শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

নৃশংস পিতৃ! প্ৰথমে বেৰত মৰিয়াই মৰিয়াই দুবছৰীয়াৰ পুত্ৰক হত্যা, তাৰ পিছত কুঠাৰেৰে…

অভিযুক্ত পিতৃৰ নাম শ্বাজিদে। এই ঘটনাই এতিয়া অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। মাতি অনা হয় এফ এছ এলৰ দলক।

নৃশংস পিতৃ! প্ৰথমে বেৰত মৰিয়াই মৰিয়াই দুবছৰীয়াৰ পুত্ৰক হত্যা, তাৰ পিছত কুঠাৰেৰে…
প্ৰতীকি ফটো
trishna-kalita
Trishna Kalita | Updated On: 27 Sep 2025 16:10 PM

ৰাজস্থানৰ খাইৰথাল-তিজাৰা জিলাত সংঘটিত হৈছে গাৰ নোম শিয়ৰি উঠা ঘটনা। য’ত এজন দানৱৰ ৰূপ লৈছিল জন্মদাতা পিতৃ। নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম কৰি তেওঁ নিজৰ দুবছৰীয়া পুত্ৰক নিৰ্মমভাৱে হত্যা কৰে। খৈৰথল-তিজাৰা জিলাৰ তিজাৰা চহৰত এই ভয়াৱহ ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। হত্যাকাণ্ডৰ পিছত অভিযুক্ত পিতৃয়ে কুঠাৰেৰে নিজকে গুৰুতৰভাৱে আঘাত কৰে।

অভিযুক্ত পিতৃৰ নাম শ্বাজিদে। এই ঘটনাই এতিয়া অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। মাতি অনা হয় এফ এছ এলৰ দলক।ষ্টেচন অফিচাৰ বিক্ৰম সিঙে উল্লেখ কৰে যে ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীৰ দলটোৱে ৰামনগৰ গাঁৱত ঘটনাস্থলীত উপস্থিত হৈ মৃত শিশু আৰহানৰ পিতৃ শ্বাজিদে এজন অতিকৈ খঙাল  ব্যক্তি বুলি জানিবলৈ পাৰিছে।

প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে শ্বাজিদে পুত্ৰক এটা কোঠাত আবদ্ধ কৰি ৰাখিছিল আৰু বাৰে বাৰে মূৰটো বেৰত আঘাত কৰি নৃশংসভাৱে হত্যা কৰিছিল। ইয়াৰ লগে লগে শ্বাজিদে কুঠাৰেৰে আক্ৰমণ কৰি নিজকে আঘাত কৰে। ততাতৈয়াকৈ আৰক্ষীয়ে অভিযুক্তক চিকিৎসালয়লৈ লৈ যায় আৰু সংকটজনক অৱস্থাৰ বাবে তেওঁক জয়পুৰলৈ প্ৰেৰণ কৰা হয়।

অৱশ্যে হত্যাকাণ্ডৰ কাৰণ সন্দৰ্ভত এতিয়ালৈ কোনো তথ্য পোহৰলৈ অহা নাই। অভিযুক্তক সোধা-পোছা কৰাৰ অন্তত এই হত্যাকাণ্ডৰ উদ্দেশ্য পোহৰলৈ আহিব। আৰক্ষীৰ মতে অভিযুক্তৰ অৱস্থা স্বাভাৱিক হ’লেহে জেৰা কৰিব পাৰিব। যাতে হত্যাকাণ্ডৰ আঁৰৰ প্ৰকৃত উদ্দেশ্য পোহৰলৈ আহিব পাৰে। খবৰ অনুসৰি, শ্বাজিদে ক্ষোভ আৰু হিংসাত্মক আচৰণৰ বাবে ইয়াৰ পূৰ্বেও এটা সৰু বিষয়ক লৈ আন এজন ব্যক্তিক গুৰুতৰভাৱে আহত কৰিছিল।