উৎসৱৰ বতৰত মনোৰঞ্জনৰ মহোৎসৱঃ TV9 ফেষ্টিভেল অৱ ইণ্ডিয়াৰ বাবে সাজু হৈ উঠিছে দিল্লী
দৰ্শকসকলে কেৱল BookMyShow যোগে টিকট বুকিং কৰি এই অনন্য উৎসৱৰ কনচাৰ্ট আৰু দাণ্ডিয়া নাইটত অংশগ্ৰহণ কৰিব পাৰিব। অৱশ্যে লাইফষ্টাইল এক্সপ’ত প্ৰৱেশ সকলোৰে বাবে বিনামূলীয়া হ’ব। সংগীত, সংস্কৃতি, খাদ্য আৰু উৎসৱৰ এই মিশ্ৰণে দৰ্শকক এক স্মৰণীয় অভিজ্ঞতা প্ৰদান কৰিব।

দেশৰ সৰ্ববৃহৎ উৎসৱৰ বাবে সাজু হৈ উঠিছে দিল্লী। TV9 ফেষ্টিভেল অৱ ইণ্ডিয়া ২০২৫ আয়োজনৰ বাবে দিল্লীত চলিছে পূৰ্ণ প্ৰস্তুতি। অহা ২৮ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ দিল্লীৰ মেজৰ ধ্যান চান্দ ৰাষ্ট্ৰীয় খেলপথাৰত অনুষ্ঠিত হ’ব এই মহোৎসৱ। দুৰ্গা পূজা আৰু নৱৰাত্ৰিৰ আনন্দ উদযাপনেৰে পাঁচদিনীয়া এই মহোৎসৱত সংগীত, নৃত্য প্ৰদৰ্শন কৰা হ’ব। থাকিব বিভিন্ন সামগ্ৰীৰ মেলা, সকলো ধৰণৰ খাদ্যৰ ষ্টল। এক কথাত TV9 ফেষ্টিভেল অৱ ইণ্ডিয়া হৈ পৰিব উৎসৱৰ আনন্দ উপভোগৰ এক উৎকৃষ্ট মঞ্চ। পৰিয়ালৰ সৈতে বা বন্ধু-বান্ধৱীৰ সৈতে আপুনিও হ’ব এই মঞ্চৰ অংশ।
এই মহোৎসৱত কনচাৰ্ট আৰু দাণ্ডিয়া নাইটৰ লগতে দিনটোৰ ভিতৰতে বলীউডৰ হিট গীত, লোকগীত, ফিউজন আৰু ইণ্ডি সংগীতৰ মন্ত্ৰমুগ্ধকৰ অনুষ্ঠান অনুষ্ঠিত হ’ব। এই উৎসৱৰ মূল আকৰ্ষণ হৈছে দিল্লীৰ সৰ্বোচ্চ আৰু কলাত্মক দুৰ্গা পূজা পেণ্ডেল। পাঁচ দিনীয়া এই লাইফষ্টাইল এক্সপ’ত ফেশ্বন, ডেকোৰেচন, গহনা, প্ৰযুক্তি, হস্তশিল্প আৰু সকলো অনন্য সামগ্ৰী প্ৰদৰ্শন কৰা হ’ব।
আনহাতে খাদ্য উৎসৱত কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে বিভিন্ন ধৰণৰ সুস্বাদু খাদ্যৰ প্ৰদৰ্শনী দেখা যাব। শিশু, যুৱক-যুৱতী আৰু পৰিয়ালৰ বাবে কৰ্মশালা, খেলা-ধূলা আৰু বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ’ব। এই সকলোৱে একেলগে স্বাভাৱিকতেই পৰম্পৰা, সংস্কৃতি আৰু আধুনিকতাৰ এক অনন্য অভিজ্ঞতা প্ৰদান কৰিব।
মহোৎসৱৰ পূৰ্বে TV9 নেটৱৰ্কৰ মুখ্য পৰিচালন বিষয়া কে বিক্ৰমে কয়, “যোৱা দুটা সংস্কৰণৰ বিপুল সফলতাৰ পিছত এইবাৰ আমি বৃহত্তৰ পৰিসৰত লাইভ মিউজিক কনচাৰ্ট, চেলিব্ৰিটি ডিজেৰ সৈতে দাণ্ডিয়া-গৰ্বা নাইট আৰু মহা দুৰ্গা পূজা উদযাপনৰ আয়োজন কৰিছো। লাইফষ্টাইল ষ্টলত অধিক বিস্তৃত আৰু আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহ থাকিব। সংস্কৃতি, পৰম্পৰা, উৎসৱ আৰু আধুনিকতাৰ মিশ্ৰণেৰে এই অনুষ্ঠানে প্ৰতিফলিত কৰিব ভাৰত আৰু TV9 নেটৱৰ্কৰ প্ৰকৃত আত্মা।”
দৰ্শকসকলে কেৱল BookMyShow যোগে টিকট বুকিং কৰি এই অনন্য উৎসৱৰ কনচাৰ্ট আৰু দাণ্ডিয়া নাইটত অংশগ্ৰহণ কৰিব পাৰিব। অৱশ্যে লাইফষ্টাইল এক্সপ’ত প্ৰৱেশ সকলোৰে বাবে বিনামূলীয়া হ’ব। সংগীত, সংস্কৃতি, খাদ্য আৰু উৎসৱৰ এই মিশ্ৰণে দৰ্শকক এক স্মৰণীয় অভিজ্ঞতা প্ৰদান কৰিব। অহা ২৮ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ প্ৰতিদিনে পুৱা ১০ বজাৰ পৰা নিশা ১০ বজালৈ হ’ব এই মহোৎসৱ।
আনহাতে প্ৰতিদিনে পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ খোলা থাকিব লাইফষ্টাইল এক্সপো। এক কথাত এছ’চিয়েটেড ব্ৰডকাষ্টিং কোম্পানী প্ৰাইভেট লিমিটেড (ABCPL)ৰ দ্বাৰা পৰিচালিত দেশৰ আগশাৰীৰ নিউজ নেটৱৰ্ক TV9 নেটৱৰ্কে উৎসৱৰ বতৰত সকলোকে দিব আনন্দ উদযাপনৰ এক অনন্য মঞ্চ। অধিক তথ্যৰ বাবে tv9festivalofindia.com চাব পাৰে।