শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

সুৰাপায়ীৰ বাবে দুঃখবৰ, এই পাঁচটা দিন ৰাজধানীত উপলব্ধ নহ’ব সুৰা; প্ৰশাসনে দিলে কঠোৰ নিৰ্দেশনা

আবকাৰী বিভাগে জাৰি কৰা চৰকাৰী জাননী অনুসৰি, চহৰখনত আইন-শৃংখলা বৰ্তাই ৰখা, ধৰ্মীয় অনুভূতিৰ প্ৰতি সন্মান প্ৰদৰ্শন আৰু ৰাষ্ট্ৰীয় উৎসৱৰ মৰ্যাদা ৰক্ষাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই দিনকেইটাত সকলো সুৰাৰ দোকান আৰু ভেন্ডাৰ সম্পূৰ্ণৰূপে বন্ধ থাকিব।

সুৰাপায়ীৰ বাবে দুঃখবৰ, এই পাঁচটা দিন ৰাজধানীত উপলব্ধ নহ’ব সুৰা; প্ৰশাসনে দিলে কঠোৰ নিৰ্দেশনা
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: Unsplash
Monjit Dutta
Monjit Dutta | Updated On: 20 Jan 2026 09:14 AM

যদি আপুনি ৰাজধানী বাস কৰে আৰু সুৰাপান কৰি ভাল পায়, তেতিয়াহ’লে এই খবৰটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। এই খবৰ আপোনাৰ বাবে কিছু দুখৰ হ’লেও সমান্তৰালকৈ হ’ব এক সাৱধানবাণীও। কিয়নো ৰাজধানীত বিশেষ ৫টা দিনত সুৰা সম্পূৰ্ণ নিষিদ্ধ কৰিছে প্ৰশাসনে। এনে অৱস্থাত আপুনি এই দিনকেইটাত বিশেষভাৱে সাৱধান হ’ব লাগিব। অৱশ্যে এই নিৰ্দেশনা অসমৰ নহয়, দেশৰ ৰাজধানী দিল্লীত আৰোপ কৰা হৈছে এই কঠোৰ নিৰ্দেশনা।

দিল্লী চৰকাৰৰ আবকাৰী বিভাগে আগন্তুক উৎসৱ আৰু ৰাষ্ট্ৰীয় দিৱসসমূহৰ প্ৰতি লক্ষ্য ৰাখি অহা ২৬ জানুৱাৰীৰ পৰা ৩১ মাৰ্চৰ ভিতৰত মুঠ ৫ দিন ‘ড্ৰাই ডে’ (Dry Day) ঘোষণা কৰিছে। এই নিৰ্দিষ্ট দিনকেইটাত সমগ্ৰ দিল্লীতে সুৰা বিক্ৰীৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰা হ’ব।

আবকাৰী বিভাগে জাৰি কৰা চৰকাৰী জাননী অনুসৰি, চহৰখনত আইন-শৃংখলা বৰ্তাই ৰখা, ধৰ্মীয় অনুভূতিৰ প্ৰতি সন্মান প্ৰদৰ্শন আৰু ৰাষ্ট্ৰীয় উৎসৱৰ মৰ্যাদা ৰক্ষাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই দিনকেইটাত দিল্লীৰ সকলো সুৰাৰ দোকান আৰু ভেন্ডাৰ সম্পূৰ্ণৰূপে বন্ধ থাকিব।

কেতিয়া কেতিয়া হ’ব ‘ড্ৰাই ডে’

এই ঘোষণা অনুসৰি, অহা ২৬ জানুৱাৰীত গণৰাজ্য দিৱসৰ বাবে সুৰা বিক্ৰীত নিষেধাজ্ঞা থাকিব। একেদৰে ১৫ ফেব্ৰুৱাৰীত মহা শিৱৰাত্ৰিৰ বাবে, ২১ মাৰ্চত ঈদ-উল-ফিটৰৰ বাবে, ২৬ মাৰ্চত ৰাম নৱমীৰ বাবে আৰু ৩১ মাৰ্চত মহাবীৰ জয়ন্তীৰ বাবে দিল্লীত ড্ৰাই ডে থাকিব।

হোটেলসমূহৰ বাবে নিয়ম

চৰকাৰী নিৰ্দেশনাত স্পষ্ট কৰি দিয়া হৈছে যে ড্ৰাই ডেৰ সময়ত হোটেলসমূহক আংশিক সকাহ দিয়া হৈছে। L-15 লাইচেন্স থকা হোটেলসমূহে তেওঁলোকৰ হোটেলত থকা বিদেশী পৰ্যটক আৰু আলহীসকলক নিজৰ কোঠাৰ ভিতৰত সুৰা পৰিৱেশন কৰিব পাৰিব। অৱশ্যে, হোটেলৰ বাৰ বা ৰেষ্টুৰেণ্টত বাহিৰৰ পৰা অহা কোনো গ্ৰাহককে সুৰা বিক্ৰী কৰা বা পৰিৱেশন কৰাৰ অনুমতি নাথাকিব।

নিয়ম উলংঘা কৰিলে কঠোৰ ব্যৱস্থা

প্ৰশাসনে সকীয়াই দিছে যে যদি কোনো দোকানে গোপনে সুৰা বিক্ৰী কৰা ধৰা পৰে, তেন্তে তেওঁলোকৰ লাইচেন্স বাতিল কৰাৰ লগতে বৃহৎ পৰিমাণৰ জৰিমনা বিহা হ’ব। আৰক্ষী আৰু আবকাৰী বিভাগৰ বিশেষ দলে এই দিনকেইটাত সমগ্ৰ চহৰখনত চোকা নজৰ ৰাখিব।