Delhi Blast: পোহৰলৈ আহিল জইছ-ই-মহম্মদৰ মহিলা কমাণ্ডাৰ শ্বাহীন শ্বাহিদৰ প্ৰথমখন ফটো
দিল্লী বিস্ফোৰণত ডাঃ উমৰ জড়িত আছিল বুলিও কোৱা হৈছে। ইফালে, সন্দেহযুক্ত সন্ত্ৰাসবাদী কাৰ্যকলাপৰ অভিযোগত ফৰিদাবাদত শ্বাহীন শ্বাহিদ নামৰ এগৰাকী মহিলা চিকিৎসকক গ্ৰেপ্তাৰ কৰা হয়। সম্প্ৰতি পোহৰলৈ আহিছে শ্বাহীনৰ প্ৰথমখন ফটো।
সোমবাৰে সন্ধিয়া দেশৰ ৰাজধানী দিল্লীত সংঘটিত হয় এক ভয়াৱহ বিস্ফোৰণ। লালকিল্লা মেট্ৰ’ ষ্টেচনৰ ১ নং গেটৰ সমীপত এখন বাহনত বিস্ফোৰণ সংঘটিত হয়। এই ঘটনাৰ ফলত দহজনতকৈও অধিক লোক নিহত হোৱাৰ লগতে আন বহু কেইজন লোক আহত হয়। এই বিস্ফোৰণৰ পাছতেই ৰাজধানী দিল্লীৰ লগতে আন কেবাখনো ৰাজ্যত হাই এলাৰ্ট জাৰি কৰা হয়।
দিল্লী বিস্ফোৰণৰ পূৰ্বে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাজনো চিকিৎসকক গ্ৰেপ্তাৰ কৰা হৈছিল। দিল্লী বিস্ফোৰণত ডাঃ উমৰ জড়িত আছিল বুলিও কোৱা হৈছে। ইফালে, সন্দেহযুক্ত সন্ত্ৰাসবাদী কাৰ্যকলাপৰ অভিযোগত ফৰিদাবাদত শ্বাহীন শ্বাহিদ নামৰ এগৰাকী মহিলা চিকিৎসকক গ্ৰেপ্তাৰ কৰা হয়। সম্প্ৰতি পোহৰলৈ আহিছে শ্বাহীনৰ প্ৰথমখন ফটো।
ডাঃ শ্বাহীন শ্বাহিদ জইছ-ই-মহম্মদৰ এগৰাকী মহিলা নেত্ৰী বুলি জানিব পৰা গৈছে। কিছুদিন পূৰ্বে জইছ-ই-মহম্মদৰ মুৰব্বী মাছুদ আজহাৰে “জামাত-উল-মমিনাত” নামেৰে এক মহিলা বিগ্ৰেড গঠনৰ কথা ঘোষণা কৰিছিল। সেই বিগ্ৰেডৰ নেতৃত্বত আছে মাছুদৰ ভগ্নী ছাহিদা। ইফালে প্ৰাপ্ত তথ্য মতে, ভাৰতত এই মহিলা বিগ্ৰেডৰ কমাণ্ডৰ দায়িত্ব দিয়া হৈছিল শ্বাহীন শ্বাহিদক। মনোবৈজ্ঞানিক যুদ্ধ, প্ৰচাৰ, ধন সংগ্ৰহ আদি কামত নাৰীক জড়িত কৰা হৈছে ভাৰততো।
ডাঃ শ্বাহীন শ্বাহিদ কোন?
লক্ষ্ণৌৰ বাসিন্দা ডাঃ শ্বাহীন শ্বাহিদ। ফৰিদাবাদৰ আল ফালাহ বিশ্ববিদ্যালয়ত কৰ্মৰত শ্বাহীন। মুজাম্মিলে তেওঁৰ গাড়ীত AK 47 লুকুৱাই ৰাখিবলৈ দিয়াৰ তথ্যৰ ভিত্তিত ফৰিদাবাদ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে শ্বাহীনক।
তদন্তত প্ৰকাশ পাইছে যে শ্বাহীনো এই সন্ত্ৰাসবাদী নেটৱৰ্কৰ অংশ আছিল। জইছ-ই-মহম্মদৰ মুৰব্বী মাছুদ আজহাৰৰ ভগ্নী ছাহিদা আজহাৰৰ সৈতে তেওঁৰ সম্পৰ্ক আছিল। ছাহিদাৰ নিৰ্দেশতে ভাৰতত জৈছৰ বাবে মহিলা সন্ত্ৰাসবাদী ব্ৰিগেড প্ৰস্তুত কৰি আছিল শ্বাহীনে। জৈছৰ জামাত-উল-মমিনাত সংগঠনৰ সৈতে জড়িত আছিল শ্বাহীন।
সোমবাৰে সন্ধিয়া দিল্লীত সংঘটিত হোৱা বিস্ফোৰণৰ পিছৰে পৰা সমগ্ৰ দেশৰ বহু চিকিৎসকৰ ওপৰত চকু ৰাখিছে চোৰাংচোৱাই। বৰ্তমান এই গোচৰৰ সন্দৰ্ভত কেইবাজনো চিকিৎসকক সোধা-পোছা অব্যাহত আছে। ইফালে কেইবাজনো চিকিৎসক তদন্তকাৰী সংস্থাৰ নীৰিক্ষণত আছে। বিস্ফোৰণৰ পিছৰে পৰা লক্ষ্ণৌৰ পৰা কাশ্মীৰলৈকে বিভিন্ন স্থানত অভিযান চলোৱা হৈছে।
তদন্তকাৰী সংস্থাসমূহৰ মতে এই আটাইকেইজন চিকিৎসকৰ সম্পৰ্ক আছে আৰু তেওঁলোকে হয়তো দিল্লীত বিস্ফোৰণ সংঘটিত কৰিছিল। বৰ্তমানলৈকে এই ঘটনাত ১০ জন লোকৰ মৃত্যু হৈছে। তদন্তকাৰী সংস্থাসমূহে বিষয়টো বিভিন্ন কোণৰ পৰা তদন্ত কৰি আছে।