মানৱ অধিকাৰৰ ‘সংগ্ৰামী কণ্ঠ’ দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক জি এন চাইবাবাৰ মৃত্যু
দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক, মানৱ অধিকাৰ কৰ্মী জি এন চাইবাবাৰ শনিবাৰে নিশা মৃত্যু হয়। মাওবাদীৰ সৈতে গোপন বুজাবুজি থকাৰ অভিযোগত ১০ বছৰৰ কাৰাদণ্ডৰ শাস্তিৰে দণ্ডিত হৈছিল চাইবাবা। এই গোচৰত তেওঁক ২০১৪ চনত গ্ৰেপ্তাৰ কৰা হৈছিল। চলিত বৰ্ষৰ মাৰ্চ মাহত এই গোচৰত বোম্বে উচ্চ ন্যায়ালয়ে জি এন চাইবাবাক দোষমুক্ত কৰিছিল।
দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক জি এন চাইবাবাৰ মৃত্যু হৈছে। শনিবাৰে নিশা হায়দৰাবাদৰ এখন চৰকাৰী চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত জি এন চাইবাবাৰ বয়স আছিল ৫৭ বছৰ। যোৱা ২০ দিন তেওঁ নিজামছ ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সত চিকিৎসাধীন হৈ আছিল। মাওবাদীৰ সৈতে গোপন বুজাবুজি থকাৰ অভিযোগত ১০ বছৰৰ কাৰাদণ্ডৰ শাস্তিৰে দণ্ডিত হৈছিল চাইবাবা। এই গোচৰত তেওঁক ২০১৪ চনত গ্ৰেপ্তাৰ কৰা হৈছিল। তাৰ পিছৰে পৰা ২০২৪ চনৰ মাৰ্চ মাহলৈকে কাৰাবন্দী হৈ আছিল।
চলিত বৰ্ষৰ মাৰ্চ মাহত মাওবাদীৰ সৈতে জড়িত এই গোচৰত বোম্বে উচ্চ ন্যায়ালয়ে জি এন চাইবাবাক দোষমুক্ত কৰাৰ লগতে আজীৱন কাৰাদণ্ডও বাতিল কৰিছিল। বোম্বে উচ্চ ন্যায়ালয়ৰ নাগপুৰ বিচাৰপীঠে এই গোচৰৰ ৰায় ঘোষণা কৰি চূড়ান্ত সিদ্ধান্তত চাইবাবাক দোষমুক্ত ঘোষণা কৰি তেওঁৰ বিৰুদ্ধে গোচৰটো প্ৰমাণিত কৰাত ব্যৰ্থ হোৱা বুলি উল্লেখ কৰিছিল। আদালতৰ এই ৰায়ৰ পিছতে প্ৰায় ১০ বছৰ কাৰাবাস খটাৰ অন্তত কাৰামুক্ত হৈছিল চাইবাবা।
জি এন চাইবাবা দিল্লী বিশ্ববিদ্যালয়ৰ ৰাম লাল আনন্দ মহাবিদ্যালয়ত ইংৰাজী বিষয়ৰ অধ্যাপক আছিল। ২০১৪ চনত মহাৰাষ্ট্ৰ আৰক্ষীয়ে মাওবাদীৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত চাইবাবাক গ্ৰেপ্তাৰ কৰিছিল। ২০১৭ চনৰ মাৰ্চ মাহত মহাৰাষ্ট্ৰৰ গড়চিৰোলী জিলাৰ এখন সত্ৰ আদালতে চাইবাবাসহ পাঁচজন লোকক দোষী সাব্যস্ত কৰি আজীৱন কাৰাদণ্ডৰ শাস্তি বিহিছিল।
আদালতে তেওঁলোকক মাওবাদীৰে সম্পৰ্ক ৰক্ষাৰ লগতে দেশৰ বিৰুদ্ধে হিংসাত্মক কাৰ্যকলাপত লিপ্ত হোৱাৰ অভিযোগত বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (UAPA)ৰ দৰে কঠোৰ আইনৰ আওতাত অভিযুক্ত কৰাৰ লগতে ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাৰ অধীনত তেওঁলোকক দোষী সাব্যস্ত কৰিছিল। আদালতৰ এই ৰায়ৰ পিছতে নাগপুৰ কেন্দ্ৰীয় কাৰাগাৰত কাৰাৰুদ্ধ হৈ আছিল চাইবাবা।
ইফালে ২০১৪ চনত গ্ৰেপ্তাৰ কৰাৰ পিছতে চাইবাবাক কলেজৰ পৰা নিলম্বন কৰা হৈছিল। নিলম্বনৰ পিছত তেওঁৰ পৰিয়ালক মাত্ৰ আধা দৰমহা দিয়া হৈছিল যদিও ২০২১ চনৰ ৩১ মাৰ্চত কলেজে তেওঁক দিয়া এই দৰমহাও বন্ধ কৰি দিয়ে। জি এন চাইবাবা শাৰীৰিকভাৱে অক্ষম আছিল যদিও মতাদৰ্শগতভাৱে তেওঁ আছিল অত্যন্ত শক্তিশালী। পাঁচ বছৰ বয়সতে পলিঅ’ ৰোগত আক্ৰান্ত হৈ চাইবাবাই পৰৱৰ্তী গোটেই জীৱন হুইল চেয়াৰত বহি কটাব লগা হৈছিল।
তেওঁ আছিল নাগৰিক আৰু গণতান্ত্ৰিক অধিকাৰৰ এক সংগ্ৰামী কণ্ঠ। নগৰীয়া অঞ্চলত থাকি মাওবাদীৰ হৈ কাম কৰাৰ অভিযোগ উত্থাপন হৈছিল চাইবাবাৰ বিৰুদ্ধে। অৱশ্যে মাওবাদীক সমৰ্থন কৰা বুলি উত্থাপন হোৱা অভিযোগ চাইবাবাই সদায়ে অস্বীকাৰ কৰি আহিছিল। তেখেতৰ মৃত্যুৰ খবৰ প্ৰকাশ পোৱাৰ পিছতে শোক প্ৰকাশ কৰিছে মানৱ অধিকাৰৰ হকে কণ্ঠ নিগৰাই অহা প্ৰতিগৰাকী ব্যক্তিয়ে।