শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

মৰ্মান্তিক! জীৱন ৰক্ষা কৰিবলৈ অট্টালিকাৰ সপ্তম মহলাৰ পৰা জাঁপ, ২ সন্তানসহ পিতৃৰ মৃত্যু…

দিল্লীৰ দ্বাৰকা ছেক্টৰৰ এটা অট্টালিকাৰ সপ্তম মহলাত অৱস্থিত ফ্লেটত জুই লগাৰ ফলত একেটা পৰিয়ালৰ ৩জন লোকৰ মৃত্যু হয়। জুইৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰি বেলকনিৰ পৰা জপিয়াই   মৃত্যুক সাৱটি লয় তিনিওজনে। অগ্নিকাণ্ডৰ বাবে খালী কৰা হৈছে চৌহদটো।

মৰ্মান্তিক! জীৱন ৰক্ষা কৰিবলৈ অট্টালিকাৰ সপ্তম মহলাৰ পৰা জাঁপ, ২ সন্তানসহ পিতৃৰ মৃত্যু…
দিল্লীৰ দ্বাৰকাত বিধ্বংসী অগ্নিকাণ্ড
Trishna Kalita
Trishna Kalita | Updated On: 10 Jun 2025 13:16 PM

দিল্লীৰ দ্বাৰকা ছেক্টৰৰ বহুমহলীয়া অট্টালিকা সবাদ এপাৰ্টমেণ্টত মঙলবাৰে বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়। অট্টালিকাৰ সপ্তম মহলাত সংঘটিত হয় এই অগ্নিকাণ্ড।  জুই লগাৰ পিছত  ২টা সন্তানৰ সৈতে অট্টালিকাটোৰ সপ্তম মহলাৰ পৰা জপিয়াই  প্ৰাণ ৰক্ষাৰ চেষ্টা কৰে পিতৃয়ে। কিন্তু গুৰুতৰভাৱে আহত হোৱাৰ বাবে চিকিৎসাৰ সময়ত তিনিওজনৰ মৃত্যু হয়। অৱশ্যে তেওঁৰ পত্নী আৰু পুত্ৰ নিৰাপদে দুৰ্ঘটনাটোৰ পৰা ৰক্ষা পৰে আৰু তেওঁলোক বৰ্তমান চিকিৎসাধীন হৈ আছে।

দুৰ্ঘটনাটোৰ সন্দৰ্ভত দিল্লী আৰক্ষীয়ে জনাইছে যে সপ্তম মহলাত হোৱা অগ্নিকাণ্ডৰ বাবে ২টা শিশু (এজন ল’ৰা আৰু এজনী ছোৱালী, দুয়োৰে বয়স ১০ বছৰ) নিজকে বচাবলৈ বেলকনিৰ পৰা জপিয়াই দিছিল, তেওঁলোকক ততাতৈয়াকৈ আকাশ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল, কিন্তু তাত তেওঁলোকক মৃত ঘোষণা কৰা হয়। পিছত পিতৃ যশ যাদৱেও (৩৫ বছৰ)ও নিজকে বচাবলৈ বেলকনিৰ পৰা জপিয়াছিল, লগে লগে তেওঁক আই জি আই হাস্পতাললৈ লৈ যোৱা হয় যদিও তেওঁকো মৃত বুলি ঘোষণা কৰা হয়।

পত্নী আৰু পুত্ৰ চিকিৎসাধীন

যশ যাদৱ ফ্লেক্স বৰ্ডৰ ব্যৱসায়ৰ লগত জড়িত আছিল। অৱশ্যে যশৰ পত্নী আৰু জ্যেষ্ঠ পুত্ৰ জুইৰ পৰা ৰক্ষা পৰে আৰু বৰ্তমান তেওঁলোক চিকিৎসাধীন অৱস্থাত আছে। তেওঁলোকক চিকিৎসা সাহায্যৰ বাবে আই জি আই হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। পৰিয়ালটোক সহায় কৰিবলৈ আকাশ আৰু আই জি আই হাস্পতাল দুয়োখনতে দল মোতায়েন কৰা হৈছে। ইফালে অগ্নিকাণ্ডৰ বাবে খালী কৰা হৈছে এপাৰ্টমেণ্ট। সকলো বাসিন্দাক তাৰ পৰাই বাহিৰলৈ পঠিয়াই দিয়া হৈছে। লগতে কৰ্তন কৰি দিয়া হৈছে বিদ্যুৎ আৰু পিএনজি গেছ সংযোগৰ দৰে সকলো সুবিধা ।

ইয়াৰ পূৰ্বে ৰাজধানী দিল্লীৰ দ্বাৰকা জিলাৰ এটা অট্টালিকাত পুৱা প্ৰায় ১০ বজাত অগ্নিকাণ্ড সংঘটিত হয়। দিল্লী অগ্নিনিৰ্বাপক বাহিনীয়ে জনোৱা মতে, দ্বাৰকাৰ ছেক্টৰ-১৩ৰ ছাবাদ এপাৰ্টমেণ্টৰ সপ্তম মহলাত অৱস্থিত এটা ফ্লেটত অগ্নিকাণ্ড সংঘটিত হয়। ঘটনাস্থলীত উপস্থিত হৈছে ৮ খন অগ্নিনিৰ্বাপক বাহিনীৰ বাহন। ফ্লেটটোত দুইৰ পৰা তিনিজন লোক আবদ্ধ হৈ পৰাৰ আশংকা ব্যক্ত কৰা হৈছে। চলি আছে জুই নিৰ্বাপনৰ ।