ভোট গ্ৰহণৰ পৰা ভোট গণনালৈ সলনি হ’ব প্ৰায় ৩০ টা নিয়ম, নিৰ্বাচন আয়োগৰ সিদ্ধান্তৰ সবিশেষ জানি লওক
বৃহস্পতিবাৰে নিৰ্বাচন আয়োগে ভোট গণনাৰ নিয়ম সলনি কৰে। এই পৰিৱৰ্তনৰ পিছত এতিয়া ডাক বেলটৰ গণনা সম্পূৰ্ণ হোৱাৰ পিছতহে EVM গণনা আৰম্ভ হ’ব। তদুপৰি আন বহুকেইটা নিয়মৰ সালসলনি কৰা হৈছে।

কিছুদিনৰ পৰা দেশৰ বিৰোধী দলসমূহে নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰি আহিছে। ভোট চুৰিৰ পৰা আৰম্ভ কৰি ভোট বলপূৰ্বকভাৱে ডিলিট কৰালৈকে অলেখ অভিযোগ উত্থাপন হৈছে আয়োগৰ বিৰুদ্ধে। এই অভিযোগে নির্বাচন আয়োগক লৈ অসংখ্য প্রশ্নৰ উত্থাপন কৰিছে। এই কাৰণেই আয়োগে ভোটদান আৰু গণনা প্ৰক্ৰিয়াত অসংখ্য পৰিৱৰ্তন আনিছে। বিগত ছমাহত নিৰ্বাচন আয়োগে প্ৰায় ৩০টা নিয়মৰ সালসলনি কৰিছে।
বৃহস্পতিবাৰে নিৰ্বাচন আয়োগে ভোট গণনাৰ নিয়ম সলনি কৰে। এই পৰিৱৰ্তনৰ পিছত এতিয়া ডাক বেলটৰ গণনা সম্পূৰ্ণ হোৱাৰ পিছতহে EVM গণনা আৰম্ভ হ’ব। তদুপৰি যদি বেলট অধিক হয় তেন্তে গণনা টেবুলৰ সংখ্যা বৃদ্ধি কৰা হ’ব।
এই পৰিৱৰ্তনৰ পূৰ্বে পুৱা ৮:০০ বজাৰ পৰা বেলট গণনা আৰম্ভ হৈছিল, আনহাতে EVM ৰ গণনা পুৱা ৮:৩০ বজাৰ পৰা আৰম্ভ হৈছিল। কিন্তু এতিয়া আৰু এনে নহ’ব। আয়োগে স্পষ্ট কৰি দিয়ে যে বেলট গণনা সম্পূৰ্ণ নোহোৱালৈকে কোনো কাৰণতে EVM খুলিব নোৱাৰিব।
৬ মাহত প্ৰায় ৩০টা সালসলনি কৰিছে নিৰ্বাচন আয়োগে। এই নিয়মসমূহ কি কি?
- ভোটাৰে এতিয়া ভোটগ্ৰহণ কেন্দ্ৰত জমা কৰিব পাৰিব মোবাইল ফোন। আয়োগে মোবাইল ফোন জমা কৰাৰ নতুন ব্যৱস্থা ৰূপায়ণ কৰিছে।
- নতুন পৰিৱৰ্তন অনুসৰি এটা ভোটগ্ৰহণ কেন্দ্ৰত সৰ্বাধিক ১২০০ ভোটাৰৰ অনুমতি দিয়া হ’ব। ইয়াৰ ফলত ভোটগ্ৰহণ কেন্দ্ৰত অতিমাত্ৰা ভিৰ ৰোধ হ’ব। ভোটদানৰ বাবেও মানুহে বেছি সময় অপেক্ষা কৰিব নালাগিব।
- নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলে এতিয়া ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা ১০০ মিটাৰ দূৰত টেবুল স্থাপন কৰিব পাৰিব।
- EVM ত প্ৰাৰ্থীৰ ফটো এতিয়া ৰঙীন হব। প্ৰাৰ্থীৰ নাম আৰু তেওঁলোকৰ দলৰ নাম গাঢ় আখৰেৰে লিখা হ’ব যাতে পঢ়িবলৈ সহজ হয়। পূৰ্বে ফটোখন ক’লা-বগা ৰঙেৰে ছপা কৰা হৈছিল।
- আয়োগে ভোটাৰ ইনফৰ্মেশ্যন স্লিপ (ভিআইএছ)ৰ ডিজাইন সলনি কৰিছে। ইয়াত এতিয়া ভোটাৰ নম্বৰ আৰু পাৰ্ট নম্বৰ বিশেষভাৱে প্ৰদৰ্শিত হৈছে।
- যোৱা ছমাহৰ ভিতৰত নিৰ্বাচন আয়োগে চাৰিখন ৰাজ্যৰ ভোটাৰ তালিকা উন্নীত কৰিছে।
- BLO ৰ বাবে পৰিচয় পত্ৰ প্ৰদান কৰা হ’ব। ইয়াত তেওঁলোকৰ ফটো, নাম, আৰু অন্যান্য তথ্য থাকিব।
- নিৰ্বাচন আয়োগে এই পৰ্যন্ত RUPP তালিকাৰ পৰা ৮০৮ টা পঞ্জীয়নভুক্ত ৰাজনৈতিক দলক আঁতৰাই পেলাইছে। এই দলসমূহৰ ৰাজনৈতিক দলৰ স্বীকৃতি নাছিল।
- কাৰিকৰী আৰু প্ৰশাসনিক এছ অ’ পি অনুসৰি, ফলাফল ঘোষণাৰ পিছত EVM-ৰ মেমৰি চিপ আৰু মাইক্ৰ’কণ্ট্ৰ’লাৰ পৰীক্ষা তথা এই পৰীক্ষাৰ প্ৰক্ৰিয়া সলনি কৰা হৈছে।
