দৰ কুলসাত গাঁৱৰ বাসিন্দা বিশাল ধিমান নামৰ যুৱকজন টোল প্লাজাৰ এজন কৰ্মচাৰী।

বিশাল আৰু ফিৰদৌছ যোৱা তিনি-চাৰি বছৰ ধৰি প্ৰেমৰ সম্পৰ্কত আছিল। যিহেতু তেওঁলোক দুয়ো ভিন্ন সম্প্ৰদায়ৰ আছিল সেয়েহে তেওঁলোকে ভাবিছিল যে তেওঁলোকৰ পৰিয়ালে তেওঁলোকৰ বিবাহত সন্মতি নিদিব।যাৰ বাবে তেওঁলোক দুয়ো ঘৰৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত লৈছিল আৰু তাৰ পৰা পলাই গৈছিল। ফিৰদৌছৰ পৰিয়ালৰ সদস্যসকল ঘটনাটোক লৈ ক্ষোভিত হৈ পৰিছে।

ফিৰদৌছ আৰু বিশাল দুয়োজনক ইজনক সিজনৰ পৰা পৃথক কৰি দিয়াৰ আশংকা কৰিছিল। তেওঁ জানিছিল যে পৰিয়ালে কেতিয়াও দুয়োকে বিয়া হ’বলৈ নিদিব। এই চিন্তাৰ মাজতে এদিন বিশালে ফিৰদৌছক লগত লৈ ঘৰৰ পৰা পলাই যায়। ফিৰদৌছৰ পৰিয়ালে বিশালৰ বিৰুদ্ধে তেওঁলোকক কন্যাক অপহৰণ কৰাৰ অভিযোগত গোচৰ ৰুজু কৰিছিল। কেইদিনমানৰ বাবে তেওঁলোক দুয়ো ইফালে সিফালে ঘূৰি ফুৰিছিল। কিন্তু আৰক্ষীয়ে কেইদিনমানৰ পাছত ফিৰদৌছক বিচাৰি পাইছিল। ধৰা পৰাৰ পাছত যেতিয়া ফিৰদৌছক আদালতত হাজিৰ কৰোৱা হৈছিল আৰু তেওঁক বিশালৰ সৈতে যাবলৈ কৈছিল।

বিশালে বজৰং দলৰ নেতা বিকাশ ত্যাগীৰ সৈতে যোগাযোগ কৰিছিল। তাৰ পাছত আজি বজৰং দল আৰু ভিএইচপি নেতাসকলে তেওঁলোক দুয়োকে দিল্লী ৰোডৰ শিৱ মন্দিৰত হিন্দু ৰীতি-নীতিৰ অধীনত বিয়া পাতি দিছে। একে সময়তে বজৰং দলৰ নেতা বিকাশ ত্যাগীয়ে কয় যে দুয়োকে সুৰক্ষা দিয়া হ’ব আৰু সমগ্ৰ আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পাছতহে দুয়োৰে বিবাহ কৰোৱা হৈছে। মুছলিম মহিলাগৰাকীয়ে নিজৰ ইচ্ছাৰে বিশালক বিয়া কৰাইছে।