শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

উশাহত এতিয়া কেৱল বিহ! প্ৰদূষণৰ সৈতে মোকাবিলাৰ বাবে প্ৰৱৰ্তন কৰা হ’ল GRAP-4, দেখা যাব এনে নিয়ম

প্ৰদূষণৰ সৈতে মোকাবিলাৰ বাবে দিল্লীত গ্ৰেডেড একচন ৰেচপঞ্চ প্লেন (GRAP)ৰ Stage-3 কাৰ্যকৰী কৰা হৈছিল। কিন্তু কেইঘণ্টামানৰ ভিতৰতে এতিয়া GRAP Stage-4 কাৰ্যকৰী কৰা হৈছে। পিছে এই পদক্ষেপৰ আধাৰত কেনে ব্যৱস্থা লোৱা হ’ব?

উশাহত এতিয়া কেৱল বিহ! প্ৰদূষণৰ সৈতে মোকাবিলাৰ বাবে প্ৰৱৰ্তন কৰা হ’ল GRAP-4, দেখা যাব এনে নিয়ম
দিল্লীত প্ৰদূষণৰ ভয়াৱহ অৱস্থাImage Credit source: PTI
monjit-dutta
Monjit Dutta | Updated On: 14 Dec 2025 14:12 PM

দেশৰ ৰাজধানীত এতিয়া বিষাক্ত বায়ু। প্ৰতি বছৰে শীতকালত ভয়াৱহ প্ৰদূষণে আৱৰি ৰাখে দিল্লীক। পিছে এইবাৰ পৰিস্থিতি আৰু অধিক ভয়ানক। দিল্লীৰ বতাহ এতিয়া হৈ উঠিছে বিহতকৈও ভয়ংকৰ। এনে পৰিস্থিতিত দিল্লী চৰকাৰে প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে আৰু অধিক চৰম পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰদূষণৰ সৈতে মোকাবিলাৰ বাবে দিল্লীত গ্ৰেডেড একচন ৰেচপঞ্চ প্লেন (GRAP)ৰ Stage-3 কাৰ্যকৰী কৰা হৈছিল। কিন্তু কেইঘণ্টামানৰ ভিতৰতে এতিয়া GRAP Stage-4 কাৰ্যকৰী কৰা হৈছে। পিছে এই পদক্ষেপৰ আধাৰত কেনে ব্যৱস্থা লোৱা হ’ব?

দিল্লী চৰকাৰে সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়ক হাইব্ৰিড মোডত একাদশ শ্ৰেণীলৈকে পাঠদান কৰিবলৈ নিৰ্দেশ দিছে। চৰকাৰী আৰু ব্যক্তিগত কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীকো ঘৰৰ পৰাই কাম কৰিবলৈ কোৱা হৈছে। আনহাতে নিৰ্মাণৰ কাম সম্পূৰ্ণ বন্ধ কৰি দিয়া হৈছে।

শনিবাৰে দিল্লীৰ বায়ুৰ গুণাগুণ (AQI) ‘গুৰুতৰ’ৰ পৰা ‘গুৰুতৰ প্লাছ’ (severe plus) স্তৰলৈ নামে। সন্ধিয়া ৬ বজাত দিল্লীৰ বায়ুৰ মান ৪৪১ হয়। ইয়াৰ পিছত কমিছন ফৰ এয়াৰ কোৱালিটি মেনেজমেণ্টে দিল্লী আৰু ইয়াৰ কাষৰীয়া অঞ্চলত GRAP Stage-4 ৰূপায়ণ কৰে।

প্ৰদূষণৰ মাত্ৰাৰ সমান্তৰালকৈ দিল্লীত এতিয়া ৰোগৰ প্ৰয়োভৰো বৃদ্ধি পাইছে। বিশেষকৈ হাওঁফাওঁৰ সমস্যা উদ্বেগজনক হৈ পৰিছে। প্ৰায় প্ৰতিটো ঘৰতে এতিয়া দেখিবলৈ পোৱা গৈছে হাঁপানী বা প্ৰদূষণ সম্পৰ্কীয় অন্যান্য ৰোগত আক্ৰান্ত ৰোগী। মাস্ক অবিহনে বাহিৰলৈ ওলোৱা অসম্ভৱ হৈ পৰিছে।

১৯৮৬ চনৰ পৰিৱেশ (সুৰক্ষা) আইন অনুসৰি দিল্লীৰ সকলো চৰকাৰী আৰু ব্যক্তিগত কাৰ্যালয়ে ৫০ শতাংশ কৰ্মচাৰীৰে কাম কৰিব লাগিব। বাকী ৫০ শতাংশ কৰ্মচাৰীয়ে ঘৰৰ পৰাই কাম কৰিব। দিল্লীৰ বিদ্যালয়সমূহ এতিয়া হাইব্ৰিড মোডত পৰিচালি হ’ব। অৰ্থাৎ শ্ৰেণীকোঠাৰ লগতে অনলাইনতো ক্লাছ কৰা হ’ব।

নাৰ্চাৰীৰ পৰা একাদশ শ্ৰেণীলৈকে (দশম শ্ৰেণীৰ বাহিৰে) ছাত্ৰ-ছাত্ৰীসকলে হাইব্ৰিড মোডত অধ্যয়ন কৰিব। মহাবিদ্যালয় আৰু অন্যান্য শিক্ষানুষ্ঠান বন্ধ ৰখা সম্ভৱ হ’ব নেকি সেই বিষয়ে পুনৰীক্ষণ কৰিবলৈ পৰামৰ্শ দিছে চৰকাৰে। লগতে যিবোৰ বাণিজ্যিক প্ৰতিষ্ঠান অত্যাৱশ্যকীয় সেৱা নহয় সেইবোৰ বন্ধ ৰাখিবলৈও পৰামৰ্শ দিয়া হৈছে।

চতুৰ্থ পৰ্যায়ৰ নিষেধাজ্ঞাৰ অধীনত দিল্লীত ট্ৰাকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। কেৱল অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িয়াই অনা ট্ৰাকহে প্ৰৱেশ কৰিব পাৰিব দিল্লীত। অৱশ্যে CNG, LNG বা বৈদ্যুতিক বাহনৰ প্ৰৱেশত কোনো বাধা আৰোপ কৰা নাই। ইফালে যদি প্ৰদূষণ আৰু বৃদ্ধি পায় তেতিয়া বাহনৰ যুগ্ম-অযুগ্ম নম্বৰৰ নিয়ম পুনৰ প্ৰৱৰ্তন হ’ব পাৰে।