শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Delhi Blast News: দিল্লীৰ বায়ুত মৃতদেহৰ গোন্ধ! এতিয়াও অচিনাক্ত হৈ পৰি আছে বহুতৰ নিথৰ দেহ…

Delhi Blast: আজি সমগ্ৰ দেশত চাঞ্চল্যকৰ পৰিৱেশ। সোমবাৰে সন্ধিয়া ৰাজধানী দিল্লীত সংঘটিত বিস্ফোৰণৰ ঘটনাই দেশত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে। এই ঘটনাত এতিয়ালৈকে ৯ জন লোকৰ মৃত্যু হৈছে। আহত হৈছে বহুতো।

Delhi Blast News: দিল্লীৰ বায়ুত মৃতদেহৰ গোন্ধ! এতিয়াও অচিনাক্ত হৈ পৰি আছে বহুতৰ নিথৰ দেহ…
দিল্লীৰ বিস্ফোৰণ
barasha-sarma
Barasha Sarma | Updated On: 11 Nov 2025 10:21 AM

সোমবাৰ (১০ নৱেম্বৰ)য়ে সন্ধিয়া ভয়ংকৰ বিস্ফোৰণৰ ঘটনাই জোকাৰি যায় দিল্লী। ৰাজধানীৰ লালকিল্লাৰ সমীপৰ মেট্ৰ’ ষ্টেচনৰ ১নং গেটৰ সমীপত ৰখাই খোৱা এখন গাড়ীত প্ৰথমে বিস্ফোৰণ হয়। পাছত জুইৰ কবলত পৰে আন কেইবাখনো বাহন। এই ঘটনাৰ ফলত বৰ্তমান পৰ্যন্ত ৯ জন লোকৰ মৃত্যু হৈছে, আনহাতে প্ৰায় ২৮ লোক চিকিৎসাধীন হৈ আছে। ইয়াৰে কেইজনমানৰ অৱস্থা সংকটজনক। এই ঘটনাই সমগ্ৰ দেশত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বিস্ফোৰণৰ ঘটনাৰ পাছতে দিল্লীৰ লগতে চুবুৰীয়া ৰাজ্যসমূহত সতৰ্কবাণী জাৰি কৰা হৈছে। ইফালে প্ৰকাশ কৰা হৈছে আহত আৰু নিহতসকলৰ তালিকা। এই পৰ্যন্ত ২০ জন লোকক চিনাক্ত কৰা হৈছে। মৃত্যু হোৱা ৯ জন লোকৰ ভিতৰত এজন উত্তৰ প্ৰদেশৰ অশোক কুমাৰ আৰু আনজন দিল্লীৰ অমৰ কটাৰীয়া বুলি চিনাক্ত হৈছে। ইফালে এতিয়াও চিনাক্ত হোৱা নাই বাকীসকলৰ মৃতদেহ।

তথ্য অনুসৰি, সন্ধিয়া ৬.৫২ বজাত হুণ্ডাই i20 চলন্ত বাহনখনত এই বিস্ফোৰণ হয়। বিস্ফোৰণ ইমানেই তীব্ৰ আছিল যে ওচৰ-পাজৰৰ অঞ্চল জোকাৰি যায। এই ঘটনাৰ চিচিটিভি ফুটেজ এটা পোহৰলৈ আহিছে। য’ত দেখা গৈছে যে, বাহনখন পাৰ্কিঙৰ পৰা ওলাই লাহে লাহে আহি আছিল। য’ত পাছত বিস্ফোৰণ হয়। এই বাহনখন ডাঃ মহম্মদ ওমৰ হোৱাৰ আশংকা কৰা হৈছে। তথ্য অনুসৰি, প্ৰায় ৩ ঘন্টা ধৰি পাৰ্কিঙত ৰৈ আছিল বাহনখন। সম্ভৱতঃ বাহনৰ ভিতৰতে বিস্ফোৰণৰ সকলো পৰিকল্পনা ৰচনা কৰা হৈছিল।

এই বিস্ফোৰণ সন্দৰ্ভত আৰক্ষীয়ে কয় যে উমৰ ফৰিদাবাদ মডিউলৰ অংশ হ’ব পাৰে। উল্লেখ্য যে, যোৱা কেইটামান দিনত জম্ম-কাশ্মীৰ আৰক্ষীয়ে হাৰিয়ানাৰ ফৰিদাবাদৰ পৰা লক্ষ্ণৌলৈ অভিযান চলাই ২৯০০ কেজি বিস্ফোৰক (সন্দেহযুক্ত এমোনিয়াম নাইট্ৰেট) জব্দ কৰিছিল। ইয়াৰ মাজতে এই বিস্ফোৰণৰ ঘটনা সংঘটিত হয়। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে। প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীয়ে ঘটনাৰ ওপৰত নজৰ ৰাখিছে। গতিকে পৰৱৰ্তী সময়ত আৰু সবিশেষ তথ্য পোহৰলৈ আহিব।

 

অন্য খবৰ পঢ়কঃ এটা যুগৰ অৱসান! বলীউডৰ জনপ্ৰিয় অভিনেতা ধৰ্মেন্দ্ৰ শেষ নিশ্বাস ত্যাগ…