আজগৰক খুটিলে সাপে, ভিডিঅ’ কলত জাৰিলে বেজে…তাৰ পাছত কি হ’ল?
৪৩ বছৰীয়া আজগৰ খানক খেতিপথাৰত কাম কৰি থাকোঁতেই খুটিছিল সাপে। সাপে খোটাৰ পাছত পৰিয়ালৰ লোকে আজগৰক লৈ যায় জিলা চিকিৎসালয়লৈ। কিন্তু চিকিৎসাৰ পৰিৱৰ্তে তেওঁক চিকিৎসালয়ৰ মূল গেটত তান্ত্ৰিক ৰীতি-নীতি আৰু জৰা-ফুকা কৰিবলৈ আৰম্ভ কৰে।

বিশ্বাস-অন্ধবিশ্বাসৰ এখন খেল। এটা আশ্চৰ্যকৰ ঘটনা, য’ত বিজ্ঞানক উপলুঙা কৰি অন্ধবিশ্বাসক সাৰোগত কৰা দেখা গৈছে একাংশ লোকে। কি হৈছে প্ৰকৃততে জানো আহক।
মধ্যপ্ৰদেশৰ কটনী জিলাৰ জুগিয়া কাঁপ গাঁৱৰ এক ঘটনা। অন্ধবিশ্বাসৰ বলি হৈ জীৱন-মৃত্যুৰে যুঁজিছে এগৰাকী ব্যক্তিয়ে। অৱশ্যে চিকিৎসকৰ তৎপৰতাত ৰক্ষা পৰে ব্যক্তিগৰাকীৰ জীৱন। ৪৩ বছৰীয়া আজগৰ খানক খেতিপথাৰত কাম কৰি থাকোঁতেই খুটিছিল সাপে। তাৰ পাচতেই আজগৰৰ লগত ঘটিল এই ভয়ংকৰ ঘটনা।
সাপে খোটাৰ পাছত পৰিয়ালৰ লোকে আজগৰক লৈ যায় জিলা চিকিৎসালয়লৈ। কিন্তু চিকিৎসাৰ পৰিৱৰ্তে তেওঁক চিকিৎসালয়ৰ মূল গেটত তান্ত্ৰিক ৰীতি-নীতি আৰু জৰা-ফুকা কৰিবলৈ আৰম্ভ কৰে। প্ৰত্যক্ষদৰ্শীৰ মতে, চিকিৎসকৰ পৰামৰ্শ লোৱাৰ পৰিৱৰ্তে পৰিয়ালটোৱে প্ৰথমে মোবাইল ফোনযোগে এজন তান্ত্ৰিকৰ সৈতে যোগাযোগ কৰিছিল। চিকিৎসালয়খনৰ মূল গেটত প্ৰায় এঘণ্টা ধৰি চলি থাকিল এই সমগ্ৰ অন্ধবিশ্বাসৰ দৃশ্য।
যেতিয়া আজগৰ খানৰ অৱস্থা আৰু অধিক অৱনতি ঘটিবলৈ ধৰিলে, তেতিয়া চিকিৎসালয়ত উপস্থিত থকা লোকসকলে পৰিয়ালৰ লোকক বুজাই দিলে। ইয়াৰ পিছতহে আজগৰ খানক চিকিৎসালয়খনৰ জৰুৰীকালীন ৱাৰ্ডত ভৰ্তি কৰা হয়। চিকিৎসকৰ দলটোৱে লগে লগে চিকিৎসা আৰম্ভ কৰে, যাৰ বাবে তেওঁৰ অৱস্থা ক্ৰমান্বয়ে উন্নত হ’বলৈ ধৰে। কৰ্তব্যৰত চিকিৎসক সৌৰভ নামদেৱে কয় যে আজগৰ খানৰ অৱস্থা অতি শোচনীয় হৈছিল, কিন্তু সময়মতে চিকিৎসা কৰাৰ বাবে তেওঁৰ জীৱন ৰক্ষা কৰিব পৰা গ’ল।
তেওঁ কয় যে বাৰিষাৰ সময়ত সাপে খোটাৰ ঘটনা দ্ৰুতগতিত বৃদ্ধি পায় যদিও প্ৰায়ে মানুহে তন্ত্ৰ-মন্ত্ৰ আৰু অন্ধবিশ্বাসৰ বলি হৈ বহুমূলীয়া সময় নষ্ট কৰে, যিটো মাৰাত্মক প্ৰমাণিত হ’ব পাৰে। সাপৰ বিষৰ প্ৰভাৱ কিছু মিনিটৰ ভিতৰতে সমগ্ৰ শৰীৰত বিয়পি পৰে। এনে পৰিস্থিতিত সঠিক সমাধান জৰা-ফুকা নহয়, তৎক্ষণাত তেওঁক চিকিৎসালয়লৈ অনাহে। অন্ধবিশ্বাসৰ জালত নপৰিবলৈ সকলোকে আহ্বান জনোৱা হৈছে।