শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Delhi Blast Probe: দিল্লীৰ বিস্ফোৰণৰ আঁৰত আছিল নেকি জইছ-ই-মহম্মদ? আৰক্ষীৰ জালত মহিলা বিগ্ৰেডৰ মুৰব্বী

Delhi Blast Probe: ১৯ অক্টোবৰত জম্মু-কাশ্মীৰ আৰক্ষীয়ে কাশ্মীৰত হিংসা বিয়পোৱাৰ বাবে এটা বিশেষ গোট সক্ৰিয় হৈ থকাৰ তথ্য লাভ কৰে। ইয়াৰ পিছত তেওঁলোকে তদন্ত আৰম্ভ কৰিলে। অভিযোগ অনুসৰি সেইদিনা শ্ৰীনগৰৰ দেৱালে-দেৱালে পাকিস্তানী সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদৰ সমৰ্থনত পোষ্টাৰ ওলমোৱা হৈছিল।

Delhi Blast Probe: দিল্লীৰ বিস্ফোৰণৰ আঁৰত আছিল নেকি জইছ-ই-মহম্মদ? আৰক্ষীৰ জালত মহিলা বিগ্ৰেডৰ মুৰব্বী
দিল্লী বিস্ফোৰণৰ সৈতে সন্ত্ৰাসবাদীৰ সম্পৰ্ক!
raj-saikia
Raj Saikia | Published: 11 Nov 2025 13:27 PM

মাজত প্ৰায় এমাহৰ ব্যৱধান। মহিলা বিগ্ৰেড গঠনৰ কথা ঘোষণা কৰিছিল সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদে। কেৱল ঘোষণাতেই সীমাবদ্ধ থকা নাই জইছ। মহিলা বিগ্ৰেড গঠন কৰি ভাৰতত এই বিগ্ৰেডৰ মুৰব্বীও নিয়োগ কৰিছে সন্ত্ৰাসবাদী সংগঠনটোৱে। দিল্লীৰ বিস্ফোৰণৰ ঘটনাই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰাৰ সময়তে সেই মহিলা মুৰব্বীক চিনাক্ত কৰিছে আৰক্ষীয়ে। ইমান দিনে জম্মু-কাশ্মীৰ আৰক্ষীৰ জিম্মাত আছিল তেওঁ, কিন্তু পৰিচয় পোহৰলৈ আহিল বহু পলমকৈ।

১৯ অক্টোবৰত জম্মু-কাশ্মীৰ আৰক্ষীয়ে কাশ্মীৰত হিংসা বিয়পোৱাৰ বাবে এটা বিশেষ গোট সক্ৰিয় হৈ থকাৰ তথ্য লাভ কৰে। ইয়াৰ পিছত তেওঁলোকে তদন্ত আৰম্ভ কৰিলে। অভিযোগ অনুসৰি সেইদিনা শ্ৰীনগৰৰ দেৱালে-দেৱালে পাকিস্তানী সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদৰ সমৰ্থনত পোষ্টাৰ ওলমোৱা হৈছিল। এই অভিযোগত কাশ্মীৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চিকিৎসক আদিল আহমেদ ৰাডাৰক। আৰক্ষীয়ে জিম্মাত থকাৰ সময়তে জেৰা আৰম্ভ কৰে আদিলৰ।

আদিলৰ তথ্যৰ ভিত্তিত কাশ্মীৰ আৰক্ষীয়ে আন এজন চিকিৎসকৰ সন্ধান পায়। তেওঁৰ নাম মুজাম্মিল আহমেদ। পুলৱামাৰ বাসিন্দা মুজাম্মিলৰ ঘৰ হাৰিয়ানাৰ ফৰিদাবাদত। তাতে এখন চিকিৎসালয়ত কাম কৰি আছিল। অভিযোগ অনুসৰি আদিলে তেওঁৰ সহায়ত কাশ্মীৰৰ পৰা ৩৬০ কেজি বিস্ফোৰক আৰু অস্ত্ৰ-শস্ত্ৰ আনিছিল। মুজাম্মিল ফৰিদাবাদৰ ঘৰটোতআছিল, য’ৰ পৰা সোমবাৰে এই বিপুল পৰিমাণৰ বিস্ফোৰক বা আৰ ডি এক্স উদ্ধাৰ কৰা হৈছিল। অৱশ্যে তেওঁ অকলে নহয়, মুজাম্মিলৰ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আন এগৰাকী মহিলা চিকিৎসকক। তেওঁৰ নাম শ্বাহীন শ্বাহিদ।

এই শ্বাহীন শ্বাহিদ কিন্তু কোনো সাধাৰণ চিকিৎসক নহয়। সূত্ৰ অনুসৰি শ্বাহীন জইছ-ই-মহম্মদৰ মহিলা ব্ৰিগেড ‘জামাত-উল-মমিনাত’ৰ ভাৰতীয় শাখাৰ মুৰব্বী। উল্লেখযোগ্য যে জইছ-ই-মহম্মদৰ মহিলা ব্ৰিগেডৰ মুৰব্বী হৈছে মাছুদ আজহাৰৰ ভগ্নী। সেয়ে শ্বাহীনক সেই পৰিয়ালটোৰ লগত সম্পৰ্ক নাই বুলি কোৱা বিষয়টো আৰক্ষীয়ে নুই কৰিব নোৱাৰে।

দিল্লী বিস্ফোৰণৰ আঁৰত আছে ফৰিদাবাদৰ লিংক?

এই প্ৰশ্নই বৰ্তমান দিল্লী আৰক্ষীক চিন্তিত কৰি তুলিছে। ফৰিদাবাদৰ পৰা গ্ৰেপ্তাৰ হোৱা চিকিৎসকজনৰ সৈতে পুলৱামাৰ চিকিৎসক উমৰ নবীৰ সম্পৰ্ক আছে। সূত্ৰ অনুসৰি আৰক্ষীৰ মতে দিল্লীৰ ‘বিস্ফোৰণ হোৱা’ গাড়ীখনত উমৰ আছিল। তেওঁৰ ছবি কেইবাটাও চিচিটিভি ফুটেজতো বন্দী হৈছে। গতিকে, মুজাম্মিলক গ্ৰেপ্তাৰ কৰাৰ লগে লগে উমৰ আৰু তেওঁৰ সহযোগীসকলে আত্মঘাতী আক্ৰমণৰ পৰিকল্পনা কৰিছিল নেকি সেই প্ৰশ্নও উত্থাপন হৈছে।