5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

৩০ বছৰীয়া পুত্ৰৰ মৃত্যু বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল বৃদ্ধ পিতৃ-মাতৃ

পুত্ৰৰ বাবে ইচ্ছামৃত্যুৰ দাবী বিচাৰি ন্যায়ালয়ৰ কাষ চাপিল বৃদ্ধ পিতৃ- মাতৃ। ১১ বছৰ ধৰি অচেতন হৈ বিচনাত পৰি থকা পুত্ৰৰ বাবে তেওঁলোকে বিচাৰিলে মৃত্যু। বয়স হৈ অহা বাবে পুত্ৰৰ যত্ন কৰাত অসুবিধা হোৱাৰ কথা উল্লেখ কৰে তেওঁলোকে।

৩০ বছৰীয়া পুত্ৰৰ মৃত্যু বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল বৃদ্ধ পিতৃ-মাতৃ
উচ্চতম ন্যায়ালয়, মুখ্য ন্যায়াধীশ
barasha-sarma
Barasha Sarma | Updated On: 21 Aug 2024 13:12 PM

এহাল বৃদ্ধা পিতৃ- মাতৃয়ে নিজৰ ৩০ বছৰীয়া পুত্ৰৰ বাবে ইচ্ছা মৃত্যুৰ অনুমতি বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে। ৬০ বছৰ অতিক্ৰম কৰা পিতৃ-মাতৃয়ে আৱেদন পত্ৰত উল্লেখ কৰিছে যে তেওঁলোকৰ পুত্ৰ হৰিশ ৰাণা ১১ বছৰ ধৰি বিচনাত অচেতন হৈ পৰি আছে। এতিয়া তেওঁলোকৰ বয়স বাঢ়িছ, যাৰ বাবে পুত্ৰৰ যত্ন লোৱা কঠিন হৈ পৰিছে । সেয়ে পুত্ৰক ইচ্ছা মৃত্যু দিয়াৰ দাবী জনাই তেওঁলোকে। আবেদনত উল্লেখ কৰা অনুসৰি এটা দুৰ্ঘটনাতপতিত হোৱাৰ পাছৰে পৰা বিগত ১১ বছৰ ধৰি হৰিশ ৰাণা এনেদৰে বিচনাত পৰি আছে।

এই আবেদন সন্দৰ্ভত আদালতে কেন্দ্ৰীয় চৰকাৰলৈ জাননী জাৰি কৰিছে। শুনানিৰ সময়ত ন্যায়ালয়ে কয় যে, ইচ্ছামৃত্যুৰ আদেশ দিব নোৱাৰি। কিন্তু তেওঁলোকে ৰোগীজনৰ চিকিৎসা আৰু যত্নৰ বাবে আন কোনো চৰকাৰী চিকিৎসালয়লৈ বা আন কোনো ঠাইলৈ স্থানান্তৰিত কৰাৰ ব্যৱস্থা কৰিব পাৰে। উল্লেখ কৰা প্ৰয়োজন যে যুৱকজনৰ পিতৃ- মাতৃয়ে পুত্ৰৰ ইচ্ছামৃত্যুৰ বাবে মেডিকেল বোৰ্ড গঠনৰ দাবী তুলি উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল আৰু সেই দাবী ন্যায়ালয়ে নাকচ কৰিছিল। তাৰ পাছতে পিতৃ- মাতৃয়ে উচ্চতম ন্যায়ালয়ৰ কাষ চাপে আৰু উচ্চতম ন্যায়ালয়ে উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তক সমৰ্থন কৰে।

শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে কয় যে যুৱকজনে ২০১৩ চনৰ পৰা কোনো ধৰণৰ বাহ্যিক জীৱন সহায়ক মেচিন নোহোৱাকৈয়ে জীয়াই আছে। গতিকে উচ্চ ন্যায়ালয়ৰ সেই আদেশত ভুল বুলি ক’ব নোৱাৰি। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়, ন্যায়াধীশ জে বি পাৰদিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰৰ বিচাৰপীঠে কয়, ‘ৰোগী হৰিশ ৰাণা ভেণ্টিলেটৰ বা কোনো জীৱন ৰক্ষাকাৰী মেচিনৰ সহায় লৈ থকা নাই। খাদ্যৰ পাইপৰ জৰিয়তে তেওঁক খাদ্য দিয়া হৈছে, গতিকে ইয়াত ইচ্চামৃত্যু দিব নোৱাৰি। ন্যায়ালয়ে এয়াও উল্লেখ কৰে যে পিতৃ-মাতৃয়ে পুত্ৰৰ চিকিৎসাৰ বাবে  বহু অসুবিধাৰ সন্মুখীন হৈছিল আনকি তেওঁলোকে নিজৰ ঘৰটোও বিক্ৰী কৰিছিল।

ন্যায়ালয়ে কয়, ইচ্ছামৃত্যু দিব নোৱাৰিলেও মানৱীয় সহায় বিচাৰিব পাৰি। কেন্দ্ৰীয় চৰকাৰক জাননী জাৰি কৰি ন্যায়ালয়ে কয়, এই গোচৰটো অতি কঠিন। এই বিষয়ত অতিৰিক্ত ছলিচিটৰ জেনেৰেল ঐশ্বৰ্য ভাটীক সহায় কৰিবলৈ অনুৰোধ জনোৱা হৈছে। উল্লেখ্য যে, ২০১৩ চনত হৰিশ ৰাণা নামৰ যুৱকজন বিল্ডিঙৰ পৰা পৰি আঘাত প্ৰাপ্ত হৈছিল। এই ঘটনাত তেওঁৰ মূৰত যথেষ্ঠ আঘাত পাইছিল আৰু যোৱা ১১ বছৰ ধৰি অচেতন হৈ যুৱকজন বিচনাত পৰি আছে।

 

Latest News