5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ৰড-লাঠিৰে প্ৰহাৰ, ফাটি গ’ল দেহৰ বস্ত্ৰও! পথৰ মাজতে শিক্ষয়িত্ৰীক অকথ্য নিৰ্যাতন পাঁচ দুৰ্বৃত্তৰ

বিহাৰৰ মুজাফ্ফৰপুৰত এগৰাকী শিক্ষয়িত্ৰীক পাঁচজনীয়া এক দুৰ্বৃত্তৰ দলে পথৰ মাজতে অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। শিক্ষয়িত্ৰীগৰাকীৰ চুলিত ধৰি পথত চোঁচৰাই নিয়াৰ লগতে দেহৰ বস্ত্ৰ ফালি, লোহাৰ ৰড আৰু লাঠিৰে প্ৰহাৰ কৰাৰ অভিযোগেৰে পাঁচ দুৰ্বৃত্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

ৰড-লাঠিৰে প্ৰহাৰ, ফাটি গ’ল দেহৰ বস্ত্ৰও! পথৰ মাজতে শিক্ষয়িত্ৰীক অকথ্য নিৰ্যাতন পাঁচ দুৰ্বৃত্তৰ
প্ৰতিনিধিত্বমূলক ছবি
monjit-dutta
Monjit Dutta | Published: 27 Sep 2024 20:37 PM

দেশত অভাৱনীয়ভাৱে বৃদ্ধি পাইছে নাৰীজনিত অপৰাধৰ ঘটনা। সমগ্ৰ দেশত ধাৰাবাহিকভাৱে সংঘটিত এনে নাৰীজনিত অপৰাধৰ ঘটনাই স্পষ্টকৈ উদঙাই তুলিছে নাৰী সুৰক্ষাৰ ফোঁপোলা স্বৰূপ। এনে ঘটনাসমূহৰ খবৰে দেশবাসীৰ মাজত উদ্বেগ বৃদ্ধি কৰি তোলাৰ মাজতে এইবাৰ পোহৰলৈ আহিছে আন এক জঘন্য নাৰী নিৰ্যাতনৰ ঘটনা। পথৰ মাজতে পাঁচ দুৰ্বৃত্তৰ অকথ্য নিৰ্যাতনৰ বলি হৈছে এগৰাকী শিক্ষয়িত্ৰী। লোহাৰ ৰড-লাঠিৰে প্ৰহাৰ কৰি, পথৰ মাজতে চুলিত ধৰি চোঁচৰাই দেহত পৰিধান কৰি থকা বস্ত্ৰ পৰ্যন্ত ফালি পেলোৱাফৈছে শিক্ষয়িত্ৰীগৰাকীৰ। বিহাৰৰ মুজাফ্ফৰপুৰত সংঘটিত হৈছে এই নৃশংস ঘটনা।

প্ৰকাশিত খবৰ অনুসৰি এখন গাড়ীত অহা দুৰ্বৃত্তৰ দলটোৱে পথেৰে গৈ থকাৰ সময়তে ইচ্ছাকৃতভাৱে শিক্ষয়িত্ৰীগৰাকীৰ স্কুটিত খুন্দা মাৰে। গাড়ীখনে খুন্দাত লগে লগে পথত বাগৰি পৰে শিক্ষয়িত্ৰীগৰাকী। ইয়াৰ পিছতে গাড়ীত বহি থকা লোককেইজন গাড়ীৰ পৰা নামি শিক্ষয়িত্ৰীগৰাকীৰ সৈতে অসৎ আচৰণ কৰিবলৈ আৰম্ভ কৰে। দুস্কৃতিকাৰীৰ দলটোৱে প্ৰথমে শিক্ষয়িত্ৰীগৰাকীৰ ডিঙিত আঁৰি থোৱা দোপাত্তাখন টানি নিয়ে।

ইয়াৰ পিছতে তেওঁৰ দেহৰ বস্ত্ৰ ফালিবলৈ আৰম্ভ কৰে দুৰ্বৃত্তৰ দলটোৱে। এনে আতিশয্যৰ বিৰুদ্ধে শিক্ষয়িত্ৰীগৰাকীয়ে প্ৰতিবাদ কৰাৰ লগে লগে লোককেইজনে তেওঁক প্ৰহাৰ কৰিবলৈ ধৰে। ভুক্তভোগী শিক্ষয়িত্ৰীগৰাকীয়ে জানিবলৈ দিয়া মতে, লোককেইজনে প্ৰথমে তেওঁৰ চুলিত ধৰি মাটিত পেলাই দিয়ে। ইয়াৰ পিছতে চুলিত ধৰি কিছুদূৰ টানি নিয়ে দুৰ্বৃত্ত কেইজনে।

শিক্ষয়িত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰা মতে এই আতিশয্যৰ সময়ত তেওঁৰ দুই ভাতৃয়ে দুৰ্বৃত্তৰ আক্ৰমণৰ পৰা ৰক্ষাৰ বাবে আহিছিল যদিও অভিযুক্ত লোককেইজনে দুই ভাতৃকো লোহাৰ ৰড আৰু লাঠিৰে প্ৰহাৰ কৰে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে সদৰ থানাত এজাহাৰ দাখিল কৰিছে শিক্ষকগৰাকীয়ে। এই এজাহাৰত তেওঁ অভিযুক্ত পাঁচ ব্যক্তিৰ নামো উল্লেখ কৰিছে।

মহম্মদ শ্বাবিৰ, মহম্মদ লালবাবু, মহম্মদ জাকিৰ, মহম্মদ ওছামা আৰু মহম্মদ জাকিৰ নামৰ পাঁচজন ব্যক্তি এই ঘটনাত জড়িত বুলি অভিযোগ কৰিছে শিক্ষয়িত্ৰীগৰাকীয়ে। এজাহাৰত শিক্ষয়িত্ৰীগৰাকীয়ে অভিযোগ কৰা মতে তেওঁ এখন ব্যক্তিগত বিদ্যালয়ত শিক্ষকতা কৰে। ঘটনাৰ দিনা তেওঁ বিদ্যালয় ছুটীৰ পিছত নিজৰ স্কুটিৰে ঘৰলৈ উভতি আহিছিল। তেনে সময়তে পথতে অভিযুক্তই তেওঁৰ স্কুটিত ইচ্ছাকৃতভাৱে খুন্দা মাৰে।

ইয়াৰ পিছত তেওঁৰ ওপৰত আটাইকেইজন লোকে অকথ্য শাৰীৰিক নিৰ্যাতন চলায়। এনে অত্যাচাৰত তেওঁ ৰক্ষাৰ বাবে চিঞৰ লগোৱাৰ লগে লগে স্থানীয় কিছু লোক সেই স্থানত সমবেত হয়। তেনে পৰিস্থিতিত সকলো অভিযুক্ত সেই স্থানৰ পৰা পলায়ন কৰে। শিক্ষয়িত্ৰীগৰাকীৰ এজাহাৰৰ ভিত্তিত এক গোচৰ ৰুজু কৰি অভিযুক্তৰ সন্ধানত অভিযান আৰম্ভ কৰা জানিবলৈ দিছে স্থানীয় এগৰাকী আৰক্ষী বিষয়াই।

Latest News