শুকুৰবাৰৰ নামাজৰ পাছতেই উৰিব দিল্লী উচ্চ ন্যায়ালয়…কোনে পঠিয়ালে এই ই-মেইল…
দিল্লী উচ্চ ন্যায়ালয়ে লাভ কৰিছে এক ভাবুকি ভৰা মেইল। য'ত কোৱা হৈছে বোমা বিস্ফোৰণৰ কথা। ইয়াৰ পাছতে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

এক ভয়ংকৰ ঘটনা। শুকুৰবাৰ (১২ ছেপ্টেম্বৰ)য়ে দিল্লী উচ্চ ন্যায়ালয়ে লাভ কৰে এক বোমা বিস্ফোৰণৰ ভাবুকিভৰা ই-মেইল। ইয়াৰ পাছতে সৰ্বত্ৰে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীয়ে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰি ন্যায়ালয় খালী কৰিবলৈ নিৰ্দেশ দিয়ে। ইতিমধ্যে ন্যায়ালয়ৰ পৰা সকলো কৰ্মচাৰীক সুৰক্ষিত অৱস্থাত বাহৰিলৈ উলিওৱা হৈছে।
জানিব পৰা মতে, আজি পুৱা ন্যায়ালয়ে এই ই-মেইল লাভ কৰিছে। য’ত লিখা আছে- পবিত্ৰ শুকুৰবাৰৰ বিস্ফোৰণৰ বাবে পাকিস্তান- তামিলনাডুৰ গোপন বুজাবুজি হৈছে। ইমানেই নহয় দুপৰীয়া ২ বজাৰ ভিতৰত আদালত চৌহদ খালী কৰিবলৈ সকীয়াই দিছে।
ই-মেইলটোত দাবী কৰা অনুসৰি এজন ব্যক্তিয়ে পাকিস্তানৰ আই এছ আইৰ সৈতে যোগাযোগ কৰিছে। ইয়াৰ দ্বাৰা তেওঁ ১৯৯৮ চনত পাটনাত হোৱা বোমা বিস্ফোৰণৰ ঘটনাৰ পুনৰাবৃত্তি কৰাৰ চেষ্টা কৰিছে। এই মেইলটোত ৰাজনৈতিক নেতা আৰু RSS ৰ নেতাৰ বিৰুদ্ধেও বহু আপত্তিজনক কথা লিখা আছে। ইমানেই নহয়, মেইলটোত এটা মোবাইল নম্বৰ আৰু IED ডিভাইছৰ বিষয়েও তথ্য দিছে।
মেইলটোত, “আমি ডি এম কেৰ দায়িত্ব ড° এজিলান নাগানাথনৰ হাতত অৰ্পণ কৰাৰ প্ৰস্তাৱ দিছো”। লগতে কয় যে, “এই সপ্তাহত উধয়ানিধি ষ্টেলিনৰ পুত্ৰ ইনবানিধি উধয়ানিধিক এচিডেৰে জ্বলাই দিয়া হ’ব। চোৰাংচোৱা সংস্থাই ইয়াৰ বিষয়ে একোৱে গম নাপাব। এই পবিত্ৰ শুকুৰবাৰে ইছলামিক নামাজৰ ঠিক পিছতেই দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ চেম্বাৰত বিস্ফোৰণ হ’ব।”
ই-মেইলটোত ৰাজনৈতিক দলসমূহৰ বিৰুদ্ধে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি আৰু দুৰ্নীতিৰ সৈতে জড়িত হোৱাৰ অভিযোগ উত্থাপন কৰিছে। য’ত কোৱা হৈছে যে, মূল বিষয়টো এয়াই যে ধৰ্মনিৰপেক্ষ দলসমূহে বিজেপি-আৰএছএছৰ বিৰুদ্ধে যুঁজিবলৈ পৰিয়ালকেন্দ্ৰিক ৰাজনীতি আৰু দুৰ্নীতিৰ ওপৰত নিৰ্ভৰ কৰে। যেতিয়া তেওঁলোকৰ উত্তৰাধিকাৰী (ৰাহুল গান্ধী, উদয়ানিধি)ক বাধা দিয়া হয় তেতিয়া তেওঁলোকে আৰ এছ এছৰ বিৰুদ্ধে যুঁজ দিয়াৰ আগ্ৰহ হেৰুৱাই পেলায়। এই মেইলটোত এটা ফোন নম্বৰৰ লগতে সত্যভামা চেংগোটাইয়ান নামৰ এজন লোকৰ নাম দিয়া হৈছে।
তথ্য অনুসৰি জানিব পৰা মতে, আজি পুৱা ১০.৪১ মিনিটত এই মেইল লাভ কৰে উচ্চ ন্যায়ালয়ৰ মহাপঞ্জীয়ক অৰুণ ভৰদ্বাজে। ইয়াৰ পাছতে তেওঁ অন্য কৰ্মচাৰীসকলক ইয়াৰ বিষয়ে জনাই বিষয়টো আৰক্ষীক অৱগত কৰে। পাছত বোমা নিষ্কাষণ এটা দলে ন্যায়ালয়ত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। সন্দেহজনক এই মেইল লাভ কৰাৰ পাছতে আৰক্ষী তথা প্ৰশাসন সষ্টম হৈ পৰিছে। ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে।
অন্য খবৰ পঢ়কঃ প্ৰাক্তন ৰাষ্ট্ৰপতিক ২৭ বছৰৰ জেল! অপৰাধ কি? প্ৰতিক্ৰিয়া প্ৰকাশ ড’নাল্ড ট্ৰাম্পৰ…