নৱেম্বৰ মাহৰ শেষত প্ৰতিজন কৃষকৰ একাউণ্টত জমা হ’ব ২০০০ টকা ! এই কাম আজিয়ে কৰক
নৱেম্বৰ মাহৰ শেষলৈ কৃষকে লাভ ককৰিব ২০০০ টকা ! প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ (PM Kisan Yojana) ২১ সংখ্যক কিস্তিৰ বাবে কৃষকে অপেক্ষা কৰি থকাৰ সময়তে এই ভাল খবৰটো আহিছে।
কৃষকৰ বাবে এটা ভাল খবৰ। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ (PM Kisan Yojana) ২১ সংখ্যক কিস্তিৰ বাবে কৃষকে অপেক্ষা কৰি থকাৰ সময়তে এই ভাল খবৰটো আহিছে। চৰকাৰে ইংগিত দিছে যে, শীঘ্ৰে পৰৱৰ্তী কিস্তি মুকলি হ’ব পাৰে। ইয়াৰ দ্বাৰা কেতিয়া আৰু কোনে লাভৱান হ’ব জানোঁ আহক।
পি এম কিষাণ যোজনা কি?
প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা হৈছে, কেন্দ্ৰীয় চৰকাৰৰ এক উল্লেখযোগ্য আঁচনি যিয়ে কৃষকসকলক বছৰি ৬,০০০ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰে। এই ধনৰাশি তিনিটা সমান কিস্তিত প্ৰদান কৰা হয়। প্ৰতি চাৰি মাহৰ মূৰে মূৰে ২,০০০ টকা পোনপটীয়াকৈ কৃষকৰ বেংক একাউণ্টলৈ ট্ৰেন্সফাৰ কৰা হয়। এই আঁচনিৰ লক্ষ্য হৈছে ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকসকলক খেতিৰ খৰচেৰে সহায় কৰা।
২১ সংখ্যক কিস্তি কোনে লাভ কৰিছে?
ইতিমধ্যে চৰকাৰে একাংশ ৰাজ্যৰ কৃষকলৈ ২১ সংখ্যক কিস্তি প্ৰেৰণ কৰিছে। ছেপ্টেম্বৰৰ শেষ সপ্তাহত উত্তৰাখণ্ড, পঞ্জাৱ, আৰু হিমাচল প্ৰদেশৰ কৃষকৰ একাউণ্টলৈ ধন স্থানান্তৰ কৰা হৈছিল। এই ৰাজ্যসমূহৰ কৃষকসকলে প্ৰচণ্ড বৰষুণ, বানপানী, আৰু ভূমিস্খলনৰ ফলত যথেষ্ট লোকচানৰ সন্মুখীন হৈছিল। সেয়েহে কেন্দ্ৰীয় চৰকাৰে সকাহ হিচাপে তেওঁলোকক প্ৰথম ধন দিছিল।
বাকী থকা কৃষকসকলে কেতিয়া লাভ কৰিব তেওঁলোকৰ ধন?
দেশৰ বাকী কৃষকসকলে এতিয়াও ২১ সংখ্যক কিস্তিৰ বাবে অপেক্ষা কৰি আছে। কেইবাটাও সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, নৱেম্বৰৰ দ্বিতীয় বা তৃতীয় সপ্তাহত এই কিস্তি মুকলি কৰিব পাৰে। কোৱা হৈছে যে, বিহাৰ বিধানসভা নিৰ্বাচনৰ ফলাফল (১৪ নৱেম্বৰ) ঘোষণা হোৱাৰ পিছতহে এই প্ৰক্ৰিয়া আৰম্ভ হ’ব। শেষৰ কিস্তি ২০২৫ চনৰ ২ আগষ্টত মুকলি কৰি দিয়া হৈছিল। পৰৱৰ্তী কিস্তি গড়ে প্ৰতি চাৰি মাহৰ মূৰে মূৰে মুকলি কৰা হয়। গতিকে নৱেম্বৰৰ মাজভাগলৈ এই ধন অহাৰ সম্ভাৱনা আছে।
কিস্তি লাভ কৰিবলৈ কি লাগে?
যদি আপুনি পি এম কিষাণ যোজনাৰ হিতাধিকাৰী তেন্তে নিশ্চিত হওক যে ,আপোনাৰ সকলো নথি-পত্ৰ আপডেট কৰা হৈছে। ই-কে ৱাই চি, বেংক একাউণ্টৰ সৈতে লিংকিং কৰা আধাৰ নম্বৰ আৰু মাটিৰ পৰীক্ষণ সকলো প্ৰয়োজনীয়। যদি এই প্ৰক্ৰিয়াসমূহৰ কোনো এটা অসম্পূৰ্ণ হৈ থাকে, তেন্তে কিস্তিত পলম হ’ব পাৰে। কৃষকসকলে তেওঁলোকৰ ওচৰৰ চি এছ চি কেন্দ্ৰ বা পি এম কিছান পৰ্টেল (pmkisan.gov.in)লৈ গৈ এই আপডেটসমূহ সম্পূৰ্ণ কৰিব পাৰে।