সঞ্জয় সিঙৰ পৰা কেজৰিৱাললৈ…! সুৰা কেলেংকাৰী গোচৰত কাৰামুক্ত হ’ল এইসকল নেতা
দিল্লীৰ সুৰা কেলেংকাৰী গোচৰত আজি অৰবিন্দ কেজৰিৱালৰ ৰূপত সপ্তমগৰাকী অভিযুক্তই জামিন লাভ কৰিছে। কেজৰিৱালৰ পূৰ্বে ইতিমধ্যে হাইপ্ৰফাইল নেতাসহ ছয়জন অভিযুক্তই জামিন লাভ কৰিছিল। গোচৰৰ বিচাৰ আৰম্ভ নকৰাৰ ভিত্তিতে জামিন লাভ কৰিছে কেজৰিৱালসহ আটাইকেইজন অভিযুক্তই।

দিল্লীৰ আবকাৰী নীতিৰ কেলেংকাৰী গোচৰত আজি উচ্চতম ন্যায়ালয়ত জামিন লাভ কৰিছে অৰবিন্দ কেজৰিৱালে। এইদৰে বহুচৰ্চিত এই কেলেংকাৰী গোচৰত কেজৰিৱালৰ ৰূপত সপ্তমগৰাকী অভিযুক্তই জামিন লাভ কৰিছে। কেজৰিৱালৰ পূৰ্বে ইতিমধ্যে আন তিনিগৰাকী আগশাৰীৰ ৰাজনৈতিক নেতা মনীষ চিছ’দিয়া, সঞ্জয় সিং, কে কবিতাৰ লগতে বিজয় নায়াৰ, সমীৰ মহেন্দ্ৰু আৰু অৰুণ পিল্লাইয়ে সুৰা কেলেংকাৰীৰ গোচৰত জামিন লাভ কৰিছে। লক্ষণীয়ভাৱে সঞ্জয় সিঙৰ বাহিৰে আটাইকেইগৰাকী অভিযুক্তই যোৱা ৩৫ দিনৰ ভিতৰত জামিন লাভ কৰিছে।
তদুপৰি এই বহুচৰ্চিত গোচৰটোৰ্ত জামিন লাভ কৰা আটাইকেইগৰাকী অভিযুক্তৰ জামিনৰ ভিত্তিও একে। গোচৰৰ বিচাৰ আৰম্ভ নকৰাৰ ভিত্তিতে জামিন লাভ কৰিছে কেজৰিৱালসহ আটাইকেইজন অভিযুক্তই।
অৰবিন্দ কেজৰিৱালঃ আজি এই গোচৰত জামিন লাভ কৰা অৰবিন্দ কেজৰিৱালক চলিত বৰ্ষৰ মাৰ্চ মাহত ইডিয়ে কৰিছিল । ধন সৰবৰাহৰ সৈতে জড়িত অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল কেজৰিৱালক। কেজৰিৱালৰ গ্ৰেপ্তাৰক ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি অভিহিত কৰিছিল আপে। লক্ষণীয়ভাৱে কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ সময়তে আপৰ আন তিনিগৰাকী শীৰ্ষ নেতা ক্ৰমে মনীষ চিছ’দিয়া, সত্যেন্দ্ৰ জৈন আৰু সঞ্জয় সিঙো কাৰাগাৰত আছিল।
লোকসভা নিৰ্বাচনৰ মাজতে উচ্চতম ন্যায়ালয়ে কেজৰিৱালক কিছুদিনৰ বাবে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল যদিও তাৰ পিছত তেওঁ পুনৰ কাৰাগাৰলৈ যাবলগীয়া হৈছিল। ইয়াৰ পিছত যোৱা জুন মাহত কেজৰিৱালে ইডিৰ গোচৰত দিল্লী উচ্চ ন্যায়ালয়ৰ পৰা নিয়মীয়া জামিন লাভ কৰিছিল যদিও তাৰ পিছত চিবিআইয়ে কাৰাগাৰতে কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছিল।
মনীষ চিছ’দিয়াঃ দিল্লী সুৰা কেলেংকাৰী গোচৰত গ্ৰেপ্তাৰ হোৱা প্ৰথমগৰাকী হাইপ্ৰফাইন ৰাজনৈতিক নেতা আছিল মনীষ চিছ’দিয়া। ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছিল চিছ’ডিয়াক। দিল্লী চৰকাৰৰ আবকাৰী বিভাগৰ মন্ত্ৰী হৈ থকাৰ সময়তে চিছ’দিয়াই প্ৰস্তুত কৰা সুৰা নীতিৰ ফলত একাংশ সুৰা মাফিয়া উপকৃত হৈছিল বুলি অভিযোগ উঠিছিল।
