শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

তিহাৰৰ পৰা মুক্তিৰ পিছতে হুংকাৰ কেজৰিৱালৰঃ ক’লে, ‘শ গুণে বৃদ্ধি পালে মোৰ শক্তি’

সুদীৰ্ঘ ১৫৬ দিনৰ মূৰত সুৰা কেলেংকাৰী গোচৰত আজি কাৰাগাৰৰ পৰা মুক্তি পালে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে। মুক্তিৰ পিছতে আপ মুৰব্বীগৰাকীয়ে ১০০ গুণ অধিক সাহস আৰু শক্তিৰে আজি কাৰাগাৰৰ পৰা ওলাই আহিছে বুলি মন্তব্য কৰে।

তিহাৰৰ পৰা মুক্তিৰ পিছতে হুংকাৰ কেজৰিৱালৰঃ ক’লে, ‘শ গুণে বৃদ্ধি পালে মোৰ শক্তি’
কাৰামুক্ত হৈয়ে হুংকাৰ কেজৰিৱালৰ
monjit-dutta
Monjit Dutta | Published: 13 Sep 2024 21:06 PM

উচ্চতম ন্যায়ালয়ৰ দ্বাৰা জামিন লাভৰ পিছতে আজি তিহাৰ কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ আহিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। সুদীৰ্ঘ ১৫৬ দিনৰ মূৰত সুৰা কেলেংকাৰী গোচৰত মুক্তি পালে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ মুৰব্বীগৰাকীয়ে। কাৰাগাৰৰ পৰা ওলাই অহাৰ পিছতে হুংকাৰ দিছে অৰবিন্দ কেজৰিৱালে। আপ মুৰব্বীগৰাকীৰ দাবী, এই সময়ছোৱাত তেওঁৰ শক্তি ১০০ গুণ বৃদ্ধি পাইছে। “মই শুদ্ধ পথত আছিলো, সেয়ে ভগৱানে মোক সহায় কৰিলে। মোৰ তেজৰ প্ৰতিটো টোপাল দেশৰ বাবে।”- কাৰামুক্ত হৈয়ে এইদৰে কয় কেজৰিৱালে।

কেজৰিৱালে লগতে কয়, “লাখ লাখ মানুহে মোৰ বাবে প্ৰাৰ্থনা কৰিলে। জীৱনত বহুত সংগ্ৰাম কৰিছিলো, কিন্তু জীৱনে মোক প্ৰতিটো খোজতে সহায় কৰিছিল। ষড়যন্ত্ৰৰ ওপৰত সত্যই জয়লাভ কৰিছে।” তেওঁ লগতে ১০০ গুণ অধিক সাহস আৰু শক্তিৰে আজি কাৰাগাৰৰ পৰা ওলাই আহিছে বুলি মন্তব্য কৰে। চৰকাৰৰ কাৰাগাৰৰ কুঠৰী আৰু বেৰবোৰে তেওঁৰ সাহস স্তব্ধ কৰিব পৰা নাছিল বুলিও দৃঢ় মন্তব্য কৰে কেজৰিৱালে।

আপ মুৰব্বীগৰাকীয়ে লগতে তেওঁৰ বাবে মন্দিৰে, মছজিদে প্ৰাৰ্থনা কৰা সকলো লোককে ধন্যবাদ জনায়। মুখ্যমন্ত্ৰী কেজৰিৱালে লগতে তেওঁৰ জীৱন তথা তেজৰ প্ৰতিটো টোপাল দেশৰ প্ৰতি উৎসৰ্গিত বুলি মন্তব্য কৰে। বিজেপিক পৰোক্ষভাৱে আক্ৰমণ কৰি কেজৰিৱালে কয় যে তেওঁলোকে কেজৰিৱালক জেলত ভৰাই দিলে মনোবল ভাঙি যাব বুলি ভাবিছিল।

ৰাষ্ট্ৰ বিৰোধী শক্তিসমূহে দেশখনক ভিতৰৰ পৰা দুৰ্বল কৰাৰ কাম কৰি থকাৰ সময়ত তেওঁ গোটেই জীৱন এই শক্তিসমূহৰ বিৰুদ্ধে যুঁজি আহিছে আৰু ভৱিষ্যতেও যুঁজি যাব বুলি মন্তব্য কৰে কেজৰিৱালে। উল্লেখ্য যে ইতিপূৰ্বে সুৰা কেলেংকাৰীৰ অভিযোগত ইডিৰ গোচৰত কেজৰিৱালে জামিন লাভ কৰিছিল যদিও ইয়াৰ পিছতে একেটা অভিযোগতে চিবিআই- এ তেওঁক গ্ৰেপ্তাৰ কৰিছিল।

চিবিআইৰ এই গোচৰত উচ্চতম ন্যায়ালয়ে আজি দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক জামিন প্ৰদান কৰে। এই ৰায় ঘোষণা কৰাৰ সময়ত আদালতে কয় যে কেজৰিৱালক এইদৰে দীৰ্ঘদিন কাৰাগাৰত ৰখাটো অযুক্তিকৰভাৱে স্বাধীনতাৰ পৰা বঞ্চিত কৰাৰ সমপৰ্যায়ৰ। ইয়াৰ পিছতে ন্যায়াধীশ সূৰ্য কান্ত আৰু ন্যায়াধীশ উজ্জ্বল ভূঞাৰ বিচাৰপীঠে ১০ লাখ টকাৰ ব্যক্তিগত বণ্ডত চৰ্ত সাপেক্ষে কেজৰিৱালক জামিন মঞ্জুৰ কৰে।

আদালতে কেজৰিৱালক এই গোচৰৰ সন্দৰ্ভত কোনো ৰাজহুৱা মন্তব্য নকৰিবলৈ নিৰ্দেশ দিয়ে। জামিন লাভ কৰিলেও কেজৰিৱালে মুখ্যমন্ত্ৰী কাৰ্যালয় বা দিল্লী সচিবালয়লৈ যাব নোৱাৰিব আৰু কোনো জৰুৰী বিষয়ত যাব লগা হ’লেও লেফটেনেণ্ট গৱৰ্ণৰৰ পৰা অনুমতি ল’ব লাগিব বুলি উচ্চ ন্যায়ালয়ে চৰ্তাৱলী আৰোপ কৰিছে।