Delhi Blast Update: দিল্লীৰ বিস্ফোৰণৰ ঘটনাৰ সৈতে পাকিস্তানৰ সংযোগ! ডাঃ শ্বাহিনা সন্দৰ্ভত ভয়ংকৰ তথ্য…
Delhi Blast News Updates: দিল্লীৰ বোমা বিস্ফোৰণ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে। ফৰিদাবাদৰ পৰা গ্ৰেপ্তাৰ হোৱা ডাঃ শ্বাহিনা শ্বাহিদক লৈ ডাঙৰ তথ্য পোহৰলৈ আহিছে। কোৱা হৈছে, তেওঁ জইছ-ই-মহম্মদৰ মহিলা শাখা জামাত-উল-মমিনাটৰ ভাৰতীয় কমাণ্ডাৰ আছিল।
দিল্লীৰ বোমা বিস্ফোৰণৰ ঘটনাই সমগ্ৰ দেশত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এতিয়া এই ঘটনাত নাম সাঙোৰ খাইছে পাকিস্তানৰ। কিছুদিন পূৰ্বে হাৰিয়ানাৰ ফৰিদাবাদৰ পৰা লক্ষ্ণৌলৈ চলোৱা অভিযানত আৰক্ষীয়ে বহু পৰিমাণৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰিছিল। সেই ফৰিদাবাদ মডিউলৰ সৈতে দিল্লীৰ বিস্ফোৰণৰ ঘটনা জড়িত হোৱা যেন সন্দেহ কৰিছে তদন্তকাৰী সংস্থাসমূহে। এই অভিযানত ফৰিদাবাদৰ পৰা ডাঃ মুজাম্মিল ছাকিল আৰু লক্ষ্ণৌৰ এগৰাকী মহিলা চিকিৎসক শ্বাহিনা শ্বাহিদক গ্ৰেপ্তাৰ কৰা হৈছিল।
সূত্ৰই প্ৰকাশ কৰিছে যে, ডাঃ শ্বাহিনা শ্বাহিদ কেৱল এগৰাকী সাধাৰণ চিকিৎসক নাছিল, তেওঁ আছিল জৈছ-ই-মহম্মদৰ মহিলা শাখা জামাত-উল-মমিনাটৰ কমাণ্ডাৰ। পাকিস্তানৰ পৰা পৰিচালিত এই সন্ত্ৰাসবাদী সংগঠনটোৰ মুৰব্বী হৈছে মাছুজ আজহাৰৰ ভগ্নী আৰু কান্দাহাৰ অপহৰণ গোচৰৰ মাষ্টাৰমাইণ্ড ইউছুফ আজহাৰৰ পত্নী সাদিয়া আজহাৰ। অৰ্থাৎ ফৰিদাবাদত গ্ৰেপ্তাৰ হোৱা চিকিৎসক এই সন্ত্ৰাসবাদী সংগঠনৰ সৈতে সংযোগত আছিল। অৱশ্যে দিল্লীৰ বিস্ফোৰণ এওঁলোকৰ নেটৱৰ্কৰ অংশ আছিল নে নাই সেই সন্দৰ্ভত এতিয়াও তদন্ত চলি আছে।
ফৰিদাবাদৰ সৈতে সংযোগ
সোমবাৰে সন্ধিয়া ৬.৫২ বজাত দিল্লীৰ লালকিল্লাৰ মেট্ৰ ষ্টেচনৰ ১ নং গেটৰ সমীপত চলন্ত বাহনত বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হয়। বৰ্তমান পৰ্যন্ত এই ঘটনাত ৯ জনৰ মৃত্যু আৰু কেইবাজনো আহত হোৱাৰ তথ্য আহি পৰিছে। বিস্ফোৰণ হোৱা গাড়ীখনত সন্ত্ৰাসবাদী ডাঃ মহম্মদ উমৰ থকা বুলি সন্দেহ কৰা হৈছে। আৰক্ষীৰ মতে, উমৰ ফৰিদাবাদ মডিউলৰ অংশ হ’ব পাৰে।শেহতীয়াকৈ জম্মু-কাশ্মীৰ আৰক্ষীয়ে হাৰিয়ানাৰ ফৰিদাবাদৰ পৰা লক্ষ্ণৌলৈ অভিযান চলাই ২৯০০ কিলোগ্ৰাম বিস্ফোৰক (সন্দেহযুক্ত এমোনিয়াম নাইট্ৰেট) জব্দ কৰিছিল। লগতে গ্ৰেপ্তাৰ কৰিছিল ডাঃ মুজাম্মিল শ্বাহিদ আৰু লক্ষ্ণৌৰ পৰা ডাঃ শ্বাহীনা শ্বাহিদক।
উল্লেখ্য যে, ৩০ অক্টোবৰত ফৰিদাবাদৰ ধৌজ অঞ্চলৰ পৰা গ্ৰেপ্তাৰ হৈছিল ডাঃ মুজামিল আহমেদ। যাৰ ঘৰৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰীৰ লগতে ৰাইফল, মেগজিন আদি জব্দ কৰিছিল। জেৰাৰ সময়ত তেওঁ ডাঃ শ্বাহিনা শ্বাহিদৰ নাম উল্লেখ কৰিছিল। পাছত গ্ৰেপ্তাৰ হৈছিল শ্বাহিনা। এই সমগ্ৰ দিশ সন্দৰ্ভত বৰ্তমান তদন্ত চলি আছে। গতিকে তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
অন্য খবৰ পঢ়কঃ বিস্ফোৰণ হোৱা বাহনখনত বহি আছিল উমৰ! লাহে লাহে পাৰ্কিঙৰ পৰা ওলাই আহিছিল আৰু…