ইয়াৰ বিনিময়ত চিছ’দিয়া আৰু আপে সুৰা কোম্পানীসমূহৰ পৰা বিপুল পৰিমাণ ধন লাভ কৰিছিল বুলি অভিযোগ উত্থাপন হৈছিল। কাৰাৰুদ্ধ অৱস্থাতে চিছ’দিয়াক আন এটা কেন্দ্ৰীয় সংস্থা ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল। প্ৰায় ডেৰ বছৰ সময় কাৰাগাৰত কটোৱাৰ পিছত গত আগষ্ট মাহত উচ্চতম ন্যায়ালয়ত জামিন লাভ কৰিছিল চিছ’দিয়াই।
সঞ্জয় সিং: আন এগৰাকী আপ নেতা সুৰা সঞ্জয় সিঙক ২০২৩ চনৰ অক্টোবৰ মাহত ইডিয়ে এই গোচৰত গ্ৰেপ্তাৰ কৰিছিল। ৰাজ্যসভাৰ সাংসদগৰাকীৰ বিৰুদ্ধে চাউথ গ্ৰুপ কোম্পানীৰ পৰা ২ কোটি টকা লোৱাৰ অভিযোগ উত্থাপন হৈছিল। প্ৰায় ৬ মাহ কাৰাবন্দী হৈ থকাৰ অন্তত চলিত বৰ্ষৰ এপ্ৰিল মাহত তেওঁ উচ্চতম ন্যায়ালয়ৰ পৰা জামিন লাভ কৰিছিল। লক্ষণীয়ভাৱে সিঙৰ জামিনৰ বিৰোধিতাও কৰা নাছিল ইডিয়ে।
কে কবিতাঃ তেলেংগানাৰ ভাৰত ৰাষ্ট্ৰ সমিতিৰ মুৰব্বী কে চন্দ্ৰশেখৰ ৰাওৰ কন্যা কে কবিতাও দিল্লী সুৰা কেলেংকাৰী গোচৰৰ অন্যতম এগৰাকী অভিযুক্ত। ২০২৩ চনৰ মাৰ্চ মাহত ইডিয়ে নিজ বাসগৃ্হৰ পৰা কবিতাক গ্ৰেপ্তাৰ কৰিছিল। শেহতীয়াকৈ যোৱা ২৭ আগষ্টত উচ্চতম ন্যায়ালয়ে কবিতাক জামিন প্ৰদান কৰিছিল।
বিজয় নায়াৰঃ দিল্লী সুৰা কেলেংকাৰীৰ অভিযোগত কাৰাৰুদ্ধ হৈ আছিল আপৰ যোগাযোগ বিভাগৰ ভাৰপ্ৰাপ্ত মুৰব্বী বিজয় নায়াৰ। ২০২২ চনৰ ছেপ্টেম্বৰ মাহত নায়াৰক প্ৰথমে চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পিছত ২০২৩ চনৰ নৱেম্বৰ মাহত ইডিয়ে গ্ৰেপ্তাৰ কৰে নায়াৰক। চলিত মাহৰ আৰম্ভণিতে উচ্চতম ন্যায়ালয়ৰ পৰা জামিন লাভ কৰিছে নায়াৰে।
সমীৰ মহেন্দ্ৰুঃ ইণ্ডোস্পিৰিট কোম্পানীৰ পৰিচালন সঞ্চালক সমীৰ মহেন্দ্ৰুকো দিল্লী সুৰা কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল। সুৰা নীতি সলনি কৰাৰ সময়ত সমীৰ মহেন্দ্ৰুৰ কোম্পানীয়ে ধন দিয়া বুলি অভিযোগ উত্থাপন হৈছিল। ২০২২ চনৰ ছেপ্টেম্বৰ মাহত গ্ৰেপ্তাৰ হৈছিল মহেন্দ্ৰুক। ইতিমধ্যে মহেন্দ্ৰুৱেও এই গোচৰত জামিন লাভ কৰি কাৰাগাৰৰ পৰা ওলাই আহিছে।
অৰুণ পিল্লাইঃ দিল্লী সুৰা কেলেংকাৰীৰ গোচৰত কাৰাগাৰলৈ গৈছে আন এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী অৰুণ পিল্লাই। তেওঁৰ বিৰুদ্ধে বিজয় নায়াৰৰ সৈতে কেলেংকাৰিৰ সমগ্ৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ অভিযোগ উত্থাপন হৈছিল। ২০২৩ চনৰ মাৰ্চ মাহত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। এই গোচৰত পিল্লায়ে ২ দিন পূৰ্বে জামিন লাভ কৰিছে।