কন্যাদান কৰিবলৈ সাজু শ্বাহৰুখ! ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত ক’লে এইদৰে…
শ্বাহৰুখ আৰু ফাৰহাৰ বন্ধুত্ব আৰম্ভ হৈছিল ১৯৯০ দশকত, ‘কভি হা কভি না’ আৰু ‘দীৱানা’ ছবিৰ সময়ত। ইয়াৰ পিছত শ্বাহৰুখে ফাৰহাৰ পৰিচালনাত তিনিখন ছবিত অভিনয় কৰে - 'ম্য়ো হু না', 'ওম শান্তি ওম', আৰু 'হেপি নিউ ইয়েৰ'। ২০০৪ চনত ফাৰাহ আৰু শিৰীছৰ বিবাহ হয়।
বলীউডৰ কিং শ্বাহৰুখ খান। তেওঁ সদায় নিজৰ পৰিয়ালক প্ৰথম স্থান দি ভাল পায়। সময় গৈ আছে আৰু শ্বাহৰুখক কন্যা চুহানা ডাঙৰ হৈ আহিছে। এতিয়া চুহানা খানৰ বিয়াৰ বাবে সকলোতে চৰ্চা চলিছে। কিন্তু এই বিষয়ে জনাৰ পূৰ্বে আমি দুটা দশকৰ আগৰ এটা ঘটনা জানো আহক।
পৰিচালক তথা কৰিঅগ্ৰাফাৰ ফাৰহা খানে ২০০৪ চনত এডিটৰ-পৰিচালক শিৰীছ কুন্দৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়। সেই সময়ত শ্বাহৰুখ খানে নিজেই তেওঁৰ কন্যাদান কৰিছিল। শেহতীয়াকৈ ফাৰহাৰ বিয়াৰ এটা পুৰণি ভিডিঅ’ ইনষ্টাগ্ৰামত ভাইৰেল হৈছে, য’ত শ্বাহৰুখক এই বিশেষ মুহূৰ্তত অংশগ্ৰহণ কৰা দেখা গৈছে।
এটা পেজে ভিডিঅ’টো শ্বেয়াৰ কৰি লিখিছে, “যেতিয়া বন্ধুবোৰ পৰিয়াল দৰে হৈ পৰে – শ্বাহৰুখ খানে কৰে ফাৰহা খানৰ কন্যাদান।” ভিডিঅ’টোত পুৰোহিতে মন্ত্ৰ উচ্চাৰণ কৰি শ্বাহৰুখক দেখুৱাই আছে, তাৰ পিছত তেওঁ ফাৰহাক সাৱটি ধৰি গালত চুমা খায়।
ফাৰহা খানে নিজেই ভিডিঅ’টো চাই আচৰিত হৈ মন্তব্য কৰে, “অ’ মাই গড! আপুনি এইটো ক’ৰ পৰা পালে?” অনুৰাগীসকলে সেই মন্তব্যৰ তলত উত্তৰ লিখে যে, এই ক্লিপটো আচলতে ছিমি গৰেৱালৰ সৈতে হোৱা এক সাক্ষাৎকাৰৰ অংশ। কোনোবাই লিখিছে, “এই মুহূৰ্তটো সঁচাকৈয়ে আচৰিত।” আন এজনে কয়, “শ্বাহৰুখ খান ছাৰ আৰু গৌৰী মেম ফাৰহা মেমৰ পৰিয়ালৰ দৰে। সদায় ইজনে সিজনৰ বাবে থাকে।”
শ্বাহৰুখ আৰু ফাৰহাৰ বন্ধুত্ব আৰম্ভ হৈছিল ১৯৯০ চনত, ‘কভি হা কভি না’ আৰু ‘দীৱানা’ ছবিৰ সময়ত। ইয়াৰ পিছত শ্বাহৰুখে ফাৰহাৰ পৰিচালনাত তিনিখন ছবিত অভিনয় কৰে – ‘ম্য়ো হু না’, ‘ওম শান্তি ওম’, আৰু ‘হেপি নিউ ইয়েৰ’। ২০০৪ চনত ফাৰাহ আৰু শিৰীছৰ বিবাহ হয়। এতিয়া তেওঁলোকৰ তিনিটা সন্তান আছে, জাৰ আৰু দিভা আৰু আন্যা।