ছিছ’দিয়াৰ পাছত কেজৰিৱাল মুকলি আকাশৰ তললৈ আহিব পাৰিব নে? ২০ আগষ্টত উচ্চতম ন্যায়ালয়ত শুনানি…
নিৰ্বাচনৰ সময়ত কেজৰিৱালে চৰ্ত সাপেক্ষে ২১ দিনৰ অন্তৱৰ্তীকালীন জামিন লাভ কৰিছিল । অন্তৱৰ্তীকালীন জামিনৰ ম্যাদ উকলাৰ পাছত পুনৰ তিহাৰ কাৰাগাৰলৈ উভতি গৈছিল কেজৰিৱাল । বৰ্তমান তিহাৰতে থকা কেজৰিৱালৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ সন্মত হৈছে উচ্চতম ন্যালালয় । অহা ২০ আগষ্টত কেজৰিৱালে দাখিল জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে।
দিল্লীৰ সুৰা কেলেংকাৰী অভিযোগত ১৭ মাহ ধৰি কাৰাগাৰত থকা দিল্লী প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াই যোৱা ৯ আগষ্ট তাৰিখে কাৰামুক্ত হয় । ছিছ’দিয়াৰ পাছতে এতিয়া সময় আহিছে তিহাৰ কাৰাগাৰত বন্দী হৈ থকা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ । ইতিমধ্যে কেজৰিৱালৰ জামিন আবেদনৰ শুনানিৰ বাবে সাজু হৈছে উচ্চতম ন্যায়ালয় । ইয়াৰ লগে লগে প্ৰশ্ন হৈছে যে, ছিছ’দিয়াৰ পাছত কেজৰিৱাল মুকলি আকাশাৰ তললৈ আহিব পাৰিব নে ?
নিৰ্বাচনৰ সময়ত কেজৰিৱালে চৰ্ত সাপেক্ষে ২১ দিনৰ অন্তৱৰ্তীকালীন জামিন লাভ কৰিছিল । অন্তৱৰ্তীকালীন জামিনৰ ম্যাদ উকলাৰ পাছত পুনৰ তিহাৰ কাৰাগাৰলৈ উভতি গৈছিল কেজৰিৱাল । বৰ্তমান তিহাৰতে থকা কেজৰিৱালৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ সন্মত হৈছে উচ্চতম ন্যালালয় । অহা ২০ আগষ্টত কেজৰিৱালে দাখিল জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে।
মুখ্যমন্ত্ৰী কেজৰিৱালে ১২ আগষ্টত চিবিআইৰ গ্ৰেপ্তাৰ আৰু ৰিমাণ্ডক প্ৰত্যাহ্বান জনাই আবেদন দাখিল কৰিছিল । লগতে তেওঁ আবেদন দাখিল কৰাৰ সময়ত দিল্লী উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তকো প্ৰত্যাহ্বান জনাই আদালতৰ পৰা আগতীয়া শুনানিৰ দাবী জনাইছিল । যাৰ ওপৰত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুদে মুখ্যমন্ত্ৰী কেজৰিৱালৰ অধিবক্তাক ইমেইল কৰিবলৈ কৈছিল।
কেজৰিৱালৰ অধিবক্তা অভিষেক মনু সিংৱী আৰু চি ইউ সিঙে চিবিআইৰ গ্ৰেপ্তাৰ আৰু ৰিমাণ্ডক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত দাখিল কৰিছে গোচৰ। ২৬ জুনত তিহাৰ কাৰাগাৰৰ পৰা চিবিআইয়ে মুখ্যমন্ত্ৰী কেজৰিৱালক গ্ৰেপ্তাৰ কৰাক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাই এই গ্ৰেপ্তাৰক অবৈধ বুলি অভিহিত কৰিছিল। উল্লেখ্য যে,ইয়াৰ পূৰ্বে চিবিআইয়ে কৰা গ্ৰেপ্তাৰৰ বিৰুদ্ধে কেজৰিৱালে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল যদিও কোনো সকাহ নাপালে আৰু উচ্চ ন্যায়ালকয়ে তেওঁৰ আবেদন নাকচ কৰিছিল।
ইফালে, দিল্লী আবকাৰী নীতিৰ কেলেংকাৰিৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু বি আৰ এছৰ নেতা কে কবিতাৰ ন্যায়িক জিম্মা ২ ছেপ্টেম্বৰলৈ বৃদ্ধি কৰা হৈছে। মঙলবাৰে দুয়োজন নেতাৰ ন্যায়িক জিম্মা বৃদ্ধি কৰিছে ৰাউছ এভিনিউ আদালতে। ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে আদালতত হাজিৰ হয় অৰবিন্দ কেজৰিৱাল। ২ ছেপ্টেম্বৰত আদালতত শুনানি গ্ৰহণ কৰা হ’ব মূল গোচৰৰ। ইয়াৰ পূৰ্বে চিবিআই গোচৰত ৰাউছ এভিনিউ আদালতে কেজৰিৱালৰ ন্যায়িক জিম্মা ২০ আগষ্টলৈ বৃদ্ধি কৰিছিল।