মহম্মদ ইউনুছৰ ঘৃণনীয় ৰাজনীতি উদঙালে বাংলাদেশৰ প্ৰাক্তন মন্ত্ৰীয়ে!
মহিবুলে আৰু দাবী কৰে যে অন্তৱৰ্তীকালীন চৰকাৰী মুৰব্বী মহম্মদ ইউনুছে আমেৰিকা চৰকাৰৰ সৈতে হাত মিলাইছে। প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে তেওঁক ‘বিপজ্জনক’ বুলি অভিহিত কৰে। তেওঁ কয়, “বিশেষকৈ আমেৰিকাৰ কিছুমান এন জি অ’ USAIDৰ দৰে। ২০১৮ চনৰ পৰা আমাৰ চৰকাৰৰ বিৰুদ্ধে প্ৰচাৰ চলাই আহিছে।”
স্বতঃস্ফূৰ্ত আন্দোলন নাছিল যোৱা বছৰ বাংলাদেশত সংঘটিত হিংসাত্মক আন্দোলন। অতি সু-পৰিকল্পিতভাৱে শ্বেখ হাছিনা চৰকাৰক উফৰাই পেলাবলৈ জন্ম দিয়া হৈছিল এই আন্দোলনৰ। শ্বেখ হাছিনাই নিজেই বহুবাৰ দাবী কৰিছে এই কথা। এতিয়া একে কথাই কৈছে বাংলাদেশৰ এগৰাকী প্ৰাক্তন মন্ত্ৰীয়েও। এই ষড়যন্ত্ৰৰ আঁৰত কোন আছিল সেই কথাও তেওঁ প্ৰকাশ কৰে। বাংলাদেশৰ প্ৰাক্তন মন্ত্ৰী মহিবুল হাছান চৌধুৰীৰ এই সাক্ষাৎকাৰ এতিয়া ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত।
শেহতীয়াকৈ ৰাছিয়াৰ সংবাদ মাধ্যম ৰাছিয়া টুডেক এক সাক্ষাৎকাৰ দিয়ে মহিবুল হাছান চৌধুৰীয়ে। সাক্ষাৎকাৰত তেওঁ কাৰ্যতঃ বাংলাদেশৰ ছাত্ৰ আন্দোলন সন্দৰ্ভত বিস্ফোৰণ ঘটায়। তেওঁ কয় যে ২০২৪ চনত বাংলাদেশত হোৱা প্ৰতিবাদৰ আঁৰত আছিল আমেৰিকা। মাৰ্কিন চৰকাৰৰ এটা অলাভজনক সংস্থা আৰু ক্লিণ্টন পৰিয়াল আছিল এই হিংসাত্মক আন্দোলনৰ আঁৰত। তেওঁলোকে ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালী ব্যক্তি, গায়ক, মৌলবাদী আৰু কিন্নৰক বিপুল পৰিমাণৰ ধন দি আন্দোলনত ইন্ধন যোগায় আৰু হাছিনা চৰকাৰক উফৰাই পেলায়।
মহিবুলে আৰু দাবী কৰে যে অন্তৱৰ্তীকালীন চৰকাৰী মুৰব্বী মহম্মদ ইউনুছে আমেৰিকা চৰকাৰৰ সৈতে হাত মিলাইছে। প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে তেওঁক ‘বিপজ্জনক’ বুলি অভিহিত কৰে। তেওঁ কয়, “বিশেষকৈ আমেৰিকাৰ কিছুমান এন জি অ’ USAIDৰ দৰে। ২০১৮ চনৰ পৰা আমাৰ চৰকাৰৰ বিৰুদ্ধে প্ৰচাৰ চলাই আহিছে।”
মহিবুল হাছান চৌধুৰীয়ে সাক্ষাৎকাৰত কয় যে যোৱা বছৰৰ জুলাই মাহত যি আন্দোলন সংঘটিত হৈছিল, সেয়া অতি সুপৰিকল্পিত আছিল। তেওঁ দাবী কৰে, ‘ক্লিণ্টন পৰিয়াল আৰু ইউনুছ চৰকাৰৰ মাজত দীৰ্ঘদিনীয়া গোপন বুজাবুজি আছে। তেওঁলোকে বহু বছৰ ধৰি চৰকাৰ সলনি কৰিবলৈ চেষ্টা কৰিছিল। আগতে ৰাজহুৱা নাছিল যদিও এন জি অ’ৰ পুঁজিৰ কাম চলি আছিল। বাংলাদেশৰ চৰকাৰ সলনি কৰিবলৈ তেওঁলোকে হাহাকাৰ কৰিছিল।”
