শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বেটিং এপৰ গোচৰত কঠোৰ ইডিঃ জব্দ হ’ব কেইবাগৰাকীও ক্ৰিকেটাৰ-অভিনেত্ৰীৰ সম্পত্তি!

লক্ষণীয়ভাৱে এই গোচৰত তদন্তকাৰী সংস্থাটোৱে এইপৰ্যন্ত ক্ৰিকেটাৰ যুৱৰাজ সিং, সুৰেশ ৰাইনা, ৰবিন উথাপ্পা, শিখৰ ধাৱন, অভিনেতা সনু ছুদ, মিমি চক্ৰৱৰ্তী, অংকুশ হাজৰাক জেৰা কৰিছে। ইফালে অভিনেত্ৰী উৰ্বশী ৰ’টেলাকো চমন কৰা হৈছিল যদিও বিদেশত থকাৰ দোহাই দি তেওঁ শুনানিৰ বাবে হাজিৰ নহ’ল।

বেটিং এপৰ গোচৰত কঠোৰ ইডিঃ জব্দ হ’ব কেইবাগৰাকীও ক্ৰিকেটাৰ-অভিনেত্ৰীৰ সম্পত্তি!
ইডিয়ে জব্দ কৰিব পাৰে বহু চেলিব্ৰিটিৰ সম্পত্তিImage Credit source: TV9 Bharatvarsh
monjit-dutta
Monjit Dutta | Updated On: 28 Sep 2025 18:41 PM

অনলাইন বেটিং আৰু গেমিং প্লেটফৰ্ম 1xBetৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰৰ তদন্ত অব্যাহত ৰাখিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা এনফৰ্চমেণ্ট ডাইৰেক্টৰেট, চমুকৈ ইডিয়ে এই গোচৰৰ তদন্তৰ আধাৰত ইডিয়ে এইপৰ্যন্ত কেইবাগৰাকীও চেলিব্ৰিটিক সোধাপোছা কৰিছে এতিয়া এই গোচৰত অধিক কঠোৰ এনফৰ্চমেণ্ট ডাইৰেক্টৰেট প্ৰকাশিত খবৰ অনুসৰি গোচৰত তদন্তৰ আওতালৈ অহা কেইবাজনো খেলুৱৈ আৰু অভিনেতাৰ কোটি কোটি টকাৰ সম্পত্তি অতি সোনকালে জব্দ কৰিব ইডিয়ে।

এই সম্পত্তিসমূহ জব্দ কৰাৰ পিছত এই ক্ষেত্ৰত ইডিয়ে চাৰ্জ শ্বীট দাখিল কৰিব বুলি খবৰ প্ৰকাশ পাইছে। ইডিৰ তদন্তত বেটিং এপৰ এণ্ডাৰছমেণ্ট মাচুলৰ সহায়ত ক্ৰয় কৰা সম্পত্তি অপৰাধৰ পৰা পোৱা ধন হিচাপে গণ্য কৰা হৈছে। এনে কিছুমান সম্পত্তি বিদেশত থকা বুলিও সন্দেহ কৰা হৈছে।

লক্ষণীয়ভাৱে এই গোচৰত তদন্তকাৰী সংস্থাটোৱে এইপৰ্যন্ত ক্ৰিকেটাৰ যুৱৰাজ সিং, সুৰেশ ৰাইনা, ৰবিন উথাপ্পা, শিখৰ ধাৱন, অভিনেতা সনু ছুদ, মিমি চক্ৰৱৰ্তী, অংকুশ হাজৰাক জেৰা কৰিছে। ইফালে অভিনেত্ৰী উৰ্বশী ৰটেলাকো চমন কৰা হৈছিল যদিও বিদেশত থকাৰ দোহাই দি তেওঁ শুনানিৰ বাবে হাজিৰ নহ’ল।

উল্লেখ্য যে অনলাইন বেটিং প্লেটফৰ্ম 1xBetৰ ২২ কোটি ভাৰতীয় ব্যৱহাৰকাৰী আছে। বেটিং প্লেটফৰ্মটোৰ প্ৰচাৰৰ অভিযোগত অভিযুক্ত কেইবাজনো চেলিব্ৰিটি আৰু প্ৰভাৱশালী লোকক ৰাডাৰত ৰাখিছে ইডিয়ে এপটোৱে কৰ ফাঁকি আৰু বিনিয়োগকাৰীক প্ৰতাৰণা কৰাৰো সন্দেহ প্ৰকাশ পাইছে।

এই গোচৰ এতিয়া মনোৰঞ্জন আৰু ক্ৰীড়া জগততে সীমাবদ্ধ হৈ থকা নাই, বৰঞ্চ বিত্তীয় প্ৰতিষ্ঠান আৰু আন্তঃৰাষ্ট্ৰীয় পেমেণ্ট গেটৱেৰ সৈতেও জড়িতথোৱাৰ সম্ভাৱনাই দেখা দিছে। এই এপটোৰ প্ৰচাৰৰ লগত কোন জড়িত আছিল আৰু তেওঁলোক কিদৰে জড়িত আছিল সেই বিষয়ৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে তদন্তকাৰী সংস্থাটোৱে।