- যদি প্ৰপত্ৰ ১৭চি আৰু EVMত থকা নিৰ্বাচনৰ ফলাফলৰ তথ্য অসামঞ্জস্যপূৰ্ণ বুলি ধৰা পৰে তেন্তে VVPAT গণনা কৰা হ’ব।
- নিৰ্বাচন আয়োগে বিহাৰত SIR ৰ জৰিয়তে অবৈধ নাম আঁতৰাই নতুন নাম সংযোজন কৰিছে।
- নিৰ্বাচনী আইন অনুসৰি আয়োগে ২৮ জন অংশীদাৰৰ ভূমিকা নিৰ্ধাৰণ কৰিছে।
- আয়োগে বিএলঅ’, তত্বাৱধায়ক আৰু ভোটগ্ৰহণ কৰ্মচাৰীকে ধৰি নিৰ্বাচনী কৰ্মীৰ দৰমহা বৃদ্ধি কৰিছে।
- ভোটাৰৰ উদ্বেগক সম্বোধন কৰিবলৈ নিৰ্বাচন আয়োগে ECNet পৰ্টেল মুকলি কৰিছে। ইয়াত ৪০টাতকৈও অধিক এপ আৰু ৱেবছাইট এটা প্লেটফৰ্মত একত্ৰিত কৰা হৈছে, যাৰ ফলত ভোটাৰসকলে তথ্য লাভ কৰাত সহজ হৈ পৰে।
- নিৰ্বাচনৰ ফলাফলৰ দিনা এতিয়া প্ৰতি দুঘণ্টাৰ মূৰে মূৰে ECNet পৰ্টেলত প্ৰকাশ পাব ৰিয়েল টাইম ভোটাৰৰ ভোটদানৰ তথ্য।
- এতিয়া ভোটগ্ৰহণ কেন্দ্ৰত পোনপটীয়া সম্প্ৰচাৰ কৰা হ’ব, ভোটিং সম্পৰ্কীয় সকলো তথ্য প্ৰদৰ্শন কৰা হ’ব।
- নিৰ্বাচনৰ তথ্য জনসাধাৰণৰ সুবিধাৰ বাবে ডিজিটেল সূচকাংক কাৰ্ড আৰু প্ৰতিবেদন উন্নীত কৰা হৈছে।
- অনন্য EPICৰ জৰিয়তে ডুপ্লিকেট নম্বৰ আঁতৰোৱা হৈছে।
- নিৰ্বাচনৰ সময়ত মৃত্যু হোৱা ভোটাৰৰ বিষয়ে তথ্য বি এল অ’ আৰু ই আৰ অ’ৰ সৈতে উপলব্ধ হ’ব।
- এতিয়া পূৰ্বতকৈ কম সময়ৰ ভিতৰতে EPIC জাৰি কৰা হ’ব। ১৫ দিনৰ ভিতৰত টেক্সট মেছেজৰ জৰিয়তে ভোটাৰক অৱগত কৰা হ’ব।
- নিৰ্বাচন আয়োগে সমগ্ৰ দেশৰ ২৮ হাজাৰ দলীয় নেতাৰ সৈতে প্ৰায় ৫ হাজাৰ সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰে। ইয়াৰে ২০খন বৈঠক ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ নেতাৰ সৈতে অনুষ্ঠিত হয়।
- আইনী উপদেষ্টা আৰু মুখ্য কাৰ্যবাহী বিষয়াৰ সৈতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰা হয়।
- সমগ্ৰ দেশৰ ৭ হাজাৰৰো অধিক বিএলঅ’ আৰু পৰ্যবেক্ষকৰ বাবে পৃথক পৃথক প্ৰশিক্ষণ সত্ৰ অনুষ্ঠিত কৰা হয়। আগন্তুক নিৰ্বাচনৰ বাবে তেওঁলোকক প্ৰশিক্ষণ দিয়া হৈছিল।
- আয়োগে সংবাদ মাধ্যমৰ সমন্বয়কসকলৰ বাবে এক বিশেষ প্ৰশিক্ষণ সত্ৰ অনুষ্ঠিত কৰে, য’ত তেওঁলোকক প্ৰতিটো সবিশেষ অৱগত কৰা হয়।
- নিৰ্বাচনৰ সময়ত উদ্ভৱ হ’ব পৰা যিকোনো সমস্যাৰ সমাধানৰ বাবে বিহাৰৰ আৰক্ষী বিষয়াসকলে বিশেষ প্ৰশিক্ষণ লাভ কৰে।
- আয়োগে নিজৰ ব্যৱস্থা যেনে বায়’মেট্ৰিক্স আৰু ই-অফিচৰ উন্নতি সাধন কৰি পূৰ্বতকৈ সহজ কৰি তুলিছে।
- তিনিখন ৰাজ্য: বিহাৰ, তামিলনাডু, আৰু পুডুচেৰীত বিএলএক ভোটাৰ তালিকা প্ৰস্তুত কৰিবলৈ প্ৰশিক্ষণ দিয়া হৈছে।
- বেলট গণনা সম্পূৰ্ণ হোৱাৰ পিছতহে EVM মুকলি কৰা হ’ব। বেলট গণনা সম্পূৰ্ণ নোহোৱালৈকে খোলা নহ’ব EVM।
বিগত ছমাহৰ ভিতৰত নিৰ্বাচন আয়োগে এই সালসলনি কৰিছে। ইয়াৰ আঁৰৰ যুক্তি হৈছে ভোটাৰক সুবিধা প্ৰদান কৰা আৰু সকলো পক্ষৰ পৰা উত্থাপিত অভিযোগ হ্ৰাস কৰা।