ইৰাণ আক্ৰমণত আমেৰিকাই ব্যৱহাৰ কৰিছিল নেকি ভাৰতীয় আকাশমাৰ্গ! পোহৰলৈ আহিল সত্য
ইৰাণৰ বিৰুদ্ধে আক্ৰমণ চলাবলৈ আমেৰিকাৰ যুদ্ধ বিমানে ভাৰতীয় আকাশমাৰ্গ ব্যৱহাৰ কৰা বুলি একাংশ লোকে ছ’চিয়েল মিডিয়া যোগে দাবী কৰিছিল। ছ’চিয়েল মিডিয়া হেণ্ডেল যোগে কৰি অহা এনে দাবীক দেওবাৰে ভাৰতে ভুৱা বুলি উল্লেখ কৰি এনে দাবী নাকচ কৰে।

ইজৰাইল আৰু ইৰাণৰ সামৰিক সংঘৰ্ষই সম্প্ৰতি ধাৰণ কৰিছে অত্যন্ত ভয়ংকৰ ৰূপ। এই সংঘৰ্ষৰ মাজতে আমেৰিকাই ইৰাণৰ তিনিটা পাৰমাণৱিক ঘাটিৰ স্থানত আক্ৰমণ চলাই যুদ্ধৰ পৰিস্থিতি অধিক ভয়ংকৰ কৰি তোলে। ইফালে ইৰাণৰ বিৰুদ্ধে আক্ৰমণ চলাবলৈ আমেৰিকাৰ যুদ্ধ বিমানে ভাৰতীয় আকাশমাৰ্গ ব্যৱহাৰ কৰা বুলি একাংশ লোকে ছ’চিয়েল মিডিয়া যোগে দাবী কৰিছিল। ছ’চিয়েল মিডিয়া হেণ্ডেল যোগে কৰি অহা এনে দাবীক দেওবাৰে ভাৰতে ভুৱা বুলি উল্লেখ কৰি এনে দাবী নাকচ কৰে।
এক্সত এক পোষ্ট যোগে পিআইবি ফেক্ট চেকে এই বিষয়ে সদৰী কৰিছে। পোষ্টটোত পিআইবি ফেক্ট চেকে উল্লেখ কৰিছে যে অপাৰেচন মিডনাইট হামাৰৰ সময়ত ইৰাণৰ বিৰুদ্ধে আক্ৰমণৰ বাবে আমেৰিকাই ভাৰতীয় আকাশমাৰ্গ ব্যৱহাৰ কৰিছিল বুলি কেইবাটাও ছ’চিয়েল মিডিয়া একাউণ্টে দাবী কৰিছে। এই দাবী ভুৱা বুলি পিআইবি ফেক্ট চেকে লগতে স্পষ্ট কৰি দিয়ে।
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনস্থ প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰো (পি আই বি)ৰ ফেক্ট চেক ইউনিটে কয় যে অপাৰেচন মিডনাইট হামাৰৰ সময়ত ভাৰতীয় আকাশমাৰ্গ আমেৰিকাই ব্যৱহাৰ কৰা নাছিল। পিআইবি ফেক্ট চেকে কয়, “কেইবাটাও ছ’চিয়েল মিডিয়া একাউণ্টে দাবী কৰিছে যে অপাৰেচন মিডনাইট হামাৰৰ সময়ত ইৰাণৰ বিৰুদ্ধে আক্ৰমণৰ বাবে আমেৰিকাই ভাৰতীয় আকাশমাৰ্গ ব্যৱহাৰ কৰিছিল। এই দাবী ভুৱা।”
Several social media accounts have claimed that Indian Airspace was used by the United States to launch aircrafts against Iran during Operation #MidnightHammer #PIBFactCheck
❌ This claim is FAKE
❌Indian Airspace was NOT used by the United States during Operation… pic.twitter.com/x28NSkUzEh
— PIB Fact Check (@PIBFactCheck) June 22, 2025
পিআইবিৰ এই ফেক্ট চেক ইউনিটে লগতে কয় যে অপাৰেচন মিডনাইট হামাৰৰ সময়ত আমেৰিকাই ভাৰতৰ আকাশমাৰ্গ ব্যৱহাৰ কৰা জইণ্ট চীফ অৱ ষ্টাফৰ অধ্যক্ষ জেনেৰেল ডেন কেনে সংবাদমেলত আমেৰিকাৰ বিমানসমূহে আক্ৰমণৰ বাবে কোন পথ ব্যৱহাৰ কৰিছিল সেই বিষয়ে উল্লেখ কৰা বুলিও পিআইবিৰ এই ফেক্ট চেক ইউনিটে পোষ্টটোত লগতে উল্লেখ কৰে।
উল্লেখ্য যে যোৱা ১৩ জুনৰ পৰা চলি থকা ইজৰাইল আৰু ইৰাণৰ সংঘাতত আমেৰিকাই প্ৰত্যক্ষভাৱে প্ৰৱেশ কৰি শনিবাৰে নিশা ইৰাণৰ তিনিটা পাৰমাণৱিক ঘাটিক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল। এই ঘাটিসমূহৰ ভিতৰত আছে ফৰ্ডো, নাটানজ আৰু ইছফাহান। মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ট্ৰুথ ছ’চিয়েলত এই বিষয়ে নিশ্চিত কৰি আক্ৰমণত ফৰ্ডো পাৰমাণৱিক সেৱা এতিয়া সম্পূৰ্ণৰূপে ধ্বংস হৈছে বুলিও দাবী কৰিছিল।