উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিন তথা সময়সূচী ঘোষণা, কি প্ৰক্ৰিয়াৰে নিৰ্বাচিত হয় উপ-ৰাষ্ট্ৰপতি জানক সবিশেষ
যোৱা ২১ জুলাইত জগদীপ ধনখড়ে উপ-ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰে। তাৰ পৰিপ্ৰেক্ষিততেই উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ব্যৱস্থা কৰিব লগীয়া হৈছে। নিৰ্বাচন আয়োগে কেতিয়া দিন ঘোষণা কৰিব তাক লৈ ব্যাপক চৰ্চা অব্যাহত আছিল যদিও অৱশেষত ঘোষণা হ'ল নিৰ্বাচনৰ দিন।

ঘোষণা হ’ল দেশৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ তাৰিখ। ভাৰতৰ নিৰ্বাচন আয়োগে ঘোষণা কৰে যে অহা ৯ ছেপ্টেম্বৰ, ২০২৫ তাৰিখে ভাৰতৰ উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। নিৰ্বাচন আয়োগে প্ৰকাশ কৰা সূচী অনুসৰি মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ২১ আগষ্ট আৰু ৯ ছেপ্টেম্বৰত হ’ব নিৰ্বাচন।
যোৱা ২১ জুলাইত জগদীপ ধনখড়ে উপ-ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰে। তাৰ পৰিপ্ৰেক্ষিততেই উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ব্যৱস্থা কৰিব লগীয়া হৈছে। উল্লেখ্য যে কাৰ্যকাল শেষ হ’বলৈ দুবছৰ বাকী থকা অৱস্থাতে পদত্যাগ কৰে ধনখড়ে। পদত্যাগ পত্ৰত স্বাস্থ্যজনিত কাৰণৰ কথা উল্লেখ কৰিছে তেওঁ।
উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সূচী-
- নিৰ্বাচনৰ বাবে জাননী জাৰীৰ তাৰিখ অহা ৭ আগষ্ট
- মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ২১ আগষ্ট
- মনোনয়ন পৰীক্ষাৰ তাৰিখ ২২ আগষ্ট
- মনোনয়ন প্ৰত্যাহাৰৰ তাৰিখ ২৫ আগষ্ট
- নিৰ্বাচনৰ তাৰিখ ৯ ছেপ্টেম্বৰ
- ভোটদানৰ সময় পুৱা ১০ বজাৰ পৰা বিয়লি ৫ বজালৈ
- প্ৰয়োজন সাপেক্ষে ভোট গণনাৰ তাৰিখ ৯ ছেপ্টেম্বৰ
উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰক্ৰিয়া কি?
সংবিধানৰ ৬৬(১) অনুচ্ছেদ অনুসৰি ৰাজ্যসভাৰ নিৰ্বাচিত সদস্য, ৰাজ্যসভাৰ মনোনীত সদস্য আৰু লোকসভাৰ নিৰ্বাচিত সদস্যৰে গঠিত এখন নিৰ্বাচনী কলেজৰ দ্বাৰা ভাৰতৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন কৰা হ’ব।
ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন বিধি, ১৯৭৪ৰ নিয়ম ৪০ৰ অধীনত নিৰ্বাচন আয়োগৰ দায়িত্ব আছে নিৰ্বাচনী কলেজৰ সদস্যসকলৰ বৰ্তমানৰ ঠিকনাৰ সৈতে এক বিস্তৃত তালিকা প্ৰস্তুত কৰি আপডেট কৰা।
বৰ্তমান লোকসভাত এখন আৰু ৰাজ্যসভাত পাঁচখন আসন খালী হৈ আছে। সেই অনুসৰি বৰ্তমান দুয়োখন সদনৰ সদস্য সংখ্যা হৈছে ৭৮৬ গৰাকী। নিৰ্বাচনত জয়ী হ’বলৈ হ’লে এজন প্ৰাৰ্থীয়ে কমেও ৩৯৪ টা ভোট লাভ কৰিব লাগিব। উপ-ৰাষ্ট্ৰপতি পদৰ বাবে কোনে কোনে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব সেয়া অৱশ্যে এতিয়াও নিশ্চিত হোৱা নাই।