৯ বছৰীয়া শিশুৰ সৈতে জঘন্য কাণ্ড! অভিযুক্ত নৌছাদক বিচাৰি আৰক্ষীৰ অভিযান…
মানুহ কিমান পাষাণ হ'লে এটি শিশুৰ লগত বৰ্বৰ কাণ্ড সংঘটিত কৰিব পাৰে? শেহতীয়াকৈ পোহৰলৈ অহা এনে এক ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

দেশত প্ৰতিদিনে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। একাংশ পাষাণ লোকৰ কবলৰ পৰা সাৰি নাযায় শিশুৰ পৰা বৃদ্ধও। পুনৰ এক গাৰ নোম শিঁয়ৰি উঠা ঘটনা পোহৰলৈ আহিছে ৰাজধানী দিল্লীৰ পৰা। তথ্য অনুসৰি দিল্লীৰ নেহৰু বিহাৰত এটি ৯ বছৰীয়া শিশুক ধৰ্ষণ কৰি হত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে। এই ঘটনাৰ মাজতে জনতাৰ মাজত ক্ষোভ বৃদ্ধি পাইছে আৰু শ শ প্ৰতিবাদকাৰী ৰাজপথলৈ ওলাই আহিছে। এই ঘটনাৰ অভিযুক্তক নৌছাদ বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে।
বৰ্তমান পলাতক অৱস্থাত আছে অভিযুক্ত। এই পাষাণজনক গ্ৰেপ্তাৰ কৰিবলৈ ইতিমধ্যে আৰক্ষীয়ে ৭টাকৈ দল গঠন কৰিছে। এই দলসমূহে দিল্লীৰ বাহিৰেও আলিগড়, মীৰুট আৰু গাজিয়াবাদত অভিযান চলাই আছে। কিন্তু এতিয়ালৈকে কোনো সন্ধান লাভ কৰা নাই। ইয়াৰোপৰি পৰিস্থিতি ভয়াবহ হৈ পৰাৰ বাবে আৰক্ষীয়ে অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে।
শিশুটিৰ পৰিয়ালে ৰাজপথত প্ৰতিবাদ কৰি আছে। শিশুটিৰ আইতাকে কৈছে যে, অভিযুক্তক গ্ৰেপ্তাৰ কৰিব নোৱাৰা পৰ্যন্ত ৰাস্তাত বহি থাকিব। ইয়াৰ বিপৰীতে আৰক্ষীয়ে শিশুটিৰ পৰিয়ালক আশ্বাস দিছে যে শীঘ্ৰেই অভিযুক্তক গ্ৰেপ্তাৰ কৰা হ’ব, বেছিদিন নৌছাদ আৰক্ষীৰ পৰা আঁতৰি থাকিব নোৱাৰে।
দিল্লীত ডিচিপি নৰ্থ ইষ্ট আশীষ মিশ্ৰই কয় যে অপৰাধস্থলী ছীল কৰা হৈছে। আৰক্ষী আৰু ফৰেনছিক দলে প্ৰমাণ সংগ্ৰহ কৰি আছে। ঘটনা সন্দৰ্ভত শিশুটিৰ পৰিয়াল আৰু প্ৰত্যক্ষদৰ্শীৰ বক্তব্যও লিপিবদ্ধ কৰা হৈছে। আৰক্ষীয়ে অঞ্চলটোৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰি অভিযুক্তক আটক কৰিবলৈ সকলো সম্ভৱপৰ প্ৰয়াসে কৰি গৈছে।
উল্লেখ্য যে, শনিবাৰ (৭জুন)য়ে নিশা প্ৰায় ৯ বজাত নেহৰু বিহাৰত এটা ছুটকেছত এটি শিশুৰ মৃতদেহ উদ্ধাৰ হৈছিল। এই তথ্য শিশুটিৰ পিতৃয়ে আৰক্ষীক দিছিল। জানিব পৰা মতে, চুবুৰীটোৰ এটা বন্ধ ফ্লেটৰ ভিতৰত এটা ছুটকেছত উদ্ধাৰ হয় শিশুটিৰ মৃতদেহ। তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে সেই স্থানত উপস্থিত হয় যদিও তেতিয়া পিতৃয়ে শিশুটিক চিকিৎসালয়লৈ লৈ গৈছিল। য’ত চিকিৎসকে ছোৱালীজনীক মৃত বুলি ঘোষণা কৰে। চিকিৎসকে জনাই যে, শিশুটিক প্ৰথমে ধৰ্ষণ আৰু তাৰ পাছত হত্যা কৰা হয়।
এই ঘটনাক লৈ বিৰোধী দল আপে শাসকীয় পক্ষক কটাক্ষ কৰিছে। দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেজৰিলালে কয় যে,দিল্লীত আইন-শৃংখলাৰ পতন ঘটিছে। চাৰি ইঞ্জিনযুক্ত বিজেপি চৰকাৰত আমাৰ কন্যা সন্তান নিৰাপদ নহয় বুলিও তেওঁ কয়। উল্লেখ্য যে, এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে। তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
অন্য খবৰ পঢ়কঃ মুখ্যমন্ত্ৰীৰ পৰা ট্ৰাম্প, ইলন মাস্কলৈ…দিনটোৰ ৯টা গুৰুত্বপূৰ্ণ খবৰ…