শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

উন্নাওকাণ্ডৰ মূল অভিযুক্ত কুলদ্বীপ সিং চেংগাৰক জামিন প্ৰদান, যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশত স্থগিতাদেশ দিল্লী উচ্চ ন্য়ায়ালয়ৰ

আদালতে কুলদীপ চেংগাৰক ১৫ লাখ টকাৰ বণ্ডত মুকলি কৰি দিয়াৰ নিৰ্দেশ দিয়ে। আদালতে নিৰ্ধাৰণ কৰিছিল যে চেংগাৰে ১৫ লাখ টকাৰ ব্যক্তিগত বণ্ড আৰু একে পৰিমানৰ ধনৰ তিনিজন জামিনদাৰ থিয় কৰাব লাগিব। ইয়াৰ লগতে চৰ্তও আৰোপ কৰা হৈছিল।

উন্নাওকাণ্ডৰ মূল অভিযুক্ত কুলদ্বীপ সিং চেংগাৰক জামিন প্ৰদান, যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশত স্থগিতাদেশ দিল্লী উচ্চ ন্য়ায়ালয়ৰ
কুলদ্বীপ সিং চেংগাৰImage Credit source: TV9 Bharatvarsh
Raj Saikia
Raj Saikia | Published: 23 Dec 2025 16:19 PM

দেশ কঁপোৱা উন্নাও ধৰ্ষণকাণ্ডৰ গোচৰত বৃহৎ সকাহ লাভ কৰিছে বিজেপিৰ প্ৰাক্তন বিধায়ক কুলদীপ সিং চেংগাৰে। দিল্লী উচ্চ ন্যায়ালয়ে চৰ্ত সাপেক্ষে জামিন প্ৰদান কৰিছে চেংগাৰক। তেওঁক নিম্ন ন্যায়ালয়ে প্ৰদান কৰা যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়ৰ ওপৰতো স্থগিতাদেশ জাৰি কৰিছে উচ্চ ন্যায়ালয়ে। ন্যায়াধীশ সুব্ৰমণিয়াম প্ৰসাদ আৰু হৰিশ বৈদ্যনাথন শংকৰৰ এখন বিভাগীয় বিচাৰপীঠে এই ৰায়দান কৰে।

আদালতে কুলদীপ চেংগাৰক ১৫ লাখ টকাৰ বণ্ডত মুকলি কৰি দিয়াৰ নিৰ্দেশ দিয়ে। আদালতে নিৰ্ধাৰণ কৰিছিল যে চেংগাৰে ১৫ লাখ টকাৰ ব্যক্তিগত বণ্ড আৰু একে পৰিমানৰ ধনৰ তিনিজন জামিনদাৰ থিয় কৰাব লাগিব। ইয়াৰ লগতে চৰ্তও আৰোপ কৰা হৈছিল।

আদালতে এই চৰ্তসমূহৰ সৈতে চেংগাৰক জামিন প্ৰদান কৰে-

  • চেংগাৰ ভুক্তভোগীৰ পৰা ৫ কিলোমিটাৰৰ ভিতৰৰ অঞ্চললৈ নাহে আৰু দিল্লীতে থাকিব।
  • চেংগাৰে ভুক্তভোগীক ভাবুকি নিদিয়ে।
  • চেংগাৰে বিচাৰ আদালতত নিজৰ পাছপ’ৰ্ট দাখিল কৰিব।
  • প্ৰতি সোমবাৰে তেওঁ আৰক্ষীক ৰিপৰ্ট দিব লাগিব।
  • যিকোনো চৰ্ত উলংঘা কৰিলে তেওঁৰ জামিন বাতিল হ’ব।
  • ভৱিষ্যতে যদি তেওঁৰ শাস্তি ৰক্ষা হয় তেন্তে তেওঁৰ বাকী শাস্তি পাৰ কৰিবলৈ আদালতত হাজিৰ হ’ব লাগিব।

পৰৱৰ্তী শুনানি ২০২৬ চনৰ ১৫ জানুৱাৰীত

এই গোচৰৰ পৰৱৰ্তী শুনানি ২০২৬ চনৰ ১৫ জানুৱাৰীত হ’ব। সেইদিনা মুখ্য ন্যায়াধীশৰ নিৰ্দেশৰ অধীনত অপৰাধমূলক আবেদন আৰু আবেদন ৰষ্টাৰ বেঞ্চৰ সন্মুখত তালিকাভুক্ত কৰা হ’ব। চলিত বৰ্ষৰ আৰম্ভণিতে তেওঁক অল ইণ্ডিয়া ইনষ্টিটিউট অৱ আয়ুৰ্বেদত চকুৰ ছানি পৰা সমস্যাৰ অস্ত্ৰোপচাৰ কৰিবলৈ অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰা হৈছিল। যোৱা বছৰৰ ডিচেম্বৰ মাহতো তেওঁক একেধৰণৰ সকাহ দিয়া হৈছিল।

২০১৯ চনত যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি

২০১৯ চনৰ ডিচেম্বৰ মাহত নিম্ন আদালতে চেংগাৰক ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। নিম্ন ন্যায়ালয়ে চিবিআইক নিৰ্দেশ দিয়ে যে ভুক্তভোগী মহিলাগৰাকী আৰু তেওঁৰ পৰিয়ালে যাতে সম্পূৰ্ণ সুৰক্ষা লাভ কৰে। চেংগাৰক শাস্তি প্ৰদান কৰাৰ সময়ত নিম্ন আদালতে উল্লেখ কৰে যে তেওঁৰ অপৰাধ ইমানেই গুৰুতৰ যে শাস্তি হ্ৰাস কৰাৰ কোনো কাৰণ নাই। এজন নিৰ্বাচিত প্ৰতিনিধি হিচাপে ৰাইজে চেংগাৰক বিশ্বাস কৰিছিল যদিও তেওঁ সেই আস্থাক বিশ্বাসঘাতকতা কৰিছিল। তেওঁ কৰা জঘন্য কামৰ বাবে তেওঁ কঠোৰ শাস্তি পোৱাৰ যোগ্য।

উচ্চতম ন্যায়ালয়ে উন্নাও ধৰ্ষণ সম্পৰ্কীয় চাৰিওটা গোচৰৰ বিচাৰ দিল্লীলৈ হস্তান্তৰ কৰি দৈনিক শুনানি অনুষ্ঠিত কৰি ৪৫ দিনৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। তেতিয়াৰ পৰাই দিল্লীত গোচৰৰ শুনানি চলি আছে।