Delhi Blast News: বিস্ফোৰণ হোৱা বাহনখনত বহি আছিল উমৰ! লাহে লাহে পাৰ্কিঙৰ পৰা ওলাই আহিছিল আৰু…
Delhi Blast News: দিল্লীৰ ভয়ংকৰ বিস্ফোৰণৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশ। এতিয়ালৈকে এই ঘটনাত ৯ জন লোকৰ মৃত্যু আৰু কেইবাজনো লোক আহত হয়। ইয়াৰ মাজতে পোহৰলৈ আহিছে অভিযুক্ত সন্ত্ৰাসবাদীৰ ফটো।
সোমবাৰ, ১০ নৱেম্বৰ। দেশবাসীৰ বাবে এক বেয়া দিন। এই দিনটোতে দিল্লীৰ লালকিল্লাৰ সমীপত বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হয়। য’ত এতিয়ালৈকে ৯ জন লোকৰ মৃত্যু আৰু প্ৰায় ২৮ জন লোক আহত হয়। ইয়াৰ মাজতে মঙলবাৰে পোহৰলৈ আহিছে এটা চিচিটিভি ফুটেজ। য’ত দেখা গৈছে যে, এখন হুণ্ডাই I20 বাহন পাৰ্কিঙৰ পৰা ওলাই আহিছে। সন্দেহ কৰা হৈছে এই বাহনখনতেই আছিল ডাঃ মহম্মদ উমৰ। এই লোকজনে ক’লা মাস্ক পৰিধান কৰি আছিল।
আৰক্ষীয়ে সন্দেহ কৰিছে যে, এই উমৰ ফৰিদাবাদ মডিউলৰ অংশ হ’ব পাৰে। উল্লেখ্য যে, যোৱা কেইটামান দিনত আৰক্ষীয়ে অভিযান চলাই হাৰিয়ানাৰ ফৰিদাবাদৰ পৰা লক্ষ্ণৌলৈ ২৯০০ কেজি বিস্ফোৰক (সন্দেহযুক্ত এমোনিয়াম নাইট্ৰেট) জব্দ কৰিছিল। তাৰ পাছতে এতিয়া এই বিস্ফোৰণৰ ঘটনা সংঘটিত হয়। এয়া আত্মঘাটী আক্ৰমণৰ ঘটনাও হ’ব পাৰে।
দিল্লী আৰক্ষী আৰু অন্য তদন্তকাৰী সংস্থাৰ তদন্তত প্ৰকাশ পাইছে যে, ডাঃ উমৰ পাৰ্কিং লটত ৰখাই থোৱা এখন i20 গাড়ীত তিনি ঘণ্টা ধৰি বহি আছিল। এই সময়চোৱাত তেওঁ এবাৰো বাহনখনৰ পৰা বাহিৰলৈ অহা নাছিল। সন্দেহ কৰা হৈছে, এই বাহনখনত বহি তেওঁ নিৰ্দেশৰ বাবে অপেক্ষা কৰি আছিল। সেই বাহনতেই পৰিকল্পনা কৰিছিল কেতিয়া, ক’ত, কি কৰিব লাগে।
তাৰ পাছতেই গাড়ীখন লাহে লাহে পাৰ্কিঙস্থলীৰ পৰা ওলাই আহিছিল আৰু চলন্ত বাহনখনতেই হৈছিল ভয়ংকৰ বিস্ফোৰণ। পাছত এখন এখনকৈ কেইবাখনো বাহন এই জুইৰ কবলত পৰিছিল। মুহূৰ্ততে সলনি হৈ গৈছিল সকলো। ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী আৰু আন তদন্তকাৰী সংস্থাসমূহ উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।
ইতিমধ্যে আৰক্ষীয়ে বিস্ফোৰণৰ ঘটনা সন্দৰ্ভত কেইবাটাও গোচৰ ৰুজু কৰিছে। নিৰাপত্তা সংস্থাসমূহেও আত্মঘাতী আক্ৰমণৰ দিশৰ পৰাও বিষয়টো তদন্ত কৰি আছে। প্ৰাৰম্ভিক তদন্তৰ অন্তত সকলো পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
অন্য খবৰ পঢ়কঃ দিল্লীৰ বায়ুত মৃতদেহ গোন্ধ! এতিয়াও অচিনাক্ত হৈ পৰি আছে বহুতৰ নিথৰ দেহ…