‘বাৰ্থ ডে’ বয় ৰিয়ানৰ নামত আছে এইসমূহ অভিলেখ

10 Nov 2025

TV9 ASSAM

অসমৰ তাৰকা ক্ৰিকেটাৰ ৰিয়ান পৰাগে আজি ২৪তম জন্মদিন উদযাপন কৰিছে। জন্মদিনৰ ক্ষণত চাওঁ আহক তেওঁৰ কিছু অভিলেখ।

ৰিয়ান পৰাগ

ৰিয়ান হৈছে ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা অসম তথা উত্তৰ-পূবৰ প্ৰথমজন খেলুৱৈ। ভাৰতৰ হৈ তেওঁ ১খন এদিনীয়া আৰু ৯খন এদিনীয়া খেলিছে।

প্ৰথম খেলুৱৈ

২০২৩-২৪ বৰ্ষৰ চৈয়দ মুস্তাক আলী ট্ৰফীত একেলগে ৭টা ইনিংছত অৰ্ধশতক অৰ্জন কৰি টি-২০ত এনে কৰা প্ৰথম বেটাৰৰ অভিলেখ ৰচিছিল।

অৰ্ধশতক

চলিত বৰ্ষৰ IPLত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে একাৰাহে ৬টা ছয় কোবাই প্ৰতিযোগিতাখনত এনে কৰা প্ৰথম খেলুৱৈৰ অভিলেখ ৰচে।

৬টা ছয়

IPLৰ এটা ছিজনত দ্বিতীয় সৰ্বাধিক কেচৰ অধিকাৰী ৰিয়ান (১৭)। শীৰ্ষত থকা এবিডে ভিলিয়াৰ্ছৰ নামত আছে এটা ছিজনৰ সৰ্বাধিক কেচৰ অভিলেখ (১৯)।

কেচৰ অভিলেখ

ৰঞ্জী ট্ৰফীত দ্বিতীয় দ্ৰুততম শতকৰ অভিলেখ আছে ৰিয়ানৰ নামত (৫৬টা বল)। শীৰ্ষত আছে ঋষভ পণ্ট (৪৮টা বল)।

ৰঞ্জী অভিলেখ

IPLৰ এই সংস্কৰণত বৈভৱ সূৰ্যবংশীয়ে ৰেকৰ্ড ভংগ নকৰালৈকে ৰিয়ানৰ নামত আছিল IPLত সৰ্বকনিষ্ঠ অৰ্ধশতক অৰ্জনকাৰীৰ অভিলেখ।

IPLৰ অভিলেখ

IPLৰ ইতিহাসত চতুৰ্থ স্থানত বেটিং কৰি যিকোনো ছিজনত সৰ্বাধিক ৰানৰ অভিলেখ ৰিয়ানৰ নামত। ২০২৪ৰ সংস্কৰণত তেওঁ সংগ্ৰহ কৰিছিল ৫৭৩ ৰান।

৪ৰ্থ স্থানৰ ৰান

পঢ়িবলৈ ক্লিক কৰক 

চিৰাজৰ দৰেই DSP হ'ল এই দুগৰাকী ক্ৰিকেটাৰ