প্ৰথমে অভিযোগ দাখিল, তাৰ পাছতে মুখ্যমন্ত্ৰীক আক্ৰমণ…!
'সাপ্তাহিক জন সুনৱাই’ কাৰ্যসূচীৰ সময়ত আক্ৰমণৰ বলি হোৱা বুলি তেওঁৰ কাৰ্যালয়ে জানিবলৈ দিয়ে। এজন জ্যেষ্ঠ আৰক্ষী বিষয়াৰ মতে, অভিযুক্তক আটক কৰা হৈছে আৰু তেওঁৰ জেৰা চলি আছে।

দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা বুধবাৰে পুৱা চিভিল লাইনত থকা তেওঁৰ কেম্প অফিচত ‘সাপ্তাহিক জন সুনৱাই’ কাৰ্যসূচীৰ সময়ত আক্ৰমণৰ বলি হোৱা বুলি তেওঁৰ কাৰ্যালয়ে জানিবলৈ দিয়ে। এজন জ্যেষ্ঠ আৰক্ষী বিষয়াৰ মতে, অভিযুক্তক আটক কৰা হৈছে আৰু তেওঁৰ জেৰা চলি আছে। ঘটনাস্থলীত উত্তৰ দিল্লীৰ ডিচিপি আৰু অন্যান্য জ্যেষ্ঠ আৰক্ষী বিষয়াসকল উপস্থিত হৈছে।
পিটিআইৰ এক প্ৰতিবেদন অনুসৰি, দিল্লী আৰক্ষীৰ সূত্ৰই জনোৱা মতে, আক্ৰমণকাৰী গুজৰাটৰ ৰাজকূটৰ বাসিন্দা ৰাজেশ ভাইজী বুলি জানিব পৰা গৈছে। মুখ্যমন্ত্ৰী কাৰ্যালয়ে এক বিবৃতিত কয় যে, “আজি ‘জন সুনৱাই’ৰ সময়ত দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক এজন ব্যক্তিয়ে আক্ৰমণৰ চেষ্টা চলায়। দিল্লী আৰক্ষীয়ে অভিযুক্তক আটক কৰি জেৰা অব্যাহত ৰাখিছে ।”
দিল্লী বিজেপিৰ সূত্ৰই জনোৱা মতে, গুপ্তাক প্ৰায় ৩৫ বছৰ বয়সৰ এজন ব্যক্তিয়ে ‘আক্ৰমণ’ৰ চেষ্টা কৰিছিল। জন সুনৱাইৰ সময়ত তেওঁ প্ৰথমে মুখ্যমন্ত্ৰীক কিছু কাগজ-পত্ৰ দিছিল আৰু তাৰ পিছত গুপ্তাক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছিল বুলি তেওঁলোকে জানিবলৈ দিয়ে।
মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ পিছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত দিল্লী বিজেপিৰ মুৰব্বী বীৰেন্দ্ৰ সচদেৱে কয় যে, মুখ্যমন্ত্ৰী গুপ্তাক আক্ৰমণৰ চেষ্টা কৰাৰ হৈছিল যদিও বৰ্তমান তেওঁ ঠিকেই আছে। তেওঁ কয়,”আজি পুৱা ‘জন সূনৱাই’ৰ সময়ত মুখ্যমন্ত্ৰীয়ে প্ৰত্যেক দিনৰ দৰে জনসাধাৰণৰ সৈতে মত বিনিময় কৰি থকাৰ সময়তে এজন লোকে তেওঁৰ ওচৰলৈ আহি কিছু কাগজ তুলি দিলে আৰু হঠাতে তেওঁৰ হাতত ধৰিলে, তেওঁক নিজৰ ফালে টানি নিয়াৰ চেষ্টা কৰিলে। এই সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।”
মুখ্যমন্ত্ৰীগৰাকীক চৰ বা শিলগুটি নিক্ষেপ কৰাৰ খবৰ অস্বীকাৰ কৰে দিল্লী বিজেপিৰ মুৰব্বীগৰাকীয়ে। ৰাজনীতিত এনেধৰণৰ ঘটনা গ্ৰহণযোগ্য নহয় বুলি উল্লেখ কৰি ‘জান সুনৱাই’ অব্যাহত থাকিব বুলি উল্লেখ কৰে। বৰ্তমান মুখ্যমন্ত্ৰীয়ে জিৰণি লৈছে আৰু নিৰ্ধাৰিত কাৰ্যসূচী বাতিল নকৰে বুলি স্পষ্ট কৰি দিছে বুলিও তেওঁ লগতে কয়।
প্ৰতিবেদন অনুসৰি, শিবিৰৰ কাৰ্যালয়ত নিৰাপত্তা অধিক শক্তিশালী কৰাৰ লগতে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ক এই বিষয়ে অৱগত কৰা হৈছে বুলি বিষয়াসকলে জনায়। ঘটনাস্থলীত উপস্থিত থকা এজন প্ৰত্যক্ষদৰ্শীয়ে কয়, “আমি সকলোৱে বহি আছিলো। যাৰ পাল আহিছিল সেই ব্যক্তিজনে মুখ্যমন্ত্ৰীৰ লগত বহিছিল। তেওঁ মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতি আছিল আৰু হঠাতে তেওঁ মুখ্যমন্ত্ৰীক আক্ৰমণ কৰিছিল। আমি এটা ডাঙৰ শব্দ শুনিলোঁ। আৰু লগে লগে আৰক্ষীয়ে ব্যক্তিজনক আটক কৰে।”
নিজৰ স্থানীয় অঞ্চলত নলাৰ সমস্যা সন্দৰ্ভত অভিযোগ লৈ অহা শৈলেন্দ্ৰ কুমাৰে কয় যে, “আমি শুনিছো যে কোনোবাই মুখ্যমন্ত্ৰীক চৰ মাৰিছে। এই কথা শুদ্ধ নহয়।” দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিধানসভাৰ বিৰোধী দলপতি আতিশিয়েও এই ঘটনাক গৰিহণা দি মুখ্যমন্ত্ৰী নিৰাপদে থকাৰ লগতে দোষীসকলৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে।