শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

অন্ধবিশ্বাসৰ কৰুণ পৰিণতি, হোৱা নাছিল বিয়া! ১৬ দিনীয়া ভাগিনৰ সৈতে ৪ মহিলাৰ বৰ্বৰ কাণ্ড…

পিতৃয়ে লগতে উল্লেখ কৰে যে, তেওঁ বিচাৰে যে তেওঁৰ নিৰীহ পুত্ৰৰ হত্যাকাৰীয়ে কঠোৰতম শাস্তি লাভ কৰক। শিশুটিৰ পিতৃয়ে সন্দেহ প্ৰকাশ কৰে যে তেওঁৰ খুলশালী কেইজনীয়ে পুত্ৰক বলি দিয়াৰ নামত হত্যা কৰিছিল। মৃতকৰ পিতৃয়ে উল্লেখ কৰিছে যে তেওঁলোকে প্ৰথমে শিশুটিক হত্যা কৰিছিল আৰু তাৰ পিছত আইনৰ পৰা হাত সাৰিবলৈ এই ভিডিঅ’টো বনাইছিল।

অন্ধবিশ্বাসৰ কৰুণ পৰিণতি, হোৱা নাছিল বিয়া! ১৬ দিনীয়া ভাগিনৰ সৈতে ৪ মহিলাৰ বৰ্বৰ কাণ্ড…
যোধপুৰত ১৬ দিনীয়া ভাগিনক হত্যা ৪ মহিলাৰ
trishna-kalita
Trishna Kalita | Updated On: 15 Nov 2025 18:39 PM

আন এক ভয়ংকৰ ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ।  নিজৰ ভাগিনকক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰে চাৰিগৰাকী মহিলাই। কোৱা হৈছে যে তেওঁলোকে অন্ধবিশ্বাসৰ বাবেই এই অপৰাধ সংঘটিত কৰিছিল। মৃত শিশুটিৰ পিতৃ অৰ্থাৎ মহিলাকেইগৰাকীৰ ভিনিহিয়েকে কয় যে, তেওঁৰ খুলশালীৰ বিয়া হোৱা নাই। সেয়ে অন্ধবিশ্বাসৰ বাবে পুত্ৰক বলি দিয়াৰ নামত হত্যা কৰে। নিৰীহ শিশুটিক ভৰিৰে মোহাৰি হত্যা কৰিলে। ৰাজস্থানৰ যোধপুৰত সংঘটিত হৈছে এই ঘটনা।

জানিব পৰা মতে বায়ুসেনা আৰক্ষী থানাৰ এলেকাত এই ঘটনা সংঘটিত হৈছে। চাৰিগৰাকী মাহীয়ে নিৰ্মমভাৱে হত্যা কৰিলে ১৬ দিনীয়া ভাগিনীয়েকক। শিশুটিক ভৰিৰে মোহাৰি হত্যা কৰাৰ অভিযোগ। ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ বিষয়টোৰ তদন্ত আৰম্ভ কৰে। এই সন্দৰ্ভত যোধপুৰৰ পঞ্চ বট্টি অঞ্চলৰ নেহৰু কলনীৰ পৰা এটা ভিডিঅ’ প্ৰকাশ পাইছে।

ভিডিঅ’টোত এগৰাকী মহিলাই এটা শিশুৰ সৈতে বহি জপ কৰি থকা দেখা গৈছে। তেওঁৰ চাৰিওফালে আন কেইবাগৰাকীও মহিলা বহি আছে, তেওঁলোকেও জপ কৰি আছে। ভিডিঅ’টো চাই এনে লাগে যেন মহিলাগৰাকীয়ে কোনো তন্ত্ৰ-মন্ত্ৰ কৰি আছে। মৃত ১৬ দিনীয়া শিশুটিৰ পিতৃয়ে কয় যে তেওঁৰ খুলশালী কেইজনীৰ বিয়া হোৱা নাছিল আৰু সেইবাবেই তেওঁলোকে শিশুটিক ভৰিৰে মোহাৰি হত্যা কৰিছিল।

পিতৃয়ে লগতে উল্লেখ কৰে যে, তেওঁ বিচাৰে যে তেওঁৰ নিৰীহ পুত্ৰৰ হত্যাকাৰীয়ে কঠোৰতম শাস্তি লাভ কৰক। শিশুটিৰ পিতৃয়ে সন্দেহ প্ৰকাশ কৰে যে তেওঁৰ খুলশালী কেইজনীয়ে পুত্ৰক বলি দিয়াৰ নামত হত্যা কৰিছিল। মৃতকৰ পিতৃয়ে উল্লেখ কৰিছে যে তেওঁলোকে প্ৰথমে শিশুটিক হত্যা কৰিছিল আৰু তাৰ পিছত আইনৰ পৰা হাত সাৰিবলৈ এই ভিডিঅ’টো বনাইছিল। যোধপুৰৰ আৰক্ষীয়ে এতিয়া সমগ্ৰ বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